Assamese Compulsory Paper - Civil Service Main Examination -IAS UPSC - 2017- Qualifying Papers- অসমীয়া বাধ্যতামূলক প্ৰশ্নকাকত UPSC -2017

 CS (Main Exam), 2017

অসমীয়া 

(আৱশ্যিক / বাধ্যতামূলক)


সময়ঃ ৩ ঘণ্টা                                                                                                          মুঠ নম্বৰঃ ৩০০

প্ৰশ্নোত্তৰ বহী সম্পৰ্কীয় নিৰ্দেশনা

প্ৰশ্নোত্তৰ লিখাৰ আগতে পৰামৰ্শাৱলী / নিদেশনা যত্ন সহকাৰে পঢ়ি লোৱা 



 সকলোবোৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।

 প্ৰশ্নটোৰ কাষত প্ৰশ্নটোৰ মৃল্যাংক/ প্রশ্নাংশৰ মূল্যাংক দিয়া আছে।

 বিশেষ নিৰ্দেশনা নথকা প্ৰশ্নৰ উত্তৰ অসমীয়া ভাষাত (অসমীয়া লিপিৰে) লিখিব লাগিব। 

প্রশ্নোত্তৰৰ বাবে শব্দৰ নিৰ্ধাৰিত সংখ্যা দিয়া থাকিলে তাক মানিব লাগিব আৰু নিৰ্ধাৰিত সংখ্যাতকৈ দীঘল অথবা চমু কৰিলে নম্বৰ কটা যাব পাৰে ।

 প্রশ্লোত্তৰ বহীৰ কোনোবা পৃষ্ঠা বা পৃষ্ঠাংশ খালী হৈ থাকিলে স্পষ্টকৈ কাটি দিব লাগিব ৷


ASSAMESE 

( Compulsory )

Time Allowed: Three Hours                                                                      Maximum Marks: 300


QUESTION PAPER  SPECIFIC INSTRUCTIONS

Please read each of the following instructions carefully 

before attempting questions 


All questions are to be attempted. 

The number of marks carried by a question / part is indicated against it.

Answers must be written in ASSAMESE ( Assamese Script) unless otherwise directed in the question.

Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted. 

Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off. 


upsc , apsc assamese compulsory paper mains 2017


(1) তলৰ যিকোনো এটী বিষয় সম্পৰ্কে 600 শব্দৰ ভিতৰত এখনি ৰচনা লিখা ।                              100

 (a) প্ৰযুক্তিবিদ্যাৰ মাত্ৰাধিক প্ৰয়োগৰ বাবে হোৱা বিপদ

 (b) গণতন্ত্ৰৰ শক্তি হ’ল ধৰ্মনিৰপেক্ষতা 

(c) ভাৰতীয় অৰ্থনীতিত বিমুদ্ৰাকৰণৰ দীৰ্ঘকালীন লাভ 

(d) আয়ুৰ্বেদ পদ্ধতিৰ প্ৰতি পাশ্চাত্য দেশৰ আকৰ্ষণ '

Q.2 তলত দিয়া কথাখিনি মনোযোগেৰে পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্রবোৰৰ স্পষ্ট, শুদ্ধ  আৰু সংক্ষেপে উত্তৰ দিয়া ।                                                                                                             12 x 5 = 60

       গ্ৰন্থই হ’ল সৰ্বশ্ৰেষ্ট মাসসিক আহাৰ । এগৰাকী চিন্তাশীল ব্যক্তিয়ে মন্তব্য দিছে যে মানৱ জাতিয়ে যি ভাবে, কৰে অথবা পায়, সেই সকলোখিনিয়ে গ্ৰন্থৰ মাজত সংৰক্ষিত হৈ থাকে । মানৱ সভ্যতা আৰু সংস্কৃতিৰ উন্নতি আৰু বিকাশৰ বাবে সম্পূৰ্ণ কৃতিত্ব গ্ৰন্থই লাভ কৰে গ্ৰন্থৰ মহত্ব আৰু মূল্য অপৰিসীম । গ্ৰন্থই মানুহৰ অন্তৰ্জগত আলোকিত কৰে । ভাল গ্ৰন্থই মানুহক পশুত্বৰ পৰা দেৱত্ৰলৈ উন্নীত কৰে, তেওঁলোকৰ সাত্ত্বিক আদৰ্শ জাগ্ৰত কৰি তেওঁলোককপথল্ৰষ্ট হোৱাৰ পৰা ৰক্ষা কৰে আৰু মানুহ, সমাজ, আৰু জাতিক মাৰ্গদৰ্শন কৰায় । গ্ৰন্থই আমাক উৎসাহ প্ৰদান কৰে আৰু আমাৰ মন আৰু মস্তিষ্ক ওপৰত স্থায়ী প্ৰভাৱ পেলায় ৷ 

       গ্ৰন্থই মনোৰঞ্জনৰ ক্ষেত্ৰত মানুহৰ প্ৰতি সেৱা আগবঢ়ায় । এই মনোৰঞ্জনৰ তাৎপৰ্য কেৱল লাহ-বিলাহ নহয়, ই সুগভীৰ অৰ্থবাচক । যিবোৰ গ্ৰন্থই পাঠকৰ মন গভীৰভাবে স্পৰ্শ কৰে আৰু অন্তৰ মুগ্ধ কৰে, প্ৰকৃত অৰ্থত সেইবোৰেই মনোৰঞ্জক গ্ৰন্থ | যিবোৰ গ্ৰন্থই পাঠকৰ মন নিমগ্ন কৰি ৰাখিব পাৰে, সেইবোৰ গ্ৰন্থই আনন্দদায়ক হয় । অৱশ্যে লঘুধৰণৰ সাহিত্যও কম গুৰুত্বপূৰ্ণ নহয় । এনেধৰণৰ সাহিত্যই মানুহৰ মানসিক চাপ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকৰ বিষন্নতা নিৰাময় কৰে । 

       ভাল গ্ৰন্থই মানুহক জ্ঞান আৰু মনোৰঞ্জন প্ৰদান কৰে ৷ বিজ্ঞান, বানিজ্য, কলা আৰু আইনৰ গ্ৰন্থই মানুহৰ জ্ঞানৰ শ্ৰীবৃদ্ধি সাধন কৰে । সেইবোৰ গ্ৰন্থ পঢ়ি মানুহে আভ্যন্তৰীণ শক্তি অনুভৱ কৰে । প্ৰকৃত সত্যটো হ’ল গ্ৰন্থই হ’ল আমাৰ সঠিক পথনিৰ্দেশক | এইবোৰে আমাক নতুন নতুন ক্ষেত্ৰ আৰু ৰহস্যৰ সন্ধান দিয়াই নহয়, চিন্তন আৰু মননৰো বাট মুকলি কৰে । গ্ৰন্থই আমাক দ্বন্দ বা সংকট বিশ্লেষণ কৰি শক্তিশালী হ’বলৈ সহায় কৰে । গান্ধীজীয়ে ‘গীতা’ শাস্সক ‘মাতা’ বুলি অভিহিত কৰিছিল, কিয়নো কঠিন সময়ত এই শাস্ত্ৰখনে তেওঁক পথ প্ৰদৰ্শন কৰিছিল গ্ৰন্থই হ’ল  এনেকুৱা মাৰ্গদৰ্শক, যিয়ে শাস্তি নিদিয়ে, ক্ৰোধান্বিত নকৰে, আনকি কোনো প্ৰতিদান নিবিচাৰে, কিন্তুএকে সময়তে অমৰত্বৰ মধুৰ অনুভৱো নিদিয়াকৈ নাথাকে ।

     গ্ৰন্থই মানুহক সুখ আৰু শান্তি প্ৰদান কৰে গ্ৰন্থপ্ৰেমী সকলোতকৈ অধিক সুখী হয় । তেওঁ জীৱনত কেতিয়াও শূন্যতা অনুভৱ নকৰে । পাঠকে গ্ৰন্থৰ ওপৰতেই সম্পূৰ্ণ ভৰসা কৰিব পাৰে ।

    আদৰ্শৰ যুঁজত গ্ৰন্থই হ’ল একমাত্ৰ অন্ন । গ্ৰন্থই বহন কৰা ধাৰণা আৰু বিচাৰেই সম্পূৰ্ণ সমাজ এখনলৈ ৰূপান্তৰ আনিবলৈ সমৰ্থ হয় । আজিৰ পৃথিৱীখনেই হ’ল বিচাৰ-বিবেচনাৰ পৃথিৱী । সমাজৰ সকলোপৰিবৰ্তন আৰু বিপ্লৱৰ গুৰিতেই আদৰ্শবাদ নিহিত হৈ থাকে । শ্ৰেষ্ঠ গ্ৰন্থই ব্যক্তি-চেতনা জাগ্ৰত কৰি সমাজত নৱজাগৰণ সৃষ্টি কৰাত মহত্বপূৰ্ণ ভূমিকা পালন কৰে । গ্ৰন্থ পঢ়াৰ ফলস্বৰূপে মানুহৰ দৃষ্টিভঙ্গী বিস্তৃত হয় আৰু মনত উদাত্ত ভাৱনা জাগ্ৰত হয় ।

     গ্ৰন্থ হ’ল এনেকুৱা অমৰ সম্পদ যাৰ জৰিয়তে পূৰ্বপুৰুষৰ পৰা উত্তৰ পুৰুষলৈ প্রকৃতভাবে জ্ঞানৰ ভাণ্ডাৰ প্ৰবাহিত হয় গ্ৰন্থত সঞ্চিত জ্ঞান কোনেও ধ্বংস কৰিব নোৱাৰে । সংক্ষেপতে ক’বলৈ হ’লে গ্ৰন্থৰ মূল্য অপৰিসীম । 

প্ৰশ্ন:

 (a) গ্ৰন্থৰ মূল্য অপৰিসীম বুলি কিয় কোৱা হয় ?                                                                               12

(b) ‘মনোৰঞ্জনৰ অৰ্থ সুগভীৰ’ বুলি লেখকে কি বুজাব বিচাৰিছে?                                                     12

(c) গ্ৰন্থ কেনেকৈ প্ৰকৃত পথ-প্ৰদৰ্শক হ’ব পাৰে ?                                                                              12

(d) গান্ধীজীয়ে ‘গীতা’ শান্নক কিয় ‘মাতা’ বুলি অভিহিত কৰিছিল ?                                                   12

(e) গ্ৰন্থই কেনেকৈ সমাজলৈ নব্য চেতনা কঢিয়াই আনে?                                                                 12

Q.3 তলত দিয়া কথাখিনিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখা । শিৰোনাম দিয়াৰ আৱশ্যকতা নাই । সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখিব লাগিব ।                                                                         60

     সংসাৰত কৃতকাৰ্যতা লাভ কৰিবলৈ হ’লে কঠোৰ পৰিশ্ৰমেই হ’ল শ্ৰেষ্ঠতম উপায় । কঠোৰ পৰিশ্ৰমম জৰিয়তে আমি আমাৰ লক্ষ্য পুৰণ কৰিব পাৰোঁ | সংসাৰখনেই হ’ল কমক্ষেত্ৰ; গাতকে কৰ্ম কৰাটোৱে হ’ল আমাৰ সকলোৰে ধৰ্ম | যিকোনো কাৰ্যত সফলতা লাভ কৰিবলৈ হ’লে আমি কঠোৰ শ্ৰম কৰিবই লাগিব । 

     কঠোৰ পৰিশ্ৰমেহে জীৱনক গতি প্ৰদান কৰিব পাৰে | আমি যদি কৰ্মৰ প্ৰতি উদাসীন হওঁ, তেন্তে আমাৰ জীৱনৰ গতি স্তন্ধ হৈ পৰিব । অকৰ্মন্যতাই আমাক এনেদৰে গ্ৰাস কৰে যে ইয়াৰপৰা পৰিত্ৰাণ লাভ কৰা কঠিন হৈ পৰে, অথচ পৰিশ্ৰমী ব্যক্তিয়ে সকলো প্ৰকাৰৰ প্ৰতিবন্ধকতা সাহসেৰে প্ৰতিহত কৰি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰে । পৰিশ্ৰমী ব্যক্তিয়ে ভাগ্যৰ ওপৰত ভৰসা নকৰে, বৰঞ্চ অহৰহ পুৰুষাৰ্থ কৰে । যত্ন বা পুৰুষাৰ্থ কৰাৰ পিছত পৰিশ্ৰমী ব্যক্তিয়ে সফলতা লাভ নকৰিলেও নিৰাশ নহয় । তেওঁ অসফলতা বা অকৃতকাৰ্যতাৰ কাৰণসমূহ নির্ণয় কৰিবলৈ চেষ্ঠা কৰে, সেই সীমাৱদ্ধতাখিনি অতিক্ৰম কৰিবলৈ সচেষ্ট হয় যাতে সফলতা হাতৰ মুঠিলৈ আহে । 

    এই সংসাৰত আমি প্রতিটো খোজতে সংঘৰ্ষ কৰিবলগীয়া হয় আৰু আমাৰ নিজস্ব পথ নিৰ্ণয় কৰিবলগীয়া হয় । আমি যিমানেই শক্তিশালী বা সম্পদশালী নহওঁ কিয়, কঠোৰ পৰিশ্ম নকৰিলে একোৱেই আমাক সফলতাৰ পথলৈ আগুৱাই নিদিব । সংসাৰত যিসকল মহান ব্যক্তি আছে, তেওঁলোকৰ অসামান্য সফলতাৰ মূল হ’ল শ্ৰম আৰু শক্তি । 

   আমাৰ সমাজৰ বহুসংখ্যক লোকেই হ’ল অদৃষ্টবাদী অথবা ভাগ্যবিশ্বাসী । এনেধৰণৰ ব্যক্তি সমাজৰ প্ৰগতিৰ প্ৰতিবন্ধক । আজিলৈকে সংসাৰত কোনো অদৃষ্টবাদীয়েই কোনো মহান কৰ্ম সম্পন্ন কৰা নাই । সকলো ডাঙৰ ডাঙৰ উদ্ভাৱন, আৱিস্কাৰ আৰু সৃষ্টি বা নিৰ্মাণ সম্ভৱ হৈছে কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে । আমাৰ সাধনা আৰু প্ৰতিভাই অনুঘটক ৰূপে পথ নিৰ্দেশনাত সহায় কৰিব পাৰে, কিন্তু কেৱল কঠোৰ শ্ৰমৰ মাধ্যমেৰেহে আমি লক্ষ্যপথত উপনীত হ’ব পাৰোঁ । 

    কঠোৰ শ্ৰমৰ জৰিয়তে আমি যশ আৰু বৈভৱ দুয়োটাকে লাভ কৰিব পাৰোঁ । যেতিয়া আমি কৰ্ত্তব্য সম্পাদন কৰাৰ বাবে শ্ৰম কৰোঁ, তেতিয়া আমাৰ মনলৈ এক অনিৰ্বচনীয় সুখৰ অনুভূতি আহে, অন্তৰৰ সমস্ত গ্লানি নাইকিয়া হয় আৰু আমি আনন্দ অনুভৱ কৰোঁ । পৰিশ্ৰমী ব্যক্তিৰ বাবে কোনো আচাৰ-অনুষ্ঠানেই গুৰুত্বপূৰ্ণ নহয়, কৰ্ত্তব্যপথত চলাটোৱেই হ’ল তেওঁৰ একমাত্ৰ সাধনা । যেতিয়া কোনো কৃষকে দিনটো কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত তেওঁৰ পঁজাঘৰত আনন্দমনেৰে গধূলি এটি লোকসংগীত গায়, তেওঁৰ কন্ঠস্বৰত যেন স্বৰ্গীয় সংগীতৰ সুৰ বাজি উঠে ।

    শাৰিৰীক পৰিশ্ৰমে মানুহক সন্তোষ প্ৰদান কৰাই নহয়, শাৰিৰীক সুস্থতাও দান কৰে । বৰ্তমান সময়ত শাৰিৰীক শ্ৰমৰ সীমাবদ্ধতাৰ বাবে মানুহ বহুতো ৰোগৰ চিকাৰ হ’বলগীয়া হৈছে । শাৰিৰীক শ্ৰম সকলোৰে বাবে আৱশ্যক । এইটো কোৱাৰ প্রয়োজন নাই যে যিয়ে দৈহিক শ্ৰমত আত্মনিয়োগ কৰি থাকে, তেৱেই দীৰ্ঘ জীৱন লাভ কৰে । কথিত আছেযে স্বাস্থ্যৱান শৰীৰত স্বাস্থ্যবান মগজু বিৰাজ কৰে স্বাস্্যৱান লোকে গভীৰ বিষয়কো সহজভাৱে গ্ৰহণ কৰে । তেওঁ কোনো কঠিন পৰিস্থিতিতে বিহ্বল নহয় আৰু সাহসেৰে সেয়া মোকাবিলা কৰে । তেওঁ সকলো সমস্যাৰে সমাধান উলিয়াই লয় । মানসিক শ্ৰমৰ মহত্ত্ব বুজি পোৱাৰ বাবেই আমাৰ খনষিসকলে ধ্যান কৰিছিল আৰু জনহিতৰ বাবে পথ দেখুৱাইছিল ।

     কঠোৰ শ্ৰমৰ আন এটা বিশিষ্ট অৰ্থ আছে । এই অৰ্থ অনুযায়ী শ্ৰম কেতিয়াবা উৎপাদনশীল হয় আৰু কেতিয়াবা উৎপাদনশীল নহয় । কৃষকে কঠোৰ পৰিশ্ৰমেৰে খেতি কৰে; ই উৎপাদনশীল শ্ৰমৰ ভিতৰত পৰে । খেল খেলিলে বা ব্যায়াম কৰিলে যি শ্ৰম হয়, সি উৎপাদনশীল নহয় । কিন্তু এই শ্ৰমৰো গুৰুত্ব আছে গান্ধীজীয়ে কৈছিল যে যদি শ্ৰম কৰিবই লাগে, তেন্তে উৎপাদনশীল শ্রম কিয় কৰা নহ’ব । গান্ধীজীয়ে চে সকলোপ্ৰকাৰ শ্ৰমৰ মাজতেই আনন্দ অনুভৱ কৰিছিল । 

    যিবোৰ দেশৰ জনসাধাৰণ পৰিশ্ৰমী হয়, সেইবোৰ দেশেই প্ৰগতিৰ পথত আগুৱাই যায় । জাপান আৰু জাৰ্মান দেশে বিশ্বযুদ্ধৰ ভয়াবহতাৰ সন্মুখীন হোৱাৰ পাছত কঠোৰ শ্ৰমৰ জৰিয়তে তেওঁলোকে নিজৰ দেশৰ পুনৰ্নিমাণ কৰিবলৈ সক্ষম হৈছে ।

    সামৰনিত ক’ব পাৰি যে শ্রমেই হ’ল জীৱনৰ সুখ আৰু সৃজনৰ মূল ।                             (542 শব্দ)

 Q.4 তলত দিয়া কথাখিনি ইংৰাজীলৈ অনুবাদ কৰা । 

   সুপ্ৰসিদ্ধ স্বাধীনতা-সংগ্রামী ৰাজৰ্ষি পুৰুষোত্তমদাস টেণ্ডনে 19109 চনত এলাহাবাদ পৌৰনিগমৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল । এইটো তেওঁৰ বাবে আছিল কঠিন পৰীক্ষা, কিয়নো ইংৰাজে ইমান প্ৰভাৱ খুৱাইছিল যে সাধাৰণ ভাৰতীয় লোক হিচাবে অধ্যক্ষ হ’লেও তাৰ মাজত কাম কৰাটো কঠিন হৈ পৰিছিল । কাৰ্যভাৰ চম্তালি ল’বৰ সময়ত তেওঁ লক্ষ্য কৰিছিল যে সেনাছাউনীৰ সৈন্যসকলে নিগমৰ পানী ব্যৱহাৰ  কৰিছিল; কিন্তু তাৰ বাবে কৰ দিয়া নাছিল | তেওঁ সেনাছাউনীলৈ এখন জাননী ' পঠিয়াইছিল যে যদি ইংৰাজ সৈন্যসকলে পানীৰ বাবে এমাহৰ ভিতৰত কৰ নিদিয়ে, তেন্তে পানীযোগান বন্ধ কৰি দিয়া হ’ব | 

    এই জাননীখনে সেনাছাউনী, সমগ্ৰ চহৰ আৰু পৌৰনিগমত এক আলোড়নৰ সৃষ্টি কৰিলে | স্থানীয় বাতৰি কাকত সমূহে টেণ্ডন ডাঙৰীয়াৰ উক্ত আদেশৰ বিষয়ে ডাঙৰ ডাঙৰ হৰফেৰে বাতৰি প্ৰকাশ কৰিলে । জাননীৰ অন্তিম দিনা বহুসংখ্যক সেনা বিষয়া পৌৰনিগমৰ কাৰ্যালয়ত উপস্থিত হ’ল । এগৰাকী জেষ্ঠ্য সেনা বিষয়াই টেণ্ডন ডাঙৰীয়াক জনালে যে তেওঁ সেনাছাউনীত পানীযোগান বন্ধ কৰিব নোৱাৰিব । টেণ্ডন ডাঙৰীয়াই শান্ত স্বৰেৰে উত্তৰ দিলে যে যদি সেইদিনাখনেই কৰ জমা দিয়া নহয়, তেন্তে তেওঁলোকলৈ পানী যোগান ধৰা নহ’ব ।

    সেনাবিষয়াজনে খঙত চিঞৰি উঠিল, কিন্তু টেণ্ডন ডাঙৰীয়া নিজৰ মতত অলৰ হৈ থাকিল । শেষত সেনাবিষয়াসকল তাৰপৰা আঁতৰি গ’ল । গোটেই কাৰ্যালয়টোতেই উত্তেজনা বিৰাজ কৰিলে । টেণ্ডন ডাঙৰীয়াৰ স্থিৰতা আৰু দৃঢ়তা দেখি সকলো বিস্মিত হ’ল ।

     পিছদিনা সেনাছাউনীৰ ইংৰাজ সেনাবিষয়াসকলে কৰ জমা দিলে | 

Q.5 তলৰ কথাখিনি অসমীয়ালৈ অনুবাদ কৰা । 

In ancient times in most civilized countries, for example, in Egypt, Iraq, India, China and in the Roman Empire, many great irrigation works were constructed. In very hot countries water is even carried in underground channels to prevent it from being evaporated by the sun's heat. In modern times, great dams have been built across rivers and these are used for more than one purpose, hence they are called multipurpose undertakings. Firstly, such dams help to prevent floods, by controlling the amount of water which rushes down a river in the rainy season. This also prevents an enormous amount of damage and loss to farmers. Secondly, by storing up great quantities of water in the artificial lakes behind the dams, irrigation can be provided for many acres of land in the dry season, so that crops can be grown where none would have grown before. Thirdly, the people in the towns and cities in the neighbourhood can be certain of getting a sufficient supply of water for drinking and other purposes, even in the driest weather. Fourthly, the water stored up behind the dams is made to generate electric power by letting it run through turbines. 


 Q.6  তলত দিয়া জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি প্ৰত্যেকৰে একোটি বাক্য ৰচনা কৰাঃ 2 x 5 =10 

(i) অথাই সাগৰ                                                                                                                     2

 (ii)কপাল ফুটা                                                                                                                      2

 (iii) টুপাই বুৰ মাৰ                                                                                                                2

 (iv) ফুটুকাৰ ফেন                                                                                                                 2 

(v) শঠা মিতিৰ                                                                                                                        2

(b) তলত দিয়া শব্দবোৰৰ একোটাকৈ বিপৰীত অৰ্থবাচক শব্দ লিখা ।                                 1 x 10 =10

 (i) আপোন                                                                                                                            1 

(ii) চুটি                                                                                                                                   1

(iii) আনন্দ                                                                                                                             1 

(iv) ভীৰু                                                                                                                                 1

(v) উপকাৰী                                                                                                                            1

 (vi) মাইকী                                                                                                                              1

(vii) হৰ্ষ                                                                                                                                    1

 (viii) উজু                                                                                                                                1

 (ix) গৰম                                                                                                                                 1

(x) জ্ঞানী                                                                                                                                  1 

(c) তলত দিয়া শব্দবোৰৰ প্ৰত্যেকৰে একোটা সমাৰ্থক শব্দ লিখা ।

(i) জুই                                                                                                                                              1

 (ii) বিতোপন                                                                                                                                   1

 (iii) আলহী                                                                                                                                      1 

(iv) ঠাণ্ডা                                                                                                                                          1 

(v) দুগ্ধ                                                                                                                                             1 

(vi) ভাৰ্যা                                                                                                                                          1

 (vii) সমীপ                                                                                                                                      1

(viii) শুৱনি                                                                                                                                       1

(ix) জৈন                                                                                                                                           1

(x) ধৰণী                                                                                                                                            1

(d) তলত দিয়া প্রবচন দুটাৰ ভাব-সমপ্ৰসাৰণ কৰা ।                                                           5 x 2 = 10

 (i) আহইৰো বাৰ্তা, গঙ্গাৰো যাত্ৰা ।                                                                                                   5

(ii) কথাত কটা যায়, কথাত বঁটা পায় ।                                                                                             5



*    *   *

Post a Comment

0 Comments