Assamese Optional Literature Previous- cum Old Question Paper I for UPSC CS MAINS, 2015 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- I ( সাহিত্য ), ASSAMESE PAPER - I LITERATURE

       

CS MAIN EXAM, 2015

অসমীয়া 

প্ৰশ্নকাকত- I

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা


প্ৰশ্নকাকতখনত দুটা অংশত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো অংশৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যিধৰণে দিয়া হৈছে, সেইধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - I

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 


upsc apsc assamese optional paper - 2015





SECTION - A

1. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঃ 10 x 5=50 

(a) অসমীয়া ভাষাৰ উৎস আৰু ইয়াৰ এঁতিহাসিক ক্ৰমবিকাশ সম্পৰ্কে এটি ৰচনা যুগুত কৰা । 10 


(b) অসমীয়া গদ্য সাহিত্যৰ বিকাশত ভট্টদেৱৰ অৱদানৰ বিষয়ে আলোচনা কৰা । 


(c) অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু ইহঁতৰ উচ্চাৰণ-প্ৰণালী সম্পর্কে তথ্যসম্বলিত আলোচনা আগবঢ়োৱা । 


(d) 10 ধাতু কাক বোলে:? অসমীয়া ভাষাৰ ধাতুৰূপ -- এই শীৰ্ষক এটি প্ৰৱন্ধ সকলো দিশ সামৰি উদাহৰণসহ লিখা ৷


(e) অসমীয়া ভাষাৰ শব্দসম্ভাৰত কি কি আৰ্যভিন্ন ভাষাৰ উপাদান পৰিলক্ষিত হয় তথ্যসহকাৰে আলোচনা কৰা । 


2.(a) নিৰ্দ্দিতাবাচক প্ৰত্যয় আৰু স্বাৰ্থিক প্রত্যয়ৰ মাজত কি সম্পৰ্ক বা প্ৰভেদ আছে উদাহৰণ দি আলোচনা কৰা ৷ 20


(b)  ভাৰতীয় আর্যভাষাক কেইটা ভাগত ভাগ কৰা হয় ? এই ভাষাৰ পৰা কি কি স্তৰৰ মাজেদি আহি কি ৰূপত অসমীয়া ভাষাৰ উদ্ভৱ হল লিখা । 15


(c) 15 অসমীয়া গদ্যৰ বিকাশৰ সকলো দিশ সামৰি এটি টোকা লিখা । 15 


3.(a) অসমীয়া ভাষাৰ উপভাষা বিষয়ক এখনি ৰচনা যুগুত কৰা । 20

 

(b) অসমীয়া ভাষাত প্ৰয়োগ হোৱা বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাৰ তালিকা প্রস্তুত কৰি ইহঁতৰ প্ৰয়োগ দেখুওৱা । 15

 

(c) কামৰূপী উপভাষাৰ প্ৰধান প্ৰধান বৈশিষ্ট্যসমূহ লিখা ‘আৰু মান্য অসমীয়াৰ লগত মিল বা অমিল দেখুওৱা । 15 


4.(a) অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে এখনি ৰচনা যুগুত কৰা । 20


(b) ব্ৰাহ্মী আৰু খৰোষ্ঠী লিপি কি ? আহোম যুগৰ কাইথেলি আৰু গড়গঞা লিপিৰ লগত ইবোৰৰ কিবা সম্পৰ্ক আছে নে নাই আলোচনা কৰা । 


(c) অসমীয়া ভাষাত বিদেশী শব্দৰ প্রভাৱ সম্পৰ্কে আলোচনা কৰা আৰু এই সম্পৰ্কীয় তোমাৰ মতামত বিশ্লেষণ সহকাৰে ব্যক্ত কৰা । 15 

SECTION - B

5. তলত দিয়া পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখা । 10 x 5=50 


(a) অসমীয়া কবিতা সমালোচনাৰ গতিধাৰাৰ বিষয়ে আলোচনা দাঙি ধৰা । 10 


(b) মাধৱদেৱৰ ‘নামঘোষা’ পুথিৰ তত্ব আৰু সৌন্দৰ্য বিচাৰ কৰা । 10 


(c) আধুনিক অসমীয়া কবিতাৰ প্রধান বৈশিষ্ট্য সম্পৰ্কে আলোচনা আগবঢ়োৱা । 10 


(d) চৰ্যাগীতৰ প্ৰধান বৈশিষ্ট্য কি কি উদাহৰণসহ আলোচনা কৰা । 10 


(e) অসমীয়া আত্মজীৱনী সাহিত্যৰ চমু পৰিচয় দি বেজবৰুৱাৰ আত্মজীৱনীখনৰ আলোচনা আগবঢ়োৱা । 10 

2.(a) পাঁচালী সাহিত্য কি ? অসমীয়া পাঁচালী সাহিত্যিক দূৰ্গাবৰ কায়স্থৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা । 20


 (b) স্বৰাজোত্তৰ কালৰ অসমীয়া চুটিগল্পৰ বিষয়ে আলোচনা দাঙি ধৰা । 15 


(c) অসমীয়া ৰোমান্টিক কবিতাৰ প্রৱাহ আৰু বৈশিষ্ট্য সম্পৰ্কে ৰচনা যুগুত কৰা । 15 


3.(a) অসমীয়া বুৰঞ্জীমূলক নাটকৰ কাহিনী নিৰ্বাচন, ৰচনা ৰীতি আৰু চৰিত্রাংকণৰ বিষয়ে এটি আভাস দিয়া । 20


(b) শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটৰ ৰচনা ৰীতিৰ বিষয়ে এটি ৰচনা যুগুত কৰা । 15 


(c) উপন্যাসৰ বিষয়বস্তু আৰু ৰচনাৰীতি সম্পৰ্কে আলোচনা কৰা । 


4.(a) অসমীয়া সাহিত্যৰ বিকাশত আলোচনী আৰু সংবাদপত্ৰৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা । 20


   (b) মাধৱকন্দলিৰ জন্মস্থান আৰু কাল সম্পৰ্কে মতামত দি তেওঁৰ ঘাই সাহিত্যিক অৱদানটিৰ বিষয়ে বহলাই আলোচনা কৰা । 


(c) চমু টোকা লিখাঃ 5 x 2 =10 

(ক) ৰজনীকান্ত বৰদলৈ 


(খ) কাৰেঙৰ লিগিৰী

*  *  *


Post a Comment

0 Comments