CS (Main Exam), 2018
অসমীয়া
(আৱশ্যিক / বাধ্যতামূলক)
সময়ঃ ৩ ঘণ্টা মুঠ নম্বৰঃ ৩০০
প্ৰশ্নোত্তৰ বহী সম্পৰ্কীয় নিৰ্দেশনা
প্ৰশ্নোত্তৰ লিখাৰ আগতে পৰামৰ্শাৱলী / নিদেশনা যত্ন সহকাৰে পঢ়ি লোৱা
সকলোবোৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।
প্ৰশ্নটোৰ কাষত প্ৰশ্নটোৰ মৃল্যাংক/ প্রশ্নাংশৰ মূল্যাংক দিয়া আছে।
বিশেষ নিৰ্দেশনা নথকা প্ৰশ্নৰ উত্তৰ অসমীয়া ভাষাত (অসমীয়া লিপিৰে) লিখিব লাগিব।
প্রশ্নোত্তৰৰ বাবে শব্দৰ নিৰ্ধাৰিত সংখ্যা দিয়া থাকিলে তাক মানিব লাগিব আৰু নিৰ্ধাৰিত সংখ্যাতকৈ দীঘল অথবা চমু কৰিলে নম্বৰ কটা যাব পাৰে ।
প্রশ্লোত্তৰ বহীৰ কোনোবা পৃষ্ঠা বা পৃষ্ঠাংশ খালী হৈ থাকিলে স্পষ্টকৈ কাটি দিব লাগিব ৷
ASSAMESE
( Compulsory )
Time Allowed: Three Hours Maximum Marks: 300
QUESTION PAPER SPECIFIC INSTRUCTIONS
Please read each of the following instructions carefully
before attempting questions
All questions are to be attempted.
The number of marks carried by a question / part is indicated against it.
Answers must be written in ASSAMESE ( Assamese Script) unless otherwise directed in the question.
Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted.
Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off.
1. তলৰ যি কোনো এটা বিষয়ৰ ওপৰত 600 শব্দৰ ভিতৰ এখনি ৰচনা লিখাঃ 100
(a) গণতন্ত্ৰত ন্যায়পালিকাৰ ভূমিকা
(b ) পৰিবেশ আৰু আত্মনিৰ্ভৰশীলতা
(c) বিশ্বায়নৰ ক্ষেত্ৰত ভাষাৰ ভূমিকা
(d) ভাৰতীয় অর্থব্যৱস্থা আৰু ইয়াৰ প্রত্যাহ্বান
2. তলত দিয়া কথাখিনি ভালদৰে পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষেপ উত্তৰ দিয়াঃ 12 x 5=60
বিশ্বৰ দৃষ্টি গান্ধীজীৰ প্রতি এই কাৰণেই আকৰ্ষিত হৈছিল যে তেওঁ হিংস্ৰ শক্তিৰ পৰিৱৰ্তে ইচ্ছা-শক্তি তথা আত্মবলৰ অস্ত্ৰৰ হকে ওকালতি কৰিছিল আৰু তেওঁ অহিংসাৰ সহায় লৈ টেংক আৰু যন্ত্ৰ-চালিত বন্দুকৰ সন্মুখীন হৈছিল। তেওঁ কিয় অহিংস পন্থা অৱলম্বন কৰিছিল সেই কথা বিশেষভাৱে অনুধাৱন কৰিবলগীয়া । এয়া এই কাৰণেই নেকি যে তেওঁ হিংসাৰ জৰিয়তে ইংৰাজৰ কবলৰ পৰা ভাৰতক মুক্ত কৰিব নোৱাৰিলেহেঁতেন ? নে, তেওঁ ইয়াৰ দ্বাৰা এই বাণী প্রচাৰ কৰিব খুজিছিল যে মানুহে যেতিয়ালৈকে পাশৱিক শক্তি প্রয়োগ কৰি থাকে তেতিয়ালৈ তেওঁক মানৱ বুলিব নোৱাৰি। প্রথম কথাটোৱে সূচায় যে অহিংস পন্থা দুৰ্বল আৰু অসহায় লোকৰহে অস্ত্ৰ; অৰ্থাৎ যেতিয়া আমাৰ হাতত বৰতোপ বা বন্দুক নাথাকে তেতিয়া আমি অহিংস পন্থা অৱলম্বন কৰোঁ । দ্বিতীয় কথাটোৱে সূচায় যে অহিংস পন্থা অৱলম্বন মানৱ সভ্যতাৰ বিকাশৰ প্ৰমাণ ৷ ইয়ে মানুহক বিশুদ্ধ হোৱাত সহায় কৰে।
এই কথা সঁচা যে যেতিয়া গান্ধীজীৰ নেতৃত্বত ভাৰতীয় লোকসকলে ইংৰাজৰ বিৰুদ্ধে যুঁজ কৰিছিল তেতিয়া অধিকাংশ ভাৰতীয়ই ভাবিছিল যে ভাৰতীয়সকলৰ বিধ্বংসী অস্ত্ৰ-শস্ত্ৰৰ সহায়ত ইংৰাজৰ বিৰুদ্ধে যুঁজাৰ সুবিধা আৰু আৰ্থিক সামৰ্থ্য নাছিল কাৰণে অহিংস পন্থাকে সহজে আঁকোৱালি লৈছিল। কিন্তু গান্ধীজী এই কথাত একমত হোৱা নাছিল। অহিংস পন্থাক বাদ দি ভাৰতে স্বাধীনতা লাভ কৰাৰ তেওঁ পক্ষপাতী নাছিল।
ভাৰতৰ কাৰণে স্বাধীনতা লাভ কৰাটো এটা ডাঙৰ লক্ষ্য আছিল সঁচা; কিন্তু তাতকৈ ডাঙৰ লক্ষ্য আছিল--মানুহৰ প্রকৃতি তথা বিচাৰ-বুদ্ধিৰ পৰিৱৰ্তন সাধন কৰা, হিংসাত্মক পদ্ধতিৰে লাভ কৰিব পৰা বস্তুটো মানৱীয় মূল্যবোধৰ জৰিয়তে লাভ কৰিব পাৰি বুলি মানুহক পতিয়ন নিওৱা ৷ দেশবাসীৰ দুখ মোচন কৰাই নহয়, মানুহৰ মাজত থকা পশু-শক্তিৰ বিনাশ কৰাটোৱে আছিল তেওঁৰ প্রধান উদ্দেশ্য ৷ ঘৃণা, ক্ৰোধ আৰু প্ৰতিহিংসা--এইবোৰ কেৱল পশুৰ মাজতহে দেখা যায়। এইবোৰৰ জৰিয়তে পশুৱে প্ৰতিপক্ষক প্ৰতিহত কৰে। কিন্তু মানুহ পশুতকৈ পৃথক ৷ মানুহৰ বুদ্ধি, বিবেচনা আহে। মানুহে নিজৰ আৱেগ অনুভৃতিক নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু বুদ্ধি আৰু বিবেকৰ সহায়ত সকলো সমস্যাৰ সমাধান কৰিবৰ প্রয়াস কৰিব লাগে। পশুৰ মগজু বা বিবেচনা শক্তি নাই। এতিয়া প্রশ্ন হয়--গান্ধীজীয়ে কি কাৰণে এই সিদ্ধান্ত লৈছিল ? অহিংসাৰ ক্ৰিয়াশীলতাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কিয় কেৱল ভাৰততে হৈছিল আৰু অন্য দেশত হোৱা নাছিল? বহুতো মানুহে এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ এৰাই ফুৰিব খোজে আৰু কয় যে এয়া এটা দৈবাৎ হোৱা ঘটনা। কিন্তু এয়া সঁচা নহয়। আমেৰিকাৰ চিন্তাবিদ থোৰেউ আৰু ৰুচ মনীষী তথা সাহিত্যিক টলষ্টয়েও অহিংস আৰু আইন অমান্য আন্দোলনৰ ধাৰণা পোষণ কৰিছিল বুলি কোৱা শুনা যায় । গান্ধীজীয়েও তেওঁলোকৰ ধাৰণাৰ লগত পৰিচিত আছিল ৷ ভাৰততো, গান্ধীজীৰ পূৰ্বে, অৰবিন্দয়ো আইন অমান্য আৰু অসহযোগ আন্দোলনৰ ধাৰণা ব্যক্ত কৰিছিল। তথাপিও, সবাতকৈ গুৰুত্পূৰ্ণ প্ৰশ্নটো হ’ল-- ইয়াক কিয় ভাৰতবৰ্ষৰ ক্ষেত্ৰত পৰীক্ষণ কৰা হ’ল?
উত্তৰটো অতিশয় স্পষ্ট--মনোবল শাৰীৰিক শক্তিতকৈ যথেষ্ট ভাল ৷ এই মহান সত্যটোক পৃথিৱীৰ অন্য ঠাইৰ মানুহতকৈ ‘ভাৰতৰ মানুহে বেছি ভালকৈ বুজি পায়। যেতিয়াই এই চিন্তাহ থোৰেউ, টলষ্টয়, ইমাৰচন আৰু ৰোমান ৰোল্লাণ্ডৰ মনত ঠাই পাইছিল, ভাৰতীয় দৰ্শন ইয়াৰ অনুঘটক বা ধ্বজাবাহী হিচাপে কাম কৰিছিল ৷ ভাৰতীয় দৰ্শনৰ লগত ঘনিষ্ট পৰিচয় থকা ব্যক্তি অথবা ভাৰতীয় ধ্যান-ধাৰণাৰ সংস্পৰ্শলৈ অহা ব্যক্তিয়েহে আইন অমান্যকৰণৰ মৰ্ম ভালৰৰে উপলব্ধি কৰিব পাৰিছিল। থোৰেউ আৰু টলষ্টয- ভাৰতীয় দৰ্শনৰ লগত পৰিচিত আছিল। আৰু অৰবিন্দতো এজন ভাৰতীয়ই আছিল।
প্রশ্নাৱলীঃ
(a) বিশ্ববাসী কি কাৰণে গান্ধীজীৰ প্ৰতি আকৰ্ষিত হৈছিল ? 12
(b) কি কাৰণে গান্ধীজীয়ে অহিংসাকে ভাৰতৰ স্বাধীনতা লাভৰ কাৰণে প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল? 12
(c) লিখকৰ মতে মানুহ আৰু জন্তুৰ মাজত প্ৰভেদ কি ? 12
(d) কি কাৰণে ভাৰতবৰ্ষতহে প্ৰথমে অহিংসাৰ প্ৰয়োগ কৰা হয়? 12
(e) আইন অমান্য আন্দোলনৰ ধাৰণা কোনে প্রথমতে পোষণ কৰে ? 12
3. তলত দিয়া কথাখিনিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখা । শিৰোনাম দিয়াৰ আৱশ্যকতা নাই ৷ সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখিব লাগিবঃ 60
আগৰ কালৰ মানুহৰ তুলনাত আজিৰ আধুনিক মানুহ বুৰঞ্জী আৰু সময়ৰ আইন-কানুন সম্বন্ধে বেছি অৱগত ৷ প্ৰকৃত অর্থত তেওঁ এজন ঐতিহাসিক ‘মানুহ’ ৷ এফালৰ পৰা চালে বুৰঞ্জীৰ বোধ ‘আধুনিকতা’ৰ সমাৰ্থক ৷ মধ্যযুগৰ সংস্কৃতিত ধৰ্মক যি কেন্দ্ৰীয় মৰ্যাদা দিয়া হৈছিল সেই মৰ্যাদা আজি বুৰঞ্জীৰ ওপৰত আৰোপিত হৈছে। মানুহ আজি প্ৰকৃতিৰ কোলাত বিচৰণ নকৰে, বুৰঞ্জীৰ পৃষ্ঠভূমিতহে অৱস্থান কৰে। এতিয়া প্ৰতিটো পৰিঘটনাই আগতকৈ বেলেগ । আজি যিটো ঘটি আছে, সেইটো আগতে কেতিয়াও ঘটা নাছিল। মানুহৰ ধাৰাবাহিক ক্ৰমবিকাশৰ জ্ঞান প্রাচীন গ্ৰীকসকলৰো অজ্ঞাত ‘আছিল । ভাৰতীয় খষি-মুনিসকলৰো এই বিষয়ত জ্ঞান নাছিল। তেওঁলোকে সময়ৰ গতিক ৰৈখিক বুলি নাভাবি চক্ৰাকাৰ বুলি ভাবিছিল। আগতে পৰম্পৰাক মানৱ জীৱনৰ অঙ্গ হিচাপে গণ্য কৰা হৈছিল, আৰু "ইয়ে মানুহৰ জীৱনশৈলী প্ৰভাৱান্বিত কৰিছিল এতিয়া বুৰঞ্জীয়েহে মানুহৰ ভৱিষাৎ নিৰ্ণয় কৰে। তেওঁ পৰম্পৰাৰ কথা জানিবলৈ অতীতলৈ উভতি চাব লাগে।
এইটো কথা সঁচা যে আজিৰ যুগত বুৰঞ্জীৰ যি আধিপত্য সেইয়া আগৰ কালত কেতিয়াও দেখা নগৈছিল। এইটো কথাও সঁচা যে মানুহ সময় আৰু বুৰঞ্জীৰ প্ৰতি বীতশ্ৰদ্ধ । উনবিংশ শতিকাত বুৰঞ্জীৰ ধাৰণাটো সাৰ্বভৌম শক্তিৰ ধাৰণাৰ মাজতে সোমাই আছিল। ইয়ে স্বাধীনতা আৰু প্ৰগতিৰ বাৰ্তা বহন কৰিছিল। ভৱিষ্যতৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰিব পৰা নীতি- নিয়ম আৰু পৰম্পৰা আজিও বৰ্তমান ৷ কিন্তু বিংশ শতিকাৰ ক্ৰুবতা আৰু স্বপ্নভংগৰ প্রভাৱ ইমান ব্যাপক আৰু গভীৰ যে সেয়া ভৱিষ্যতৰ বন্ধ কুঠৰীত আৱদ্ধ হৈ থাকিব নোৱাৰে । অতি-বৈজ্ঞানিক, অতি-সংগত আৰু অতি-বস্তুবাদিতাই আজিৰ মানুহক নিজৰ ভৱিষাৎ সম্পৰ্কে ভীত, সন্ত্ৰস্থ আৰু অনিশ্চিত কৰি ৰাখিছে।
মানুহ যে ভৱিষাৎ সম্পৰ্কে একেবাৰে অজ্ঞ সেই কথা সঁচা নহয়। বুৰঞ্জীৰ জ্ঞানৰ আধাৰত আজিৰ মানুহে ভৱিষ্যতৰ গতিপথ কিছু পৰিমাণে নিৰ্ধাৰণ কৰিব পাৰিছে আৰু তাৰ ভিত্তিতে ভৱিষ্যতৰ ৰূপকল্প নিৰ্মাণ কৰাটো সম্ভৱ হৈ পৰিছে। এই ‘ভৱিষ্যত'ৰ আজিৰ যুগৰ ‘ভীতি’ বা ‘ত্ৰাস’ৰ লগত কোনো সম্বন্ধ নাই। বৰং আমি ক’ব পাৰৌ৷ যে এই ‘ঐতিহাসিক ভৱিষ্যত’টোক বৰ্তমান যুগৰ “ভীতি’ বা ‘ত্ৰাস’ৰ পৰা ৰক্ষা কৰিবৰ কাৰণেহে সৃষ্টি কৰা হৈছিল। এই ত্ৰাস ‘শ্ৰেণী-বিইীন সমাজৰ কল্পনা’ নে ‘ৰবটৰ যান্ত্ৰিক পৃথিৱী’ৰ পৰা উৎপন্ন হৈছে---সেইটো কোনো চিন্তনীয় বিষয় নহয় । আমি প্রকৃত সময়ৰ কোলাত বিচৰণ নকৰোঁ, বৰং কাল্পনিক সময়ৰ বুকুতহে আশ্ৰয় লৈ থাকো ৷ কিন্তু আচৰিত কথা এয়ে যে এই ভৱিষ্যতৰ ধাৰণাটোত মানুহৰ মৰণশীলতাক নিষিদ্ধ কৰা হৈছে; মানুহে যেন মৰণৰ ভয়তহে ভৱিষ্যতৰ কোলাত আশ্রয় লৈ আছে ।
আজিৰ মানুহ এহাতে বুবঞ্জীৰ জ্ঞানৰ দ্বাৰা সমৃদ্ধ হৈ আত্ম-বিভোৰ হৈ পৰিছে, আৰু আনহাতে, মৃত অতীত আৰু কাল্পনিক ভৱিষ্যতৰ সংঘৰ্ষত বুৰঞ্জী জীৰ্ণ-শীৰ্ণ হোৱা দেখি বিচলিত হৈ পৰিছে। পানীত পৰা মানুহে যেনেকৈ পানীৰ লগত এটা সুসম্পৰ্ক গঢ়ি তুলিব নোৱাৰে, তেনেকৈ মানুহেও বুৰঞ্জীৰ জ্ঞানলাভৰ দ্বাৰা সমৃদ্ধ আৰু উল্লসিত হৈ সময়ৰ গূড়াৰ্থ বুজিবলৈ অপাৰগ ৷ তেওঁ বুৰঞ্জীৰ দ্বাৰা প্ৰভাৱান্বিত হ’ব পাৰে, কিন্তু তেওঁ ইয়াক জীৱন আৰু মৰণৰ সাক্ষী কৰিব নোৱাৰে ৷ যি বুৰঞ্জী এই পৃথিৱীৰ মানুহৰ সাক্ষী হ’ব নোৱাৰে, সেই বুৰঞ্জীৰ মূল্য কি ? সেয়ে, আধুনিক মানুহৰ কাৰণে বুৰঞ্জীৰ জ্ঞান অন্ধবিশ্বাসৰ নামান্তৰ স্বৰূপ হৈ পৰিছে। এই অন্ধবিশ্বাসৰ মাজত মানুহে ভৱিষ্যতৰ অর্থ অনুধাৱন নকৰে, বৰং বৰ্তমানৰ পৰা পৰিত্ৰাণ বিচাৰে ।
কিন্তু আমি জানো বৰ্তমানৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ ? এই বর্তমানটোৱেই জানো এনে এক কেন্দ্ৰবিন্দু নহয়, য’ত মানুহে নিজৰ মৰণশীলতাৰ কথা জানিও, বুৰঞ্জীৰ বুকুত নিজৰ কাৰণে এখনি ঠাই কৰি ল'ব বিচাৰে ৷ এফালে তেওঁ মৰণশীল আকু আনহাতে তেওঁ বুৰঞ্জীৰ বুকুত জীৱন্ত ৷ যদিও তেওঁৰ অদৃষ্ট তেওঁৰ নিজৰ অতীতৰ ওপৰত নিৰ্ভৰশীল, ইয়ে তেওঁৰ সম্পূৰ্ণ ভৱিষ্যতক উজলাই তোলে আৰু ইয়ে, ঘটনাক্ৰমে, আন মানুহৰ অদৃষ্টকো সাঙুৰি লয়।
( 482 শব্দ )
4. তলত দিয়া কথাখিনি ইংৰাজীলৈ অনুবাদ কৰাঃ
বৰ্তমান যুগটো হৈছে তথ্য-প্ৰযুক্তিৰ যুগ। তথ্য আৰু প্ৰযুক্তিয়েই হৈছে বিজ্ঞানৰ ক্ষেত্ৰখনত অতি গুৰুত্বপূর্ণ নতুন উদ্ভাৱন, যিয়ে মানুহক আচৰিত ধৰণে চহকী কৰি তুলিছে ৷ বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ সদব্যৱহাৰ কৰি আমি একেখন ঠাইতে থাকি পৃথিৱীৰ বিভিন্ন ঠাইৰ তথ্য সংগৃহ কৰিব পাৰোঁ। এই সা-সুবিধাবোৰে পৃথিৱীৰ বিভিন্ন ঠাইৰ মাজৰ দূৰত্ব হ্ৰাস কৰিছে। এনে লাগে যে গোটেই পৃথিৱীখন সংকুচিত হৈ আহি আমাৰ হাতৰ তলুৱাত সোমাই পৰিছে। ফলত বিশ্বায়নৰ ধাৰণা আৰু সাৰ্বজনীন ভাতৃত্ববোধো এই বৈজ্ঞানিক বিকাশৰ যুগত দৃঢ় হৈ আহিছে।
আহক, সেই পুৰণি দিনবোৰলৈ উভতি চাওঁ ৷ তেতিয়া ডাক বিতৰণৰ কোনো ব্যৱস্থাই নাছিল। দূতৰ সহায়তহে তথ্য বিনিময় কৰা হৈছিল। ইয়াৰ বাবে সময় যথেষ্ট খৰচ হৈছিল। তেতিয়াৰ দিনত তথ্যৰ আদান-প্ৰদান কৰা কিমান কঠিন আছিল সেই কথা আজি উপলদ্ধি কৰা সহজ নহয় ৷ সময় সলনি হ’ল। নতুন নতুন পৰীক্ষণ আৰম্ভ হ’ল ৷ ডাক ব্যৱস্থাৰ প্রচলন হ’ল। টেলিগ্ৰাম আৰু টেলিফোন ব্যৱস্থা প্ৰৱৰ্তিত হ’ল। চিঠিৰ যোগে বাৰ্তা প্ৰেৰণৰ ব্যৱস্থা হ’ল ৷ জীৱনে গতি ‘আহৰণ কৰিলে ৷ ৰেডিঅ’ আৰু দূৰদৰ্শনকো এই দিশত আগুৱাই নিয়া হ’ল।
কম্পিউটাৰৰ উদ্ভাৱনৰ লগে লগে তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত এটা নতুন বিপ্লৱৰ সূচনা হ’ল। ইণ্টাৰনেট সেৱা "উদ্ভাৱনৰ লগে লগে সকলে| কম্পিউটাৰকে ইটোৰ লগত সিটো সংযোগ কৰি তথ্য বিনিময় খৰতকীয়া কৰি তোলা হ’ল। তথ্য বিনিময়ৰ ক্ষেত্ৰত নতুন নতুন কলা-কৌশল প্ৰৱৰ্তিত হ’ল। শেহতীয়া খা-খবৰো সহজেই পাব পৰা হ’ল। আজি উৎপাদনকাৰীয়ে উৎপাদিত সামগ্ৰীৰ বিজ্ঞাপন পৃথিৱীৰ যি কোনো ঠাইতে সহজে দিব পৰা হ’ল। পৰম্পৰাগত অস্ত্ৰ বাৱহাৰ নকৰাকৈ যুদ্ধ কৰিব পৰা হ’ল ৷
কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সুবিধা মানুহৰ ঘৰে ঘৰে উপলব্ধ হ’ল। মানুহে কম্পিউটাৰৰ সহায়ত ঘৰতে বহি, উৰা- জাহাজ, ৰেল, বাছ, এনেকি চিনেমাৰ টিকটো সহজে কৰিব পৰা হ’ল। আৰক্ষণৰ শেহতীয়া স্থিতিৰ বুজ ঘৰতে বহি ল’ব পৰা হ’ল। ৰাস্তাত থকা গাড়ীৰ স্থিতি, যান-বাহনৰ ভিৰ, ৰাস্তাৰ অৱস্থা আদিৰ কথা আগতীয়াকৈ জানিব পৰা হ’ল। ইন্টাৰনেট আৰু ভ্ৰামাভাষৰ জৰিয়তে আমি ঘৰতে থাকি যি কোনো বস্তু মগাব পাৰো | ক’বলৈ গ’লে, এয়াই যোগাযোগ আৰু তথ্য বিনিময়ৰ আটাইতকৈ কম খৰচী পদ্ধতি ৷
5. তলৰ কথাখিনি অসমীয়ালৈ অনুবাদ কৰাঃ
Democracy stands much superior to any other form of government in promoting dignity and freedom of the individual. Every individual wants to receive respect from fellow beings. Often conflicts arise among individuals because some feel that they are not treated with due respect. The passion for respect and freedom are the basis of democracy. Democracies throughout the world have recognized this, at least in principle. This has been achieved in various degrees in various democracies. For societies which have been built for long on the basis of subordination and domination, it is not a simple matter to recognize that all individuals arc equal.
Take the case of dignity of women. Most societies across the world were historically male dominated societies. Long struggles by women have created some sensitivity today that respect to and equal treatment of women are necessary ingredients of a democratic society. That does not mean that women are actually always treated with respect. But once the principle is recognized, it becomes easier for women to wage a struggle against what is now unacceptable legally and morally.
(a) তলত দিয়া জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাকা ৰচনা কৰাঃ 2 x 5 = 10
(i) বাপতি সাহোন
(ii) চুচুক্-চামাক্
(iii) খুনুক্-ঘানাক্
(iv) বু-বু বা-বা
(v) অহুকাণে পহুকাণে
(b) সন্ধি কৰাঃ 1 x 10 = 10
(i) যম + আলয়
(ii) সম + উচ্চাৰিত
(iii) নৰ + ঈশ্বৰ
(iv) সৰ্ব + উচ্চ
(v) প্ৰতি + উত্তৰ
(vi) সুৰ + অসুৰ
(vii) পূৰ্ৱ + উত্তৰ
(viii) সহ + উদৰ
(ix) সত্ৰ + অধিকাৰ
(x) ইতি + আদি
(c) তলৰ শব্দবোৰৰ প্ৰতিশব্দ দিয়াঃ 1 x 10 = 10
(i) ধিতিঙালি
(ii) দেখনিয়াৰ
(iii) ধাউতি
(iv) নিমাখিত
(v) পয়মাল
(vi) বিয়াগোম
(vii) ভেঙুচালি
(viii) নিহালী
(ix) সোৰোপা
(x) সুৱদী
(d) তলৰ প্রতিযোৰ শব্দৰে চুটি চুটি বাকা ৰচনা কৰাঃ 2 x 5 = 10
(i) আগত--আগতে
(ii) কেনে--কেনেকৈ
(iii) বেগেত-বেগেতে
(iv) সপোন--সপান
(v) বান--বাণ
0 Comments