Assamese Optional Literature Previous- cum Old Question Paper II for UPSC CS MAINS, 2015 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- II ( সাহিত্য ), ASSAMESE PAPER - II LITERATURE

        

CS MAIN EXAM, 2015

অসমীয়া 

প্ৰশ্নকাকত- II

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা


প্ৰশ্নকাকতখনত দুটা অংশত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো অংশৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যিধৰণে দিয়া হৈছে, সেইধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - II

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 


UPSC, APSC OPTIONAL ASSAMESE QUESTION PAPER -II






SECTION - A


1. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 10 x 5=50 

(a) ৰামচন্দ্ৰৰ বনবাস যাত্ৰাৰ কথা শুনি ভৰতে কেনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, বিৱৰি লিখা। 

(b) ‘পাৰিজাত হৰণ’ নাটকত নাৰীৰ স্বভাৱজনিত ঈৰ্ষা কেনেধৰণে প্রতিফলিত হৈছে, লিখা । 

(c) মাধৱদেৱ বিৰচিত বৰগীতসমূহৰ মাজেদি কি ৰসৰ, কেনেধৰণৰ পৰিস্ফুৰণ ঘটিছে, আলোচনা কৰা ৷

(d) “কৃষ্ণৰ বিপ্ৰিয় বাণী শুনি গোপীগণ। 

পাইলন্ত দূৰন্ত চিন্তা বিমৰ্ষ বদন ৷৷ ” [ৰাস-ক্ৰীড়া] 

শ্ৰীকৃষ্ণই গোণীসকলক কি কথা কৈছিল আৰু তাকে শুনি গোণীসকলে কেনে প্ৰতিক্ৰিয়া প্রকাশ কৰিছিল, লিখা ৷


(e) ‘কথা ভাগৱত’ৰ প্ৰথম স্কন্ধৰ বিষয়বস্তুৰ চমু আভাস দিয়া। 

2. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ 

(a) মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ৰ মাজেৰে কৃষ্ণভক্তিৰ মাহাত্ম্য কিদৰে প্ৰকাশিত হৈছে, লিখা ৷ 20 

(b) ‘ৰামায়ণ’ৰ (অযোধ্যা কাণ্ড) কাব্যিক সৌন্দৰ্যৰ বিষয়ে ফঁহিয়াই আলোচনা কৰা । 15 

(c) মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ চৰিত্ৰ সম্পর্কে এটি আলোচনা আগবঢ়োৱা ৷ 15 

3. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ 

(a) ‘গুৰু-চৰিত-কথা’ত কেঁইজন গুৰুৰ জীৱন-বৃত্তান্ত সন্নিৱিষ্ট হৈছে আৰু তাত মাধৱদেৱৰ বিষয়ে কি কি গুৰুত্বপূৰ্ণ কথা আছে, লিখা ৷ 20 

(b) ‘গুৰু-চৰিত-কথা’ৰ আঁত ধৰি শংকৰদেৱে তেওঁৰ শৰণ-নীতি সম্পৰ্কে নৰনাৰায়ণৰ সম্মুখত কি কৈছিল, চমুকৈ লিখা। 15 

(c) ‘কথা-ভাগৱত’ৰ ভাষাগত বৈশিষ্ট্যৰ আভাস দিয়া৷ 15 

4. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ 

(a) “ধৰ্মৰ ৰক্ষক হুয়া মুৰাৰি । 

ক্রীড়িলা কেনে পৰ গোপনাৰী ৷৷ 

হোৱন্ত হৰি যদি পুণ্যকাম । 

কৰিলা কেনে গৰহিত কাম।৷ '' [ৰাস-ক্ৰীড়া] 

কোনে, কি প্ৰসঙ্গত এই প্ৰশ্ন উথাপন কৰিছিল আৰু উত্তৰত কি জানিবলৈ পাইছিল, লিখা ৷ 20 

(b) ‘ৰাজসূয়’ কাব্যত মাধৱদেৱৰ কবি-প্রতিভা কেনেদৰে প্ৰস্ফুটিত হৈছে, বিৱৰি লিখা 15 

(c) ‘পাৰিজাত হৰণ’ নাটৰ কাহিনীভাগ বিশ্লেষণ কৰি নাটকীয় তাৎপৰ্য ব্যাখ্যা কৰা। 15


SECTION - B

5. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 10 x 5=50 

(a) লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীৰ পৰা শিৱসাগৰলৈ নৌকাৰে যোৱাৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ আভাস দিয়া। 


(b) “প্ৰতিমা’ চন্দ্ৰকুমাৰ আগৰৱালাৰ অনুপম ৰচনা ।’’ কথাষাৰৰ যথাৰ্থতা প্ৰমাণ কৰি এক আলোচনা যুগুত কৰা। 


(c) ‘মনোমতী’ উপন্যাসত বৰপেটাৰ দৌলোৎসৱ, বৈষ্ণৱ ৰীতি-নীতি, নামনিৰ বিয়াৰ কেনে ছবি ফুটি উঠিছে, বৰ্ণনা কৰা। 


(d) ‘পুৰণি অসমীয়া সাহিত্য’ৰ আধাৰত বৰগীতৰ সংজ্ঞা নিৰূপণ কৰি ইয়াক কিহৰ লগত ৰিজাব পাৰি, লিখা। 


(9) ‘জীৱনৰ বাটত’ উপন্যাসত শাহু-বোৱাৰীৰ চিৰন্তন বৈৰীতা কেনেভাৱে স্নেহ-বন্ধনলৈ উত্তীৰ্ণ হৈছে, বিৱৰি লিখা। 


6. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) কৃপাবৰ বৰুৱাৰ ‘কাকতৰ টোপোলা’ৰ কোনটো কাহিনীয়ে তোমাক বিশেষভাৱে আকৰ্ষিত কৰিছে, লিখা। 20 

(b) ‘গাঁওবুঢ়া’ নাটকখন এখন প্ৰহসন নে হাস্যৰসাত্মক নাটক--যুক্তি সহকাৰে প্ৰতিপন্ন কৰা। 15 

(c) ‘মনোমতী’ উপন্যাসৰ নাৰী চৰিত্ৰকেইটিৰ এক বিশ্লেষণ দাঙি ধৰা। 15

7. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

 (a) ‘মৃত্যুঞ্জয়’ উপন্যাসৰ পটভূমি বিচাৰ কৰি এক আলোচনা যুগুত কৰা। 20 


(b) ‘কাৰেঙৰ লিগিৰী’ৰ সুন্দৰ কোঁৱৰ চৰিত্ৰটিৰ মাজেদি কেনেকৈ পুৰণি ৰীতি-নীতিৰ বিৰোধী অথচ দুৰ্বল, আদৰ্শবাদী কিন্তু ভাবপ্রৱণ, আত্মকেন্দ্রিক অথচ উদাৰ মানসিকতাৰ প্ৰতিফলন ঘটিছে, বৰ্ণনা কৰা। 15

(c) ‘গাঁওবুঢ়া’ নাটকৰ ৰত্ন মৌজাদাৰ আৰু মঙলা লগুৱা চৰিত্র দুটিৰ বিষয়ে এটি টোকা লিখা। 15 


৪. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

 (a) ‘মৃত্যুঞ্জয়’ উপন্যাসত স্বাধীনতা সংগ্রামীসকলৰ ওপৰত পুলিচ আৰু চিপাহীয়ে চলোৱা উৎপীড়নৰ কেনে প্ৰতিচ্ছবি ফুটি উঠিছে, বৰ্ণনা কৰা। 20 

 (b) ‘সম্ৰাট’ কবিতাৰ আধাৰত কবি নৱকান্ত বৰুৱাৰ কবি-প্ৰতিভা বিচাৰ কৰা। 15 

 (c) ‘জীৱনৰ বাটত’ উপন্যাসখনত কেনেদৰে উপমা, অলংকাৰ আৰু খণ্ডবাক্য ঠাহ খাই আছে-দুই-এটা উদাহৰণসহ লিখা । 15

*  *  *


Post a Comment

0 Comments