Assamese Compulsory Paper - Civil Service Main Examination -IAS UPSC - 2016- Qualifying Papers- অসমীয়া বাধ্যতামূলক প্ৰশ্নকাকত UPSC -2016

 CS (Main Exam), 2016

অসমীয়া 

(আৱশ্যিক / বাধ্যতামূলক)


সময়ঃ ৩ ঘণ্টা                                                                                                          মুঠ নম্বৰঃ ৩০০

প্ৰশ্নোত্তৰ বহী সম্পৰ্কীয় নিৰ্দেশনা

প্ৰশ্নোত্তৰ লিখাৰ আগতে পৰামৰ্শাৱলী / নিদেশনা যত্ন সহকাৰে পঢ়ি লোৱা 



 সকলোবোৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।

 প্ৰশ্নটোৰ কাষত প্ৰশ্নটোৰ মৃল্যাংক/ প্রশ্নাংশৰ মূল্যাংক দিয়া আছে।

 বিশেষ নিৰ্দেশনা নথকা প্ৰশ্নৰ উত্তৰ অসমীয়া ভাষাত (অসমীয়া লিপিৰে) লিখিব লাগিব। 

প্রশ্নোত্তৰৰ বাবে শব্দৰ নিৰ্ধাৰিত সংখ্যা দিয়া থাকিলে তাক মানিব লাগিব আৰু নিৰ্ধাৰিত সংখ্যাতকৈ দীঘল অথবা চমু কৰিলে নম্বৰ কটা যাব পাৰে ।

 প্রশ্লোত্তৰ বহীৰ কোনোবা পৃষ্ঠা বা পৃষ্ঠাংশ খালী হৈ থাকিলে স্পষ্টকৈ কাটি দিব লাগিব ৷


ASSAMESE 

( Compulsory )

Time Allowed: Three Hours                                                                      Maximum Marks: 300


QUESTION PAPER  SPECIFIC INSTRUCTIONS

Please read each of the following instructions carefully 

before attempting questions 


All questions are to be attempted. 

The number of marks carried by a question / part is indicated against it.

Answers must be written in ASSAMESE ( Assamese Script) unless otherwise directed in the question.

Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted. 

Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off. 



upsc , apsc assamese compulsory paper mains 2016



1. তলৰ যি কোনো এটা বিষয়ত 600টা শব্দৰ ভিতৰত এখন ৰচনা লিখাঃ                 100 

(a) সংস্কৃতি কি কাৰণে গুৰুত্বপূৰ্ণ ? 
(b) প্ৰাণৱন্ত মহানগৰ (Smart cities)আক অনুৎসাহী (Unsmart) নাগৰিক
(c) ন্যায়িক সক্ৰিয়তা বনাম ন্যায়িক আগ্ৰাসন 
(d) বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এঁতিহ্যৰ প্রতি শ্ৰদ্ধাৰ বীজ অঙ্কুৰণ 

2. তলত দিয়া কথাখিনি মনযোগ সহকাৰে পঢ়া আৰু তাৰ তলত দিয়া আটাইবোৰ প্রশ্নৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষেপ উত্তৰ দিয়া:                                               12 x 5 = 60 

   প্রায়েই কোৱা হয় যে তিৰোতাই আকাশখনৰ আধা আগুৰি থাকে। আমি আৰু এখোজ আগুৱাই গৈ যুক্তিৰে প্ৰতিষ্ঠা কৰিব পাৰোঁ যে তেওঁলোকে তাতকৈ বেছি আগুৰি আছে কিন্তু বাস্তৱত সম্পূৰ্ণ ওলোটা ৷ বুৰঞ্জীৰ বিভিন্ন যুগত, বিভিন্ন দেশ আক সমাজত, বিভিন্ন ভাষা, জাতি, জনজাতি আক সম্প্ৰদায়ৰ মাজত তিৰোতাসকল প্ৰায় সকলো ক্ষেত্ৰতে পুৰুষসকলৰ তুলনাত অৱহেলিত আৰু সমান সা-সুবিধাৰ পৰা বঞ্চিত। তেওঁলোকক একো একোগৰাকী স্বয়ংসম্পূৰ্ণ, মৰ্যদাসম্পন্ন, স্ব-সিদ্ধান্ত ল’বৰ যোগ্য ব্যক্তি বুলি গণ্য কৰা নহয়। তাৰ সলনি তেওঁলোকক পুৰুষৰ আহিলা হিচাপেহে গ্ৰাহ্য কৰা হয় আৰু কেৱল যৌন সম্ভোগ, প্ৰজনন, শিশুৰ প্ৰতিপালন আৰু ঘৰৰ যাৱতীয় কাম-কাজৰ সহায়িকা হিচাপেহে গণ্য কৰা হয়। তেওঁলোক যেন মাতৃ, পত্নী আৰু কন্যা হিচাপেহে সমাজৰ লাগতিয়াল অঙ্গ। অন্যথাই তেওঁলোক অলাগতিয়াল ৷

       একাকী জীৱন-যাপন কৰা তিৰোতাবিলাক এই যান্ত্ৰিকতাৰ বাহিৰত ৷ এওঁলোকৰ ভিতৰত আছে;--বিবাহযোগ্য বয়স অতিক্ৰম হোৱাৰ পাছতো যাৰ বিয়া হোৱা নাই, যাৰ বিবাহ বিচ্ছেদ হৈছে আৰু যিসকলে দুৰ্ভাগ্যবশত স্বামীক হেৰুৱাইছে। ‘পুৰুষৰ ৰক্ষণা-বেক্ষণ আক নিৰাপত্তা’ নোহোৱা তিৰোতাৰ প্ৰতি বিশেষকৈ বিয়া নোহোৱাকৈ থকা অথবা স্বামীক হেৰুওৱা তিৰোতাৰ প্ৰতি সমাজ সদয় অথবা সহৃদয় নহয়। পুৰুষৰ ছত্ৰছায়াত নথকা বা থাকিব নোখোজা তিৰোতাসকলব প্ৰতি পুৰুষসকলৰ সকলোতকৈ বেছি বিৰক্তি ।

       উন্নয়ননীল দেশবোৰত তিৰোতাই শতকৰা ৬০ৰ পৰা ৮০ ভাগপৰ্যন্ত আৰু সমগ্ৰ বিশ্বত প্ৰায় আধা পৰিমাণৰ খাদ্য উৎপাদন কৰে। ঘৰতো তেওঁলোকেই খাদ্য প্রস্তুত আৰু পৰিবেশনৰ কাম কৰে তথাপিও ভাৰতবৰ্ষত সাংস্কৃতিক আৰু সামাজিক পৰম্পৰা ৰক্ষা কৰি তিৰোতাসকলেই শেষত খায়, কম পৰিমাণে খায়, আক কেতিয়াবা খাদ্য-সামগ্ৰী কম হোৱা কাৰণে নোখোৱাকৈও থাকে ৷ ঘৰত পৰ্যাপ্ত পৰিমাণৰ আহাৰ থাকিলেও পুষ্টিকৰ আহাৰ তিবোতা আৰু ছোৱালীৰ ভাগত নপৰে একাকী জীৱন কটোৱা তিৰোতাসকলে এই ক্ষেত্ৰত আৰু অধিক অসুবিধাৰ সনুুখীন হয়। যদিও একাকী হৈও তিৰোতাসকলে জীৱনত তেওঁলোকক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।

       ভাৰতবৰ্ষ পৃথিৱীৰ অক্পসংখ্যক দেশৰ ভিতৰত এখন, য’ত তিৰোতা আৰু ছোৱালীৰ সংখ্যা পুৰুষ আৰু ল’ৰাতকৈ কম। ভাৰতৰ জনসংখ্যাত তেওঁলোকৰ অনুপাত কমি আহিছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে তিৰোতাৰ সংখ্যা ৯৩৩৷ যদি তিৰোতা আৰু ছোৱালীক জীয়াই থকাৰ আৰু জীৱনৰ সকলো অধিকাৰ আৰু সা-সুবিধা পুৰুষৰ সমানে দিয়া হয়, তেনেহ’লে পুৰুষ আৰু তিৰোতাৰ অনুপাত প্ৰায় সমান হ’ব। যোৱা ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত তিৰোতা আৰু ছোৱালীৰ সংখ্যা গুৰুষ আৰু ল’ৰাৰ তুলনাত ৩৫ নিযুত কম। ২০১১ চনৰ লোকপিয়লত এই লিংগ অনুপাত সামান্য উন্নত হৈছে : তিৰোতাৰ অনুপাত ৯৪০ হৈছে গৈ। ইয়াৰ ভিতৰতে এটা চিন্তাৰ কাৰণ হৈ উঠিছে যে শূন্যৰ পৰা ছয় বছৰীয়া শিশুৰ মাজত ছোৱালীৰ অনুপাত ক্ৰমশঃ হ্রাস পাই আহিছে; ২০০১ চনত প্রতি হেজাৰত ছোৱালী আছিল ৯২৭ আৰু ২০১১ত সি হৈছে গৈ ৯১৪ ৷ এইটোৱে ‘ইয়াকে প্রমাণিত কৰে যে সামাজিক আৰু সাংস্কৃতিক পৰম্পৰা, ক্ৰমবৰ্ধমান তথ্য-প্রযুক্তিৰ প্রয়োগ, লিংগ-বৈষম্য, অৱহেলা আৰু হিংসাত্মক প্ৰবৃত্তিয়ে বহু নিযুত কন্যা শিশুৰ জীৱন-বন্তি অকালতে নিৰ্বাপিত কৰিছে। ভাৰতীয় সমাজে নানা উপায়ে আৰু নিয়মিতভাৱে ছোৱালী আৰু তিৰোতাক হত্যা কৰি আহিছে।

প্ৰশ্নাৱলীঃ

(a) লোকপিয়লৰ পৰিসংখ্যাই ছোৱালী আৰু তিৰোতা সম্পৰ্কে কি বার্তা বহন কৰে? 12
(b) আহাৰ আৰু তিৰোতা-সংক্ৰান্তীয় অসমানতা কি কাৰণে এটা পৰিহাস? 12 
(c) ““তিৰোতাই আকাশৰ আধাতকৈও বেছি আগুৰি আছে’’ বুলি কোৱা কথাষাৰ তৰ্কবাদৰ যোগ্য বুলি কৈ লিখকে কি বুজাৰ খুজিছে? 12 
(d) পিতৃপ্ৰধান সমাজত তিৰোতা কেনেকৈ ‘কেৱলমাত্ৰ এক প্ৰকাৰ যন্ত’ত পৰিণত হয়? 12 
(e) লিখকৰ মতে একাকী জীৱন কটো৷ৱা  তিৰে৷ত৷সকলৰ জীৱন কেনেকৈ বিপদসন্কুল হৈ পৰে? 12 

3. তলত দিয়া কথাখিনিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখা । শিৰোনাম দিয়াৰ আৱশ্যকতা নাই। সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখিব লাগিবঃ          60 

     আমাৰ সৰহভাগ লোকেই এই কথাত একমত যে অনুগত হোৱাটো প্ৰশংসনীয় । আমাৰ পৰিয়ালৰ প্ৰতি, বন্ধুৰ প্ৰতি, দেশৰ প্ৰতি এনেকি আমাৰ উপকাৰ সাধন কৰা বাক্তি আৰু সমষ্টিৰ প্ৰতি আনুগত্য থকাটো আমি অনুমোদন কৰোঁ। ‘আনুগত্য’ বুলি আমি বুজাব খুজিছোঁ-আনৰ অসুবিধা বা বিপদৰ সময়ত সহায় কৰিবলৈ থকা সষ্টমতা বা তৎপৰতা আৰু আনৰ কল্যাণৰ প্রতি সকলো সময়তে থকা এটা নিৰৱচ্ছিন্ন ৰুচি। কেতিয়া এজন মানুহক আনুগত্যহীন বুলি কোৱা হয়? যেতিয়া কোনোবাই নিজৰ মাক-বাপেকৰ প্ৰতি উদাসীন হৈ তেওঁলোকক মনোকষ্ট দিয়ে, অথবা নিজৰ সৈন্যবলৰ বিপক্ষে যুদ্ধ কৰে আৰু নিৰ্বিচাৰে দেশৰ সাধাৰণ মানুহক মাৰে তেতিয়া আমি তেনে লোকক আনুগত্যহীন বুলি কওঁ। এনে লোকক আমাৰ প্ৰায় সকলোৱেই বেয়া পাৱ ।

    কিন্তু কেতিয়াবা এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হয়, য’ত মানুহ এজন আনুগত্যহীন হয় নে নহয় বুজা দিগদাৰ হয়। কেতিয়াবা কোনো টেঙৰ ছাত্ৰই মাক-বাপেকৰ বাধা-নিষেধ আওকাণ কৰে; মাক-বাপেকে পঢ়াশুনা এৰি অৰ্থ-উপাৰ্জনত মাক-বাপেকক সহায় কৰিবলৈ ক’লেও সেই কথা নুশুনি পঢ়াশুনাত ব্ৰতী হয়। সি হয়তো ভাবে যে সি পঢ়াশুনা কৰিলেহে ভালকৈ উপাৰ্জন কৰি মাক-বাপেকৰ খণ শোধ কৰিব পাৰিব; সি যদি এতিয়াই পঢ়াশুনা বন্ধ কৰে তাৰ মেধা-শক্তি অথলে যাব আৰু সি কাৰো কামত নাহিব দূৰদৃষ্টিহীন মানুহে কেতিয়াবা এনে সিদ্ধান্ত লোৱা ল’ৰা বা ছোৱালীক দোষিব পাৰে; কিন্তু ল’ৰাটো বা ছোৱালীজনী যদি বিবেচনাশীল হয় আৰু মাক-দেউতাকৰ পৰিশ্ৰমৰ মাজে- সময়ে অংশীদাৰ হয়, তেতিয়াহ’লে তেওঁলোকে পিছলৈ সমালোচনাৰ সলনি উৎসাহহে পাব। কেতিয়াবা এনে পৰিস্থিতিও উৎপন্ন হয়, য’ত দুখীয়া মাক-বাপেকে ল’ৰা-ছোৱালীক বিদ্যালয়ত পঢ়ুৱাব নোৱাৰি সিহঁতক কাম-কাজত নিয়োজিত কৰিব খোজে, কিন্তু সিহঁতে মাক-বাপেকৰ বাধা নেওচি, কিবা সৎ বা অসৎ উপায়ে ধন ঘটি, পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পঢ়াশুনা কৰে আৰু ডাঙৰ হৈ সফলতা লাভ কৰিলেও সিহঁতৰ বাল্যকালৰ আনুগত্যহীনতাৰ বাবে অনুতাপ থাকি যায়।

    কেতিয়াবা মানুহৰ চৰকাৰৰ লগত থকা সম্পর্কটোত এটা সমস্যাৰূপে থিয় দিয়ে। কেতিয়াবা কোনো এদল মানুহে দেশখনক একনিষ্ঠভাৱে ভাল পাই, দেশৰ প্ৰগতি আৰু সুখ-শান্তিৰ হকে দিনে-ৰাতিয়ে কাম কৰি পিছত দেশৰ বিৰুদ্ধে অস্ত হাতত লৈ বিদ্ৰোহত লিপ্ত হয়। কাৰণ তেওঁলোকৰ দৃঢ় বিশ্বাস হয় যে চৰকাৰখন দেশৰ হিত বা কল্যাণসাধনৰ বাবে নহয় আৰু ইয়াক ওফৰাবলৈ সশস্ত্ৰ বিপ্লৱৰ বিকল্প নাই। চৰকাৰে তেওঁলোকক ‘বিপ্লৱী’ বা ‘বিশ্বাসঘাতক’ বুলি বিভূষিত কৰিব পাৰে; নিশ্চিতভাৱে মোৰ প্ৰথম শব্দটোৰ প্ৰয়োগ যথাৰ্থ আৰু দ্বিতীয়টো সিমান ঠিক নহ’বও পাৰে। এই বিপ্লৱীসকলে দেশবাসীৰ প্ৰতি অনুগত, দেশবাসীৰ স্বাৰ্থৰক্ষাৰ প্ৰতি তেওঁলোক ব্যাকুল ৷ কিন্তু চৰকাৰৰ দৃষ্টিত তেওঁলোক আনুগতাহীন ৷ কোনো এটা বিপ্লৱ দেশৰ প্ৰতি থকা আনুগত্যৰ দ্বাৰা অনুপ্ৰাণিত হয় নে বিপ্লৱকাৰীসকলৰ ব্যক্তিস্বৰ্থৰ দ্বাৰা প্রভাৱিত হয় সঠিককৈ কোৱা টান ৷ যদি বিপ্লৱ সফল হয় আৰু বিপ্লৱীসকলে নতুন চৰকাৰ গঠন কৰে, তেওঁলোকে জানো স্বীকাৰ কৰিব যে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলকে ধৰি দেশৰ জনতাৰ মৌলিক অধিকাৰ--যথা বক্তব্যৰ অধিকাৰ, প্রতিবাদৰ অধিকাৰ থাকিবনে? তেওঁলোকে জনসমৰ্গন লাভৰ কাৰণে প্ৰয়াস কৰিবনে? যদি প্ৰথম বিষয়টোৰ প্ৰতি তেওঁলোকৰ সঁহাৰি ইতিবাচক হয়, তেনেহ’লে জনা যাব যে তেওঁলোক নিজব দেশৰ প্ৰতি অনুগত। আৰু তেওঁলোক দলৰ সংকীৰ্ণ ব্যক্তিস্বাৰ্থ সাধনৰ বাবে আগ্ৰহী নহয়। যদি তেওঁলোক দ্বিতীয়টোৰ প্ৰতি আসক্ত হয় তেতিয়াহ’লে বুজা যাব যে তেওঁলোক দেশৰ প্ৰতি অনুগত নহয়। 

4. তলত দিয়া কথাখিনি ইংৰাজীলৈ অনুবাদ কৰাঃ 

এসময়ত এজন আমীৰ নিজৰ জাহাজত উঠি সমুদ্ৰযাত্ৰা কৰিবলৈ গৈছিল। তেতিয়া এটা ধুমুহা আহিল ৷ জাহাজখনত এটা ক্ৰীতদাস আছিল; সি কোনোকালে সমুদ্ৰযাত্ৰা কৰা নাই৷ ধুমুহাৰ গতি-প্ৰকৃতি দেখি সি ভয়তে বিনাবলৈ ধৰিলে। পিছত সি ডাঙৰ ডাঙৰকৈ কান্দিবলৈ ধৰিলে ৷ সি বহুত সময় ধৰি কান্দি থাকিল; কাৰো বুজনিয়ে তাক শান্ত কৰিব নোৱাৰিলে ৷ আমীৰব খং উঠিল। তেওঁ সুধিলে, ‘‘এই ভীকটোক শান্ত কৰিব পৰা কোনো মানুহ ইয়াত নাইনে ?”’ সেঁই জাহাজৰ এজন যাত্ৰীয়ে ক’লে, ‘হুজুৰ মই ভাবোঁ মই তাক শান্ত কৰিব পাৰিম ৷ কিন্তু হুজুৰে মোক সম্পূৰ্ণ অনুমতি দিব লাগিব; মই যেনেকৈ যি কৰিব খোজোঁ তাকে কৰিবলৈ দিব লাগিব।’’ সেই যাত্ৰীজন আচলতে এজন দাৰ্শনিক আছিল। ‘‘ঠিক আছে’’, আমীৰে ক’লে, ‘‘তোমাক অনুমতি দিয়া হ’ল।’’ দাৰ্শনিকজনে কেইজনমান নাবিকক মাতিলে আৰু এই ক্রীতদাসজনক সাগৰত পেলাই দিবলৈ ক’লে। নাবিককেইজনে তাকে কৰিলে। বিবুদ্ধিত পৰি ক্ৰীতদাসজনে মুখেৰে চিঞৰিলে আৰু হাত ভৰি জোকাৰি সাঁতুৰিবলৈ চেষ্টা কৰিলে। ক্ষন্তেক পিছতে দাৰ্শনিকজনে নাবিকসকলক ক্ৰীতদাসটোক জাহাজলৈ তুলি আনিবলৈ হুকুম দিলে ৷ নাবিকবিলাকে তাকে কৰিলে ৷ জাহাজত উঠি সি লেতুসেতৃ হৈ পৰি থাকিল ; ঘনকৈ উশাহ ল’লে কিন্তু সি সম্পূৰ্ণ নীৰৱ৷ ক্ৰীতদাসটোৰ এনে আকস্মিক পৰিৱৰ্তন দেখি আমীৰ আচৰিত হ’ল আৰু দাৰ্শনিকজনৰ পৰা এটা ব্যাখ্যা বিচাৰিলে ৷ দাৰ্শনিকজনে ক’লে, ‘‘আমি অধিক বেয়া পৰিস্থিতিৰ সন্মুখীন নোহোৱালৈকে আমি নুবুজো যে আমি বৰ্তমান অৱস্থাত কিমান সুখত আছো।”’

5. তলত লিখা কথাখিনি অসমীয়ালৈ অনুবাদ কৰাঁঃ                20

 Man has always been fascinated by dreams. He has always tried to find explanations for his dreams. Perhaps dreams tell us about the future or the past, perhaps they tell us about our deepest fears and hopes. I don't know. Today, I want to give you a completely different explanation. But before I do so, I must give you one or two facts about dreams. First of all, everybody dreams. You often hear people say, 'I never dream', when they mean, 'I can never remember my dreams.' When we dream, our eyes move rapidly in our sleep as if we were watching a moving picture, following it with our eyes. This movement is called REM, that is Rapid Eye Movement. REM sleep is the sleep that matters. Experiments have proved that if we wake people throughout the night during REM, they will feel exhausted the next day. But they won't feel tired at all if we take them at times when they are not dreaming. So the lesson is clear : it is dreaming that really refreshes us, not just sleep. We always dream more if we have had to do without sleep for any length of time. 
If that is the case, how can we explain it? I think the best parallel I can draw is with computers. After all, a computer is a very primitive sort of brain. To make a computer work, we give it a programme. When it is working, we can say it is 'awake'. If ever we want to change the programme, that is to change the information we put into the computer, what do we do? Well, we have to stop the computer and put in a new programme or change the old programme. 

6.(a) তলৰ জতুৱা খণ্ড বাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰাঃ 2 x 5 = 10

(i) চকু-চৰহা 
(ii) হাত-দাঙ 
(iii) থবকাচুতি হেৰোৱা 
(iv) ফিতাহি-মাৰ 
(v) উগুল-থুগুল 

(b) তলত দিয়া প্ৰতিটো শব্দৰ দুটাকৈ অৰ্থ লিখা । অৰ্থ স্পষ্ট কৰিবৰ কাৰণে একাধিক শব্দ ব্যৱহাৰ কৰিব পাৰিবাঃ                             2 x 5 = 10 

(i) ন 
(ii) ৰং 
(iii) গুণ 
(iv) বচন 
(v) পুৰুষ 

(c) তলত দিয়া শব্দবোৰৰ প্ৰত্যেকৰে একোটা সমাৰ্থক শব্দ লিখাঃ 1 x 10 = 10 

(i) উজু 
(ii) চমু 
(iii) আহুদি 
(iv) সাং 
(v) পৃথক 
(vi) ওফাইদাং 
(vii) ফৰকাল 
(viii) আহুকাল 
(ix) দীপলিপ 
(x) পৈ 

(d) তলত দিয়া প্রবচন দুটাৰ ভাব-সম্প্ৰসাৰণ কৰাঃ            5 x 2 = 10 

(i) যেনে কুকুৰ, তেনে টাঙোন 
(ii) আঁঠুৱা চাই ঠেং মেলা 


*  *  *






Post a Comment

0 Comments