Assamese Optional Literature Previous- cum Old Question Paper II for UPSC CS MAINS, 2019 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- II ( সাহিত্য ), ASSAMESE PAPER - II LITERATURE

  

CS MAIN EXAM, 2019

অসমীয়া 

প্ৰশ্নকাকত- II

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ কৰাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা 


প্ৰশ্নকাকতখনত দুটা শাখাত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - II 

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 







SECTION - A

1. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঃ 10 x 5=50

(a) মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ৰ ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ আৰু অভিষেকৰ আয়োজন সম্পৰ্কীয় বৰ্ণনাখিনি তোমাৰ নিজৰ ভাষাত দাঙি ধৰা। 

(b) ‘পাৰিজাত হৰণ’ নাটৰ মূল উল্লেখ কৰা আৰু নাটখনৰ কোন কোন দিশত নাট্যকাৰে মৌলিক প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে, বিচাৰ কৰা। 

(c) ''ৰাসক্ৰীড়াত বৰ্ণিত গোপীসকলৰ ভক্তিক সকলো বৈষ্ণৱেই আদৰ্শ ভক্তি বুলি জ্ঞান কৰিছে।'' কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা। 

(d) মাধৱদেৱৰ বৰগীতৰ মাজেৰে শিশুকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব ক’ত, কেনেদৰে ফুটি উঠিছে, বিচাৰ কৰা। 

(e) ‘গুৰুচৰিত-কথা’ৰ আধাৰত শংকৰদেৱৰ বাল্যকাল সম্বন্ধে এটি আলোচনা আগবঢ়োৱা ৷

 2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ 

(a) “মাধৱদেৱৰ বাৎসল্য আৰু দাস্যভাবপ্ৰধান অন্যান্য ৰচনাসমূহৰ তুলনাত ‘ৰাজসূয়’ কাব্যত প্ৰায় সকলো ৰসৰ সমাহাৰ ঘটিছে।’’ মন্তব্যটিৰ আধাৰত ‘ৰাজসূয়’ কাব্যৰ ৰসসৌন্দৰ্যৰ বিষয়ে এটি নিবন্ধ যুগুত কৰা। 20

(b) বৈকুণ্ঠনাথ ভট্টাচাৰ্য্যৰ গদ্যৰীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? কোনো কোনোৱে ভট্টদেৱৰ গদাৰীতি কৃত্ৰিম বুলি ক’ব খোজে। এই সন্দৰ্ভত তোমাৰ মতামত কি, উদাহৰণসহ বুজাই লিখা । 15

 (c) ‘পাৰিজাত হৰণ’ নাটৰ নাৰদ আৰু সত্যভমা চৰিত্র দুটাৰ বিষয়ে এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা ৷ 15

3. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) ‘‘‘অযোধ্যাকাণ্ড’ মাধৱ কন্দলিৰ কাব্যিক প্রতিভাৰ উজ্জ্বল নিদৰ্শন ৷’’ এই উক্তিৰ সাৰ্থকতা প্রতিপন্ন কৰি এটি "আলোচনা আগবঢ়োৱা। 20

(b) '' গুৰুচৰিত-কথা’ৰ গদ্য মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন ৷’’ কথাষাৰ ব্যাখ্যা কৰি এটি নিবন্ধ যুগুত কৰা। 15

(c) মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ কৃষ্ণ চৰিত্ৰত কেনেদৰে পৰমপুৰুষত্ব আৰোপিত হৈছে, বিশ্লেষণ কৰি দেখুওৱা ৷ 15

4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ 

(a) ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্রীড়া’ অধ্যায়ৰ জৰিয়তে শংকৰদেৱৰ কাব্য-প্রতিভা বিচাৰ কৰা। 20

(b) ‘মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য কৃষ্ণৰ বাল্যজীৱনৰ ছবি অংকন ।’’ মন্তব্যটি উদাহৰণসহ বিচাৰ কৰা। 15

(c) বৈকুণ্ঠনাথ ভট্টাচাৰ্য্যৰ ‘কথাভাগৱত’ৰ অনুবাদৰীতি সম্পৰ্কে তোমাৰ পাঠ্যক্ৰমৰ আধাৰত এটি আলোচনা আগবঢ়োৱা । 15




SECTION - B

5.  তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঃ 10 x 5 = 50

(a) বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’ত লক্ষীমপুৰৰ স্মৃতি বৰ্ণনা কৰোঁতে সিদ্ধেশ্বৰ সোণাৰি আৰু 

      দুৰ্গেশ্বৰ শৰ্মাৰ বিষয়ে উল্লেখ কৰা কথাখিনিৰ আভাস দিয়া ।


(b) ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসত থকা ঐতিহাসিক চৰিত্ৰকেইটাৰ বিষয়ে আলোচনা কৰা ৷


(c) ‘জীৱনৰ বাটত’ উপন্যাসৰ তগৰ চৰিত্ৰটিৰ বিষয়ে এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা ।


(d) ৰোমাণ্টিক কবিতাৰ পটভূমিত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বিষয়ে এটি নিবন্ধ যুগুত কৰা।


(e) ‘পদ্মনাথ গোহাঞি বৰুৱাৰ ‘গাঁওবুঢ়া’ নাটখনত প্ৰহসনৰ লক্ষণ দুই এটা আছে যদিও বেছি ভাগ লক্ষণ লঘু কমেদিৰ লগতহে মিলে ৷” ‘গাঁওবুঢ়া’ নাটকৰ আধাৰত মন্তব্যটি বিচাৰ কৰা।


6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) ‘‘কাৰেঙৰ লিগিৰী’ অসমীয়া নাট-কাৰেঙৰ লেখৰ লিগিৰী মাথোন নহয়, সেই কাৰেঙৰ সবাতো ধুনীয়া কুঁৱৰী, যাৰ সমুখত নাটঘৰৰ সকলো তীৰ্থযাত্ৰীয়ে আঁঠু লয়।’’ কথাষাৰৰ আধাৰত কাৰেঙৰ লিগিৰীৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা ৷ 20

(b) বেজবৰুৱাৰ ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ গ্ৰন্থখনক হাস্য-বাঙ্গ সাহিত্য হিচাপে বিচাৰ কৰি এটি নিবন্ধ যুগুত কৰা। 15

(c) ‘সম্ৰাট’ কবিতাটিৰ আধাৰত নৱকান্ত বৰুৱাৰ কাব্য-বৈশিষ্ট্য সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা | 15


7. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) পৰম্পৰাগত উপন্যাস (Traditional Novel) হিচাপে ‘জীৱনৰ বাটত’ উপন্যাসৰ এটি পৰ্যালোচনা দাঙি ধৰা । 20


(b) বীৰেম্দেকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ মাজেৰে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সাধনা আৰু সংঘাতৰ ছবিখন কেনেদৰে প্ৰতিফলিত হৈছে, বিচাৰ কৰা। 15

(c) ‘“‘আমাৰ বধকাব্যবোৰক আদৰ্শাত্মক হিচাপে ৰোমাঞ্চ কাব্যৰ লগত আৰু পৌৰাণিক হিচাপে গ্রীক-পৌৰাণিক বীৰসকলৰ কাহিনীৰ লগত তুল্যভাৱে ৰিজাব পাৰি।’’ উক্ত মন্তব্যটি বাণীকান্ত কাকতিৰ ‘বধকাব্য’ প্রবন্ধৰ আলমত বিচাৰ কৰা। 15

8. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’ত তেজপুৰৰ কি চাৰিটা কথা মনত থকা বুলি উল্লেখ কৰিছে দাঙি ধৰা আৰু তেওঁলোকে ভাত খাওঁতে মজিয়াত অনুষ্ঠিত সভাখনৰ বৰ্ণনা দিয়া। 20 

(b) ‘গাঁওবুঢ়া’ নাটকৰ আধাৰত সেই সময়ৰ অসমত প্ৰচলিত প্ৰশাসনীয় ব্যৱস্থাত গাঁওবুঢ়াৰ ভূমিকা আৰু তেওঁৰ আৰ্থ-সামাজিক নিৰাপত্তা সম্পৰ্কত নাটখনত উন্মোচিত হোৱা দুৰ্ভাগ্যজনক দিশ সম্পৰ্কে আলোচনা কৰা। 15 

(c) ‘পুৰণি অসমীয়া সাহিত্য’ গ্ৰন্থখনৰ আধাৰত বাণীকান্ত কাকতিৰ সমালোচনাৰীতি সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা । 15
*  *  *

Post a Comment

0 Comments