Assamese Compulsory Paper - Civil Service Main Examination -IAS UPSC - 2020- Qualifying Papers- অসমীয়া বাধ্যতামূলক প্ৰশ্নকাকত UPSC -2020

  CS (Main Exam), 2020

অসমীয়া 

(আৱশ্যিক / বাধ্যতামূলক)


সময়ঃ ৩ ঘণ্টা                                                                                                          মুঠ নম্বৰঃ ৩০০

প্ৰশ্নোত্তৰ বহী সম্পৰ্কীয় নিৰ্দেশনা

প্ৰশ্নোত্তৰ লিখাৰ আগতে পৰামৰ্শাৱলী / নিদেশনা যত্ন সহকাৰে পঢ়ি লোৱা 


 সকলোবোৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।

 প্ৰশ্নটোৰ কাষত প্ৰশ্নটোৰ মৃল্যাংক/ প্রশ্নাংশৰ মূল্যাংক দিয়া আছে।

 বিশেষ নিৰ্দেশনা নথকা প্ৰশ্নৰ উত্তৰ অসমীয়া ভাষাত (অসমীয়া লিপিৰে) লিখিব লাগিব। 

প্রশ্নোত্তৰৰ বাবে শব্দৰ নিৰ্ধাৰিত সংখ্যা দিয়া থাকিলে তাক মানিব লাগিব আৰু নিৰ্ধাৰিত সংখ্যাতকৈ দীঘল অথবা চমু কৰিলে নম্বৰ কটা যাব পাৰে ।

 প্রশ্লোত্তৰ বহীৰ কোনোবা পৃষ্ঠা বা পৃষ্ঠাংশ খালী হৈ থাকিলে স্পষ্টকৈ কাটি দিব লাগিব ৷


ASSAMESE 

( Compulsory )

Time Allowed: Three Hours                                                                      Maximum Marks: 300


QUESTION PAPER  SPECIFIC INSTRUCTIONS

Please read each of the following instructions carefully 

before attempting questions 


All questions are to be attempted. 

The number of marks carried by a question / part is indicated against it.

Answers must be written in ASSAMESE ( Assamese Script) unless otherwise directed in the question.

Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted. 

Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off. 

upsc apsc assamese compulsory paper - 2020




1. তলত দিয়া যি কোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখন ৰচনা লিখাঃ 100 

(a) ভাৰতবৰ্ষত স্বাস্থ্য সেৱাৰ স্থিতি 

(b) ভাৰতীয় কৃষক আইন, 2020ৰ প্ৰাসংগিকতা 

(c) ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP), 2020ৰ প্ৰত্যাহ্বানসমূহ 

(d) সাম্প্ৰতিক সময়ত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ উপযোগিতা 

2. তলৰ কথাখিনি ভালদৰে পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্লবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষিপ্ত উত্তৰ লিখাঃ 12 x 5=60 

জীৱন আৰু পৰিৱেশ এটা আনটোৰ লগত নিবিড়ভাৱে জড়িত। জীৱজগতৰ প্ৰতিটো জীৱৰ জীৱন পৰিৱেশৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল ৷ সেয়েহে আমাৰ মন, শৰীৰ, দক্ষতা, শক্তি-সামৰ্থ্য আৰু অদ্বিতীয় বৈশিষ্ট্যবোৰ পৰিৱেশৰ দ্বাৰাই বিকশিত আৰু লালিত-পালিত হয়। প্ৰকৃতাৰ্থত জীৱন আৰু পৰিৱেশ 'ইমানেই ওতপ্ৰোতভাৱে জড়িত যে দুয়োৰে সহাৱস্থান অপৰিহাৰ্য ।

 পৰিৱেশ হ’ল প্ৰকৃতিপ্ৰদত্ত এখনি জীৱনদায়িনী আৰু প্ৰতিপালনকাৰী ৰক্ষাকৱচ । পৰিৱেশৰ উৎস প্ৰকৃতিতে বিচাৰি পোৱা যায়। প্ৰকৃতিয়ে উদাৰভাৱে আমাক ভূ-তল, অৰণ্য, পৰ্বত-পাহাৰ, মৰুভূমি, মুকলি পথাৰ আৰু উপত্যকা, বাৰেবৰণীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকতি আৰু স্বচ্ছ আৰু পৰিষ্কাৰ পানীৰে পূৰ্ণ নদ-নদী আৰু জান-জুৰি প্ৰদান কৰিছে। এইবোৰৰ লগতে শীতল সুবাসিত বতাহ, বৰষুণেৰে জীৱন সমৃদ্ধ কৰা মেঘো প্ৰকৃতিৰে অংশ ৷ প্ৰকৃতিৰ এই উপহাৰসমূহে মানৱজীৱন শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী কৰিবলৈ এক ভাৰসাম্য পৰিৱেশ সৃষ্টি কৰাত সহায় কৰে। কিন্তু এই প্ৰাকৃতিক পাৰিপাৰ্শ্বিক ভাৰসাম্যতা সঘনাই বিনষ্ট হৈ থাকে। আশ্চৰ্যকৰভাৱে মনকৰিবলগীয়া যে মানুহে প্ৰকৃতিপ্ৰদত্ত উপহাৰসমূহৰ নিৰ্বিচাৰে আৰু নিৰ্মোহভাৱে অপপ্ৰয়োগ কৰিবলৈ লৈছে যাৰ ফলত সমগ্ৰ পাৰিপাৰ্শ্বিক পৰিস্থিতি তন্ত্ৰ ভাৰসাম্যহীন হৈ পৰিছে ৷ হয়তো শত-শত বছৰ পুৰণি হিমযুগ উভতি আহিবলৈ অথবা মেৰু প্ৰান্তত জমা হৈ থকা বৰফৰ ডাঠ আৱৰণ গলি গৈ সৃষ্টি হোৱা বিধ্বংসী তৰংগমালাই নগৰ-চহৰ, অৰণ্য-পৰ্বত, জীৱ-জন্তু, কীট-পতংগ সকলোকে নিঃশেষ কৰি পেলাবলৈ বেছি দিন নাই। পৰিৱেশৰ ভাৰসাম্যহীনতা আৰু প্ৰদূষণ নিশ্চয়কৈ আমাৰেই কুকৰ্ম আৰু আমিয়ে সৃষ্টি কৰা। এই ভাৰসাম্যহীনতাৰ বাবে মাটি, বায়ু, পানী, শব্দ প্ৰদূষণৰ সৃষ্টি হয় ৷ প্ৰদূষণ শ্বাসজনিত অসুস্থতা, হৃদপিণ্ড আৰু পাকস্থলীৰ ৰোগ,দৰ্শন আৰু শ্ৰৱণৰ অক্ষমতা, মানসিক অস্থিৰতা আৰু চাপজনিত অন্যান্য ৰোগৰ কাৰক। আমি সকলোৱে জানো যে জীৱন আৰু প্ৰকৃতিৰ মাজত সুসমতা থকাটো অত্যাৱশ্যকীয় । সেয়া নিশ্চিত কৰিবলৈ পৃথিৱীখন কেৱল উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকিলে নহ’ব, তাৰ লগে লগে সমপৰিমাণৰ তৃণভোজী জন্তুও থাকিব লাগিব। তৃণভোজী জন্তুৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সেই অনুপাতে মাংসভোজী জন্তুও আছে। এই তিনিটাৰ অনুপাত এনেভাৱে ভাৰসাম্যপূৰ্ণ আৰু নিয়ন্ত্ৰিত অৱস্থাত আছে। বৈজ্ঞানিক আৱিষ্কাৰসমূহৰ সৈতে আধুনিক যুগৰ অৱতাৰণৰ লগে লগে ওদ্যোগিক কাম-কাজ, বিকাশ আৰু প্ৰসাৰৰ বাবে জনবিস্ফোৰণো সংঘটিত হৈছে। 

(a) ‘জীৱন আৰু পৰিৱেশ এটা আনটোৰ লগত নিবিড়ভাৱে জড়িত ৷’’ এই উক্তিটোৰ বিষয়ে মতামত আগবঢ়োৱা ৷ 

(b) প্ৰকৃতি আৰু পৰিৱেশৰ মাজৰ সম্পর্ক কি? 

(c) প্ৰকৃতিৰ ভাৰসাম্য কিদৰে পৰিৱেশ সৃষ্টি কৰে? 

(d) পৰিৱেশৰ ভাৰসাম্যহীনতাৰ বাবে কেনেধৰণৰ বিপদ সংঘটিত হ’ব পাৰে? 

(e) পৰিবেশ প্ৰদূষণৰ বাবে কি কি ৰোগ হ’ব পাৰে? 

3. তলত দিয়া কথাখিনিৰ এক-তৃতীয়াংশ হোৱাকৈ এটি সাৰাংশ যুগুত কৰা ৷ শিৰোনাম দিয়াৰ আৱশ্যকতা নাই। সাৰাংশটো তোমাৰ নিজৰ ভাষাত লিখিব লাগিবঃ 60

 ভাৰতবৰ্ষৰ একতা আৰু স্বাধীনতা একেখন ছবিৰে দুটি পিঠি ৷ যদি আমাৰ হাতৰ পৰা একতাৰ এনাজৰীডাল পিছলি যায় ৷ তেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতাও খোলা দুৱাৰেৰে অদৃশ্য হৈ পৰিব ৷ সেয়েহে দেশৰ ৰাষ্ট্ৰীয় ঐক্য ৰক্ষাৰ বাবে প্ৰতিগৰাকী  ভাৰতীয়ই প্ৰতিশ্ৰুতিবদ্ধ হোৱাটো একান্ত কৰণীয় কৰ্তব্য । ভাৰতবৰ্ষত ভাষিক সমস্যাতকৈ ৰাষ্ট্ৰীয় সমস্যা গুৰুতৰ ৷ যদি  আমি আমাৰ ৰাষ্ট্ৰীয় ঐক্য ৰক্ষাৰ স্বাৰ্থত কোনোধৰণৰ অপমান সহিবলগীয়া হয় তেন্তে তেনেধৰণৰ অপমানৰ সন্মুখীন  হ’বলৈয়ো আমি সাজু হৈ থকা উচিত ৷ ৰাষ্ট্ৰীয় ঐক্য ৰক্ষাৰ খাতিৰত যদি আমি কোনো অন্যায়-অবিচাৰ সহিবলগীয়া হয় সেই অন্যায়-অবিচাৰ সহিবলৈয়ো আমি সাজু হৈ থাকিব লাগিব। এইবোৰ এইবাবে সহিব লাগিব কাৰণ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ শক্তিশালী আৰু সুদৃঢ় হ’লেহে কোনো বাহ্যিক শক্তিয়ে আমাক অৱমাননা কৰিব নোৱাৰিব । ইয়াৰ ফলত দেশৰ  এটা অংশই আন এটা অংশৰ লগত অন্যায় কৰাৰ দুঃসাহসো কৰিব নোৱাৰিব । আজি যদি আমাৰ অর্থনৈতিক স্থিতি  সুস্থিৰ হয় তেন্তে আভ্যন্তৰীণ সংঘাতবোৰো শেষ হ’ব। আভ্যন্তৰীণ সংঘাত থাকিলেও ৰাজ্যসমূহৰ মাজত আগৰ দৰে  তিক্ত মনোভাব নাথাকিব। কাৰণ, আৰ্থিক সমৃদ্ধিয়ে মানুহৰ মনোভাব সলনি কৰিব। 

একতা ৰক্ষাৰ লগতে ৰাষ্ট্ৰৰ ধাৰণা গঢ় দিবলৈ চেষ্টা কৰাটো আমাৰ এক অন্যতম কৰ্তব্য ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তে এই ধাৰণা গঢ় দিবলৈ প্ৰস্তুতি চলোৱা হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ প্ৰায় 73 বছৰ হ’ল। কিন্তু এতিয়াও আমি নানাধৰণৰ লক্ষ্যত উপনীত হ’বলৈ বাকী আছে। স্বাধীনতাই পৰ্যাপ্ত পৰিমাণৰ খাদ্য লাভ কৰা অথবা উদ্যোগ স্থাপন কৰাৰ সামৰ্থ্যকে নুবুজায় ৷ স্বাধীনতাৰ প্ৰকৃত অর্থ হ’ল আত্মাৰ মুক্তি, মানুহৰ মুক্তি, যাৰ দ্বাৰা ৰাষ্ট্ৰখনে সম্পূৰ্ণভাৱে নিজৰ ব্যক্তিত্ব অভিব্যক্ত কৰিব পাৰে ৷ ভোকাতুৰ মানুহৰ আগত দৰ্শনৰ বিষয়ে আলোচনা কৰাটো অৰ্থহীন ৷ 

ভাৰতবৰ্ষ এখন নতুন ৰাষ্ট্ৰ নহয় ৷ ভাৰতবৰ্ষৰ সংস্কৃতি যিটো ভাষাৰ আধাৰত বিকশিত হৈছে সেইটো পৃথিৱীৰ প্রাচীনতম ভাষাসমূহৰ ভিতৰত এটা ৷ ভাৰতবৰ্ষ আটাইতকৈ প্ৰাচীন বুলি গণ্য কৰা গ্ৰহখনো সমগ্ৰ মানৱজাতিৰ প্ৰাচীনতম গ্ৰন্থসমূহৰ ভিতৰত এখন বুলি পৰিগণিত । অনেক বিদেশী আক্ৰমণৰ পাছতো ভাৰতবৰ্ষই নিজৰ সংস্কৃতিক ত্যাগ নকৰিলে। আধুনিক প্ৰযুক্তিগত আৰু বৈজ্ঞানিক সংস্কৃতিয়ে অতীতৰ প্ৰতি থকা ভাৰতবৰ্ষৰ প্ৰেম কাঢ়ি নিব নোৱাৰে । যোৱা 250 বছৰত আমাক যিখিনি দিয়া হ’ল সেইখিনিয়ে মাথো সত্য নহয়। 'ইয়াৰ লগতে যোৱা 6000 বছৰত জ্ঞানৰ নানা দিশৰ যি বিকাশ হ’ল সেয়াও সত্য। ভাৰতবৰ্ষই কেৱল বৈষয়িক সমৃদ্ধি অনা এটা আধুনিক যুগ নিবিচাৰে, 'ইয়াৰ লগে লগে অতীতৰ নৈতিক সততাও বিচাৰে য’ত দুৰ্নীতিক পাপ বুলি গণ্য কৰা হয় । 

পৃথিৱীৰ অধিকাংশ ৰাষ্ট্ৰত বৈজ্ঞানিক প্ৰযুক্তিৰ উন্মেষণ ঘটাৰ লগে লগে প্ৰাচীন প্ৰমূল্যবোধ আৰু আধুনিক দৃষ্টিভংগীৰ মাজত সংঘাত হোৱা দেখা যায়। সম্প্ৰতি অধিকাংশ দেশতে অতীতৰ পৰাজয় আৰু বৰ্তমানৰ জয় হৈছে। কেৱল ভাৰতবষই এনে এখন দেশ য’ত বহুসময় জুৰি বৰ্তমানৰ লগত অতীতে সংঘৰ্ষ কৰি আছে। কিন্তু ভাৰতবৰ্ষৰ প্ৰাচীন জ্ঞান-বুদ্ধি দুৰ্বল নাইবা পুৰণিকলীয়া নহয়। ভাৰতবৰ্ষৰ প্ৰাচীন বিদ্যা-বুদ্ধি সদায় বৰ্তমানৰ সৈতে ভৱিষ্যতলৈ আগুৱায় ৷ ভাৰতবৰ্ষ সদায় নিজৰ বাটত আগুৱাই গৈ আছে। ৰামকৃষ্ণ, বিবেকানন্দ, তিলক, অৰবিন্দৰ দৰে মহান ব্যক্তিসকলো ভাৰতৰ প্ৰাচীন জ্ঞান-বুদ্ধিৰ সপক্ষে আছিল আৰু অতীতৰ জ্ঞানক নতুনৰ লগত সংমিশ্রণ কৰি ভৱিষ্যতমুখী কৰিবলৈ মত প্ৰকাশ কৰিছিল। অতীতৰ মহৎ প্ৰমূল্যবোধৰ বিষয়ে মহাত্মা গান্ধীয়ে পোনপ্ৰথমে আঙুলিয়াই দিছিল। আচাৰ্য বিনোৱা ভাৱেয়ো অতীতৰ প্ৰমূল্যবোধৰ মাজেৰে বৰ্তমান আৰু ভৱিষ্যতলৈ দৃষ্টিপাত কৰিছিল ৷ আধুনিক হৈয়ো ৰবীন্দ্ৰনাথ ঠাকুৰো প্রাচীন জ্ঞান-বুদ্ধিৰ অন্যতম সমৰ্থক আছিল। আনকি আজিও আমি আমাৰ অতীতক ত্যাগ কৰা নাই। অতীত আমাৰ আটাইতকৈ মৃল্যবান ঐতিহ্য 

( 455 শব্দ ) 

4. তলত দিয়া কথাখিনি 'ইংৰাজীলৈ অনুবাদ কৰাঃ 20 

এয়া জীৱনৰ এক সত্য যে খোজকঢ়াৰ সময়ত আপুনি সচেতন হৈ খোজ নাকাঢ়িলে আপোনাৰ ভৰি বোকা বা গাঁতত সোমাব পাৰে। এই কথাষাৰ বিজ্ঞানৰ প্ৰগতিৰ ক্ষেত্ৰতো খাপ খায়। যদি আমি তাৰ প্ৰয়োগ মানৱকল্যাণ আৰু বিকাশৰ  বাবে কৰোঁ তেন্তে বিজ্ঞান বৰদান বা আশীৰ্বাদস্বৰূপ হৈ পৰে । তাৰ উপকাৰিতাৰ কথা কোনেও নুই কৰিব নোৱাৰে ৷ | কিন্তু ধ্বংসকাৰী কামৰ বাবে তাৰ প্রয়োগ কৰিলে সি বিনাশৰ কাৰণ হৈ পৰে আৰু অভিশাপস্বৰূপ হৈ পৰে। এই ধ্বংসকাৰী ৰূপৰ বাবে বিজ্ঞানৰ পৰা লাভ কৰা ভৌতিক সা-সুবিধায়ো আমাক মানসিক সুখ আৰু শান্তি প্ৰদান কৰাত অসমৰ্থ হৈছে ৷ বৈষয়িক উন্নতিৰ লগে লগে মানৱজীৱন অত্যন্ত ব্যস্ত আৰু যান্ত্ৰিক হৈ পৰিছে। ফলত বিজ্ঞান আৰু তাৰ বিকাশে মানুহক আত্মিক সুখ-শান্তিৰ পৰা বঞ্চিত কৰিছে। নৈতিক মূল্যবোধ আৰু মানৱীয় সম্পৰ্কবোৰ হ্ৰাস পাইছে। কিন্তু এয়া মানুহৰ নিজৰ দোষ । মানুহে ইয়াৰ অপপ্ৰয়োগ কৰি নিজকে ভীষণ বিপদৰ মুখলৈ ঠেলি দিছে। বিশাল বিধ্বংসী অস্ত্ৰ-শস্ত্ৰবোৰ ইয়াৰে প্ৰমাণ । যদি মানুহে নিজৰ ব্যক্তিগত স্বাৰ্থ পৰিত্যাগ কৰি জনহিতৰ স্বাৰ্থত বিজ্ঞানৰ প্ৰগতিসমূহৰ সদব্যৱহাৰ কৰে তেন্তে নিঃসন্দেহে সি মানৱজাতিৰ প্ৰগতিৰ বাবে মংগলময় বুলি পৰিগণিত হ’ব। 

5. তলত দিয়া কথাখিনি অসমীয়ালৈ অনুবাদ কৰাঃ 20 

One of India's greatest musicians was M. S. Subbulakshmi, affectionately known to most people as 'MS'. Her singing brought joy to millions of people not only in all parts of our country, but in other countries around the world as well. In October 1966, MS was invited to sing in the great hall of the General Assembly of the United Nations in New York, while representatives of all the member countries listened. This was one of the greatest honours ever given to any musician. For several hours MS kept that international audience spellbound with the beauty of her voice and her style of singing; when the concert was over, the entire audience stood up and clapped as a sign of their appreciation of not only the singer but of the great music that she had carried with her from an ancient land. India could not have had a better ambassador. MS was the first musician ever to be awarded the 'Bharat Ratna', India's highest civilian honour. She was the first Indian musician to receive the Ramon Magsaysay Award in 1974 with the citation reading "exacting purists acknowledge Shrimati M. S. Subbulakshmi as the leading exponent of classical and semi-classical songs in the Carnatic tradition of South India". 

6. (a) তলত দিয়া জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰাঃ 2 x 5=10 

(i) আলাসৰ লাড়ু 

(ii) ফুটুকাৰ ফেন 

(iii) ন-দি কোৱা 

(iv) বিৰ দি বাট নোপোৱা 

(v) অহুকাণে পহুকাণে 


(b) তলত দিয়া ফকৰা-যোজনা দুটাৰ ভাব-সম্প্রসাৰণ কৰাঃ  5x2=10 

(i) অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ । 

(ii) চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি । 

(c} তলত দিয়া শব্দবোৰৰ একোটাকৈ বিপৰীত অর্থবাচক শব্দ লিখাঃ   

(i) আন্ধাৰ 

(ii) বিদেশী 

(iii) গৰম 

(iv) পৰাধীন 

(v) অজ্ঞানী 

(vi) মিছা 

(vii) ওখ 

(viii) বুঢ়া 

(ix) সক 

(x) বহল 

(d) তলত দিয়া শব্দবোৰৰ প্ৰত্যেকৰে একোটাকৈ সমাৰ্থক শব্দ লিখাঃ 1 x 10 =10 

(i) সূৰ্য্য 

(ii) ফুল 

(iii) পত্নী 

(iv) পৃথিৱী 

(v) নদী 

(vi) গছ 

(vii) ৰজা 

(viii) শিক্ষক 

(ix) চুলি 

(x) প্ৰেম 

* * *



Post a Comment

0 Comments