Assamese Optional Literature Previous- cum Old Question Papers for UPSC CS MAINS, 2020 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- I ( সাহিত্য ), ASSAMESE PAPER - I LITERATURE

CS MAIN EXAM, 2020

অসমীয়া 

প্ৰশ্নকাকত- I 

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ কৰাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা 


প্ৰশ্নকাকতখনত দুটা শাখাত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - I 

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 

UPSC , APSC literature paper 2020




SECTION - A

1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিবঃ                                          10*5=50 

(a) উদ্ভৱ কালৰ পৰা অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ৰূপ নিৰ্ণয় কৰা। 

(b) অসমীয়া ব্ৰজবুলি গদ্যৰ বৈশিষ্ট্য বিশ্লেষণ কৰা। 

(c) অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিকেইটাৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰত্যেকৰে প্ৰয়োগ দেখুওৱা |

(d) অসমীয়া ভাষাৰ শব্দসম্ভাৰৰ উৎস নিৰ্ণয় কৰি উদাহৰণেৰে বুজাই লিখা ৷

(e) অসমীয়া স্বাৰ্থিক প্ৰত্যয়সমূহৰ প্রয়োগ উদাহৰণেৰে স্পষ্ট কৰা।

2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) অসমীয়া ভাষাৰ প্ৰধান উপভাষা কি কি? এইবোৰৰ বৈশিষ্ট্য উদাহৰণসহ আলোচনা কৰা।      20 

(b) প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ প্ৰত্যয়সমূহৰ শ্ৰেণীবিাজন কৰি উদাহৰণসহ লিখা ৷ 15

(c) প্ৰাচীন অসমীয়া গদ্যৰ ক্ৰমবিকাশৰ ধাৰাটো বিশ্লেষণ কৰা। 15

3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) কাল আৰু বৈশিষ্ট্য অনুসৰি ভাৰতীয় আৰ্য ভাষাৰ স্তৰসমূহ বিভাজন কৰি দেখুওৱা আৰু অসমীয়া ভাষাৰ উৎস বিচাৰ কৰা। 20 

(b) কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপিৰ বৈশিষ্ট্যসমূহ প্ৰদৰ্শন কৰা। 15 

(c) মান্য ভাষা বুলিলে কি বুজা? উপভাষা এটাই কেনে পৰিবেশত মান্য ভাষাৰ ৰূপ লয়? মান্য ভাষা সৃষ্টিত  উপভাষাৰ গুৰুত্ব আলোচনা কৰা। 15

4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) অসমীয়া লিপিৰ ক্ৰমবিৱৰ্তিত ধাৰাটোৰ পৰিচয় দিয়া । 20

(b) অসমীয়া শব্দমালাত থকা আৰ্য-ভিন্ন ভাষাসমূহৰ উপাদান বিশ্লেষণ কৰা। 15 

(c) অসমীয়া ভাষাৰ ধাতুৰূপ সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা। 15


SECTION - B

 5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিবঃ  10*5=50 

(a) অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আনন্দৰাম ঢেকীয়াল ফুকনৰ অৱদান চমুকৈ বিশ্লেষণ কৰা।

(b) অসমীয়া ভাষা-সাহিত্যৰ বিকাশত জোনাকী কাকতৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

(c) চৰ্যাগীতৰ ভাষিক বৈশিষ্ট্য সম্পৰ্কে এটি টোকা লিখা । 

(d) বুমুৰাৰ লক্ষণ আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

(e) আধুনিক উপন্যাসৰ বৈশিষ্ট্যসমূহ ফঁহিয়াই দেখুওৱা । 

6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) অংকীয়া নাটৰ সৃষ্টিত অসমৰ থলুৱা উপাদানসমূহৰ ভূমিকা সম্পর্কে বিৱৰি লিখা। 20

(b) বৈষ্ণৱ ভক্তিকাব্য কেইখনমানৰ পৰিচয়মূলক টোকা লিখা | 15

(c) স্বাধীনতা-পৰৱৰ্তী অসমীয়া সামাজিক উপন্যাসৰ 'ইতিহাস সম্পৰ্কে আলোচনা কৰা। 15 

7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ 

(a) সমালোচনাৰ মূল উদ্দেশ্য আৰু স্বৰূপ বিশ্লেষণ কৰি অসমীয়া সমালোচনা সাহিত্যৰ 'ইতিহাস নিৰ্ণয় কৰা। 20 

(b) ‘অসমীয়া কবিতাত প্ৰকৃতি’--এই সম্বন্ধে এটি নিৱন্ধ যুগুত কৰা। 15 

(c) ৰামধেনু যুগৰ চুটিগল্পৰ বিষয়বস্তু আৰু আঙ্গিক বৈশিষ্ট্য বিচাৰ কৰা। 15 

৪. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰী ৰচনাসমূহৰ অন্তনিহিত উদ্দেশ্য আৰু তাৎপৰ্য বিশ্লেষণ কৰা। 20

(b) অসমীয়া কবিতাত প্ৰগতিবদী চিন্তাৰ স্বৰূপ কেনেদৰে প্ৰতিভাত হৈছে, আলোচনা কৰা। 15 

(c) অসমীয়া ঐতিহাসিক নাটকৰ বিষয়বস্তু সামৰি 'ইয়াৰ সাহিত্যিক মূল্যাংকন কৰা। 15

Post a Comment

0 Comments