Assamese Compulsory Paper - Civil Service Main Examination -IAS UPSC - 2014- Qualifying Papers- অসমীয়া বাধ্যতামূলক প্ৰশ্নকাকত UPSC -2014


CS (Main Exam), 2014



ASSAMESE 

( Compulsory )

Time Allowed: Three Hours                                                                      Maximum Marks: 300


QUESTION PAPER  SPECIFIC INSTRUCTIONS

Please read each of the following instructions carefully 

before attempting questions 


All questions are to be attempted. 

The number of marks carried by a question / part is indicated against it.

Answers must be written in ASSAMESE ( Assamese Script) unless otherwise directed in the question.

Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted. 

Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off. 


upsc,apsc assamese compulsory paper mains 2014



1. তলৰ যিকোনো এটা বিষয়ে 600 শব্দৰ ভিতৰত এখনি ৰচনা লিখা - 100 

(a) ৰাজনীতিত নাৰীৰ ভূমিকা ! 

(b) চীনৰ অৰ্থনৈতিক বিকাশ  ভাৰতবৰ্ষৰ শঙ্কাৰ কাৰণ উচিতনে ?

(c) ভাৰতীয় সমাজত বিবাহ-বিচ্ছেদ গ্ৰহণযোগ্যতাৰ উত্থান 

(d) কটকটীয়া আইন ব্যৱস্থাৰ দ্বাৰা নৈতিকতা সৃষ্টি সম্ভৱনে ? 

Q2.তলত দিয়া খণ্ডটিৰ পৰা নিৰ্দেশ অনুসৰি প্রশ্নৰ উত্তৰ লিখাঃ 5 x 12 =60 

       মানুহৰ প্ৰবজন বহু শাতিকা আগৰ পৰাই চলি আহিছে । উষ্ঠৰা শষ্যভূমিৰ সন্ধান, অত্যাচাৰ-উৎপীড়নৰ পৰিত্ৰান, বিশ্বাস নতুবা প্রকাশৰ মুক্ততা অথবা চিকাৰ কাৰ্যৰ দ্বাৰা জীয়াই থকাৰ মানসিকতা ইত্যাদি বিভিন্ন কাৰণত মানুহে যেতিয়া দলগতভাবে এটা অঞ্চলৰ পৰা৷ আন এটা অঞ্চললৈ পৰিভ্ৰমণ কৰিবলৈ গলে তেতিয়াৰ পৰাই প্ৰকৃততে প্ৰবজন সম্ভৱ হৈছে প্ৰবজনকাৰী সকলে তেওঁ লোকৰ সংস্কৃতি লগত লৈ আছে আৰু যাত্ৰাপথৰ অথবা নতুন বাসস্থানত তাক বিস্তাৰিত কৰিবলৈ চেষ্টা কৰে ৷ তেওঁলোকে যুদ্ধ-বিগ্ৰহ ব্যৱসায়-বাণিজ্য, বিয়াবাৰু আৰু সামৰণ আদান-প্ৰদানৰ জৰিয়তে বিভিন্নজনগোষ্ঠীৰ সৈতে সৱমিশ্ৰিত হয় । আৰম্ভনিতে যথেষ্ট সংঘৰ্ষ-পীড়িত অৱস্থাৰ সৃষ্টি হলেও পিছলৈ ই শান্ত হৈ শাস্তিৰ বাতাবৰণ সৃষ্টি কৰে । দিয়া আৰু নিয়াৰ মাজেৰেই আত্মিক সম্পৰ্ক গঢ়ি উঠে | ফলশ্বৰূপে এটি মুক্ত পৰিবেশত সাংস্কৃতিক ভিন্নতা স্বত্তেও প্ৰত্যেকটো দলেই একোখন বাৰে বৰণীয়া সমাজ সৃষ্টি কৰি লয় । সেইকাৰনেই বোধহয় মর্ঙ্গেলীয় সকলে আলাস্কা অতিক্ৰম কৰিছিল, এঙ্গঁলো -চেক্সন সকলে বৃটেইনলৈ গতি কৰিছিল আৰু মছেজ সকলে নিজৰ পছন্দৰ মানুহ আৰু ভূমি বিচাৰি কান্নানত প্ৰৱেশ কৰিছিল । এইবাবেই হয়তো কলম্বাছে ৰাষ্ট্ৰৰ সন্ধানত দুঃসাহসিক গোলকীয় অভিযান সম্ভৱ কৰি তুলিছিল । পিছলৈ অন্য দেশ আৰু সংস্কৃতিক নিজস্ব আয়ত্তাধীন কৰা ওঁপনিৱেশিক ব্যৱস্থাও এনে কাৰ্যৰেই ৰূপান্তৰ মাথোন । বৰ্তমান সময়ত এখন দেশৰ পৰা, আন এখন দেশলৈ বৃহৎ-প্রবজন ঘটোৱাৰ ক্ষেত্ৰত ব্যৱসায়-বানিজ্যই শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে । এই সকলোবোৰ সাংস্কৃতিক মিশ্ৰণৰেই উদাহৰণ । সাধাৰণতে প্ৰত্যেকটো দলৰেই সাময়িক ভাবে উত্তৰাধিকাৰী সূত্ৰে "পোৱা প্ৰবৃত্তি আৰু পুৰনি ঘৰৰ প্ৰতি স্বাভাৱিক মায়া থাকে বিস্তু এটা বা দুটা পুৰুষৰ পিছত মানুহৰ সেই অজিত্বৰ প্রতি কাচিৎহে আকৰ্ষণ দেখা যায় ।,এটা শতিকা পিছৰ " হয়তো মানুহে নিজৰ আঞ্চলিক অস্তিত্ব অনুধাৱন কৰিবলৈ পাহৰিয়েই যাব । যি মুহূৰ্তত মানুহে য’তেই থাকে সেয়াই তেওঁৰ অস্তিত্ব হব । বিশেষ পৰিৱেশত মানুহে নিজকে খাপ খুৱাই লব আৰু গোলকীয়ত্বত আঞ্চালিকতা জীন যাব । খুউব কম সংখ্যকহে পুৰনি নিজস্ব অস্তিত্বক লৈ  জীয়াই থাকিব । নতুন পৰিস্থিতিয়ে সকলোকে সকলোতে খাপ খুৱাই লবলৈ বাধ্য কৰে । প্ৰসাৰিত দৃষ্টিৰ নতুন প্ৰজন্ম বৰ্ত্তমান পুৰনি অস্তিত্ব বিচাৰি বিভোৰ নহয় । কোনো মানুহেই দীৰ্ঘ দিনৰ বাবে একাষৰীয়া হৈ থাকিব নোৱাৰে- তেনেদৰে সংস্কৃতিও একেদৰে নাথাকে । অৰ্ন্তমুখী আৰু বহিৰ্মুখী শক্তি কিছু সময়ৰ বাবেহে কাৰ্যশীল । এৰিঅহা সকলোকে শ্ৰদ্ধা কৰিও উঠি অহা প্রত্যেকজন ব্যক্তিৰ অস্তিত্বক স্বীকাৰ কৰি লব লাগিব । তেওঁলোকৰ ধাৰণা আৰু বিশ্বাসক নিশ্চিতি দিবলৈ বাহিৰৰ সকলো প্রভাৱ ৰোধ কৰিব লাগিব  তেওঁলোকক ভালকৈ জানিবলৈ সংবেদনশীল, সহজ আৰু পৱিত্ৰ হব লাগিব তথা দায়িত্ব আৰু প্ৰতিক্ৰিয়াৰ প্রতি সহৃদয় হব লাগিব | তদুপৰি একে সময়তে মুক্তত আৰু নির্ভৰশীলতাও থাকিব লাগিব  জিন, ডি.এন.এ. আৰ.এন.এ. সকলো বর্ত্তমানে নিষ্ক্রিয় হৈ যোৱা সকলো প্ৰক্ৰিয়া প্ৰতিডাল শিতাৰ এতিয়া অনুভৱযোগ্য । আনে কি ভাবে, কি কয় বা কি কৰে শৰীৰ-মন-মগজুত বৰ্তমান স্বাভাৱিক ভাবে ধৃত | অজ্ঞতাই ভয়ৰ জন্ম দিয়ে, ভয়ৰ “ পৰা ঘৃণা জন্মে, ঘৃনাই আত্ম-বিশ্বাস নাইকীয়া কৰে আৰু সেইটোৱে পতন্ন আৰু মৃত্যু ঘটায় । প্ৰাচীন বহু সংস্কৃতি সময়ত এনেকৈয়ে নিঃশেষ হৈছিল । জীয়াই থাকিবলৈ আনৰ সৈতে জীণ যাব লাগিব; যদিওবা সি নৰকৰে হয় ।


 প্ৰশ্নঃ

(a) প্ৰৱজনৰ সময়ত মানুহে এটা অঞ্চলৰ নতুন বাসস্থানত কেনেকৈ ভাৱ বিনিময় কৰিছিল?  12

(b) পুৰণি কালত মানুহে প্ৰব্ৰজন কৰাৰ কাৰণ সমূহ কি আছিল ? সেই সময়ৰ প্ৰুজনৰ কাৰণ সমূহৰ সৈতে বৰ্তমান সময়ৰ প্ৰৰজনৰ কাৰণ সমূহৰ পাৰ্থক্য নিৰ্ণয় কৰা ৷  12

(c) সংস্কৃতিৰ পাৰস্পৰিক সংমিশ্ৰণ কেনেকৈ সম্ভৱ হয় ?    12

(d) প্ৰাচীন বহু সংস্কৃতি কেনেকৈ নিঃশেষ হৈছিল ? 

(e) সংস্কৃতি একাষৰীয়াকৈ থকাটো সম্ভৱ নহয় বুলি লেখকে কিয় কৈছে? 12


Q3. তলত দিয়া খণ্ডটিৰ দৈৰ্ঘৰ প্ৰায় 1/3 অংশৰে ইয়াৰ সাৰাংশ লিখাঃ   6০ 

      যেতিয়া আমি চাকৰি এটিৰ বাবে দৰ্খাস্ত কৰো তেতিয়া ইয়াক গ্ৰহণ কৰাৰ বাবে আমাৰ পৰিচিতি আৰু নিজৰ সম্বন্ধে সকলোবোৰ ভাল কথা আৰু অভিজ্ঞতাকহে উপস্থাপন কৰো । বেছিভাগ মানুহে নিজৰ জীৱন-প্ৰৱাহত সম্মুখীন হোৱা সকলো সমস্যাকে লুকাই ৰাখিবলৈ যত্ন কৰে আৰু কেৱল নিজৰ কৃতিত্বকহে উদঙাই দেখুৱায় । যেতিয়া চাকৰি দিওঁতা জনে সেই বিবৰণ পঢ়ে তেতিয়া তেওঁৰ অনুভৱ হয় যেন্‌ জীয়াই ‘থকা সকলৰ তেওঁলোক প্ৰত্যেকজনেই একো একোজন মহৎ ব্যক্তি । চাকৰিটো পাবলৈ আমি নিজকে উজ্জ্বল ৰূপত তুলি ধৰিবলৈ সম্ভৱপৰ যত্ন কৰো বাস্তৱজীৱনৰ ই এক স্বাভাৱিক দৃষ্টান্ত ।

      এই  সম্পৰ্কত  খেলজগতত এটি সত্য ঘটনা আছে এই দৌৰিবলৈ ৷ বিশ্ববিদ্যালয় ফুটবল দল এটিক দৌৰিবলৈ  দিয়াটো এটা স্বাভাৱক নিয়ম আছিল ৷  খেলুৱৈ সকলৰ  এজনক ‘লাইনমেন’ৰ দায়িত্ব:দিয়া হৈছিল । এই দক্ষ্য খেলুৱৈজনক দলৰ দ্ৰুততম ‘লাইনমেন’ হিচাপে লোৱা হৈছিল-। এদিনাখন সি ‘ক্যোচ’ৰ ওচৰলৈ গৈ দলৰ দ্ৰুততম বেগী ‘ব্যাক’ ঁেটাবঃৱ-ি- তেৰ 3 জনৰ সৈতে দৌৰিব পাৰিব নে নাই সুধিছিল । ‘ক্যোচ’জনেওড তেওঁক অনুমতি দিছিল । ‘লাইনমেন’ জন সদায় দৌৰিবলৈ লৈছিল আৰু তেওঁ দৌৰৰ শেষতহে “ৰৈছিল । দিনৰ পিছত দিন ধৰি তেওঁ দ্ৰুতবেগী ‘ব্যাক’ জনৰ সৈতে দৌৰিবলৈ লৈছিল যদিও তেওঁ সদায় শেষতে ৰৈছিল । এইটো স্বাভাৱিক আছিল যে দ্ৰুতবেগী ‘ব্যাক’ জনৰ সৈতে ‘লাইনমেন’ক তুলনা কৰা নাযায় । ‘ক্যোচ’ জনে এই কথা লক্ষ্য কৰিছিল আৰু ‘লাইনমেনজন’ সুধিছিল যে “কিয় তেওঁ ‘ব্যাক’ জনৰ।সৈতে দৌৰিব বিচাৰে আৰু সদায় শেষত ৰয়গৈ | তদুপৰি ‘ক্যোচ’ জনে কৈছিল্ল যে ‘লাইনমেন’ এ কোনোকালেই দ্ৰুতবেগী ‘ব্যাক'ৰ দৰে বেগী হব নোৱাৰে |"! শেষত তেওঁ এদিন - ‘লাইনমেন’ জনক কৈচিল - “তুমি জয়ী হব নিবিচৰা নেকি ? সদায় দেখো তুমি দ্ৰুতবেগী ‘ব্যুক’ জনৰ পিছতে ৰৈ যোৱা |” কিন্তু খেলুৱৈজনৰ উত্তৰ শুনি ‘ক্যোচ’ জন হতবাক হ’ল ! ডেকাজনে কৈছিল “‘মই ইয়াত ‘লাইনমেন্‌’ৰ বেগীজন হব বিচৰা নাই । কেনেকৈ বেগী ‘লাইনমেন’ হব লাগে মই সেইটো ভালদৰৈ জানো । মই ইয়াত কেনেকৈ বেগাই দৌৰিব লাগে সেয়াহে শিকিব আহিছো । আপুনি যদি লক্ষ্য কৰিছে নিশ্চয় গম পাইছো যে মই প্ৰতিদিনই আগতকৈ অলপ অলপ ‘আগবাঢ়ি ‘আহি আছো ৷”

    এইটো এটা প্ৰগতিৰ আধ্যাত্মিক ৰহস্য । বাস্তৱজীৱনৰ আমি প্ৰত্যেকেই আটাইতকৈ উন্নত হব বিচাৰো কিন্তু যেতিয়া আমি আধ্যাত্মিক জগতত প্ৰৱেশ কৰো তেতিয়া আমি নিজকে ভগৱানৰ পৰা লুকাই ৰাখিব নোৱাৰো | ভগৰাণে আমাৰ সকলো দেখি আছে । আমাৰ প্রকৃত কৰ্মইছে আধ্যাত্মিক প্রগতি ৷ আমাৰ উন্নতি অৱনতিৰ সত্যতাক ভগৱানৰ পৰা লুকাই ৰাখিব নোৱাৰো ফুটবল খেলুৱৈজনে শিকিছে যে অতীত-গৌৰৱেৰে' নিজকে উন্নত কৰা নাযায় তেওঁ জানে যে প্ৰতিযোগীতাৰেহে তেওঁ নিজকে উন্নত কৰাব পাৰিব । দৌৰাৰ দৰ্বলতাবোৰ জানিলেহে তেওঁ দ্ৰুতবেগী হব পাৰিব । উপযুক্তজনৰ লগত দৌৰিলেহে তেওঁৰ দুৰ্বলতা সমূহ ধৰা পৰিব আৰু তাৰ পৰা শিক্ষা-লৈ অনুশীলন কৰিলেহে তেওঁ শ্ৰেষ্ঠতম জন হব পাৰিব । খেলুৱৈ জনে আনৰ অনুশীলন লক্ষ্য কৰি প্রতিদিনে নিজৰ ধ্লাগ্যতা বৃদ্ধি কৰিছে । প্ৰতিদিনে শেষত থাকি পিছদিনা তেওঁ নিজৰ শক্তি বৃদ্ধি কুৰিবলৈ যত্ন কৰিছে | এনেকৈয়ে শ্রম কৰি তেওঁ প্ৰতিদিনেই এখোজ-দুখোজকৈ আগবাঢ়ি আহি আছে । শ্ৰম কৰিলেহে মানুহে জীৱন যুজত জয়ী হৱ পাৰে আৰু এদিন উন্নতিৰ শিখৰত আৰোহন কৰিব পাৰে | 

     ভগৱানে সকলোকে দেখি আছে আৰু তেওঁৰ দৃষ্টিৰ পৰা কোনোৱে সাৰিব নোৱাৰে । আমাৰ অকৃতকাৰ্যতা ৰুধিৱৰ বাবে ভগৱানে আমাক সৎকৰ্মত প্ৰবৃত্ত’ থকাটো বিচাৰে ! কষ্টৰ মাজতো আমাৰ সৎ-কায্কি ভগৱানে স্বীকৃতি দিয়ে । সহানুভূতি আৰু আশীৰ্বাদেৰে ভগৱানে আমাৰ কাৰ্যৰ প্রতি দৃষ্টি দি যাকে । আমাৰ সংগ্রামী জীৱনক ভগৱানে সহায় কৰে আৰু সকলো বাধাবিঘিনি অতিক্ৰমি কৃতকাৰ্য হবলৈ আশীৰ্বাদ বৰ্ষণ কৰে ।

 Q4. তলৰ খণ্ডটি অসমীয়ালৈ অনুবাদ কৰাঃ    20

 Most people involved in the film production industry know that there is a constant evolution. The change is in the way movies are made, discovered, marketed, distributed, shown, and seen. Following independence in 1947, the 1950s and 60s are regarded as the 'Golden Age' of Indian cinema in terms of films, stars, music and lyrics. The genre was loosely defined, the most popular being 'socials', films which addressed the social problems of citizens in the newly developing state. In the mid-1960s, camera technology revolutionized the documentary method by enabling the synchronized recording of image and sound. Today, CINEMA 4D users are free to create scenes without worrying about the size of objects or how many objects are in the scene, shaded settings, texture size, multipass-rendering or eye-catching particle systems. 

      Until the 1960s, film-making companies, many of whom owned studios, dominated the film industry. Artistes and technicians were either their employees or were contracted on a long-term basis. Since the 1960s, however, most performers went the freelance way, resulting in the star system and huge escalations in film production costs. Financing deals in the industry also 'started becoming murkier and murkier, since then. According to estimates, the Indian film industry has an annual turnover of t 60 billion. It employs more than 6 million people, most of whom are contract workers as opposed to regular employees. In the late 1990s, it was recognized as an industry.

     More money impacted the perception, visual representation, and definitions of reality. Like any other media of mass communication, the themes are relevant to their times.

     Thus, film-making became more expensive and riskier. As opposed to the time of the Gemini Studios, when only 5 percent of a movie was shot outdoor, film-makers often select overseas locations in order to create greater realism, manage costs more efficiently or source people and props. Film-makers spend considerable time scouting for the perfect location. 





 Q5. তলৰ খণ্ডটি ইংৰাজীলৈ অনুবাদ কৰাঃ    20

    হাস্য মানুহ, বস্তু বা পৰিস্থিতিৰ এনে এটি গুণ বা যোগ্যতা যিয়ে মনোৰঞ্জনৰ খোৰাক যোগায় । শব্দটিয়ে মনোৰঞ্জনৰ আহিলা অথবা মানৱীয় সংযোগক সামৰি লয় যিয়ে অনুভূতিক জগাই তোলে অথবা মানুহক হাঁহিৰে খোৰাক দিয়ে অথবা সুখী কৰে ।

    সমালোচনা হ’ল বিচাৰ কাৰ্য অথবা তথ্যপূৰ্ণ ব্যাখ্যা | গঠনমূলক সমালোচনা এনে এবিধ মাধ্যম য’ত এজন মানুহে আন এজন মানুহৰ আচৰণক অকৰ্ভৃত্বনীল ভাবে শুদ্ধ কৰিবৰ যত্ন কৰে আৰু সাধাৰণতে আন এজন মানুহৰ সামাজিক অশুদ্ধতাক কৌশলীৰূপত ডাঙি ধৰে ৷ ই ‘গঠনমূলক’ কাৰণ ই এটি মত না বিদ্ৰুপক বিৰোধিতা কৰে আৰু শান্তিপূৰ্ণ তথা হিতৈষী ৰূপত শুদ্ধ কৰা ই এটি কাৰ্য | ব্যাঙ্গও সমালোচকে ব্যৱহাৰ কৰা এটি মাধ্যম । সাধাৰণতে ই বুদ্ধিদীপ্ত আৰু কৌতুকপূৰ্ণ যদিও ব্যাঙ্গৰ উদ্দেশ্য প্ৰাথমিক ভাবে হাস্যসৃষ্টি নহয় । কিন্তু ই এজন ব্যক্তিৰ, এটি কাৰ্যৰ অথবা এটা দলৰ কাৰ্যৰ বুদ্ধিদীপ্ত সমালোচনা ।

 ব্যাঙ্গ এটা একেবাৰে সংক্ষিপ্ত সাহিত্যিক শব্দ; নি সাধাৰণতে এটি বিশেষ দিশৰ লক্ষ্য, সি হয়তো এজন ব্যক্তি এটি দল, এটি ধাৰণা বা আচৰণ, এটি অনুষ্ঠান অথবা এটি সামাজিক নিয়মৰ প্ৰতি । যি কোনো কাৰণতেই ইয়াৰ লক্ষ্য সংস্কাৰ সাধন কৰা । কাৰণ ব্যঙ্গত প্ৰায়েই ক্ৰোধ আৰু হাস্য মিশ্ৰিত হৈ. থাকে, ই বিৰক্তিকৰ আৰু যিহেতু ই একেৱাৰে পৰিহাসজনক, তথা ক্ৰদ্ধতাৰে পৰিপূৰ্ণ সেয়েহে ই ভুল বুজাবুজিৰে ভাৰাক্ৰান্ত ।

 ই এক কলাত্মক শৈলী যিয়ে বিদ্ৰুপ ভেঙুছালি, প্ৰহসন, পৰিহাস অথবা আন পদ্ধতিৰে মানুহ বা ব্যক্তিৰ দোষ, মূৰ্খতা, তিৰস্কাৰ আৰু আনি আন ক্ৰটিসমূহক গৰিহনা দিয়ে আৰু সময়ে সময়ে এই সমূহৰ সংস্কাৰ সাধন ইয়াৰ লক্ষ্য । সাহিত্য আৰু নাটক ইয়াৰ প্রধান বাহক, বিস্তু প্ৰচাৰ মাধ্যম, বোলছবি, বাস্তুকলা, আৰু ৰাজনৈতিক কাৰ্টুন আদিও ইয়াৰ বাহক । হোৰাচৰ মতে বাঁৰেচক সকল শিষ্ট মানুহ যিয়ে সকলোতে _ মূৰ্খতাকে দেখে কিন্তু কোপতকে ই সৰল হাস্যকেই প্ৰকাশ কৰে ৷

Q6. ব্যাকৰণ 

(a) তলত দিয়া জতুৱা খণ্ড বাক্যকেইটাৰ অৰ্থ লিখি প্ৰত্যেকৰে একোটি বাক্য ৰচনা কৰাঃ     10

(i) কপাল ফুল 

(ii) কান সমনীয়া 

(iii) কুন্দত কটা 

(iv) গা কৰ্ 

(v) আঠুৱা-তলৰ মহ 

(b)তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ লিখি একো একোটা চুটি বাক্য ৰচনা কৰাঃ    10

 (i) বায়ু 

(ii) বেলি 

(iii) নয়ন 

(iv) ধুনীয়া 

(v) পৃথিৱী 

(c) তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থবাছক শব্দ লিখি সেইবোৰৰ একো একোটা চমু বাক্য ৰচনা কৰাঃ                                                                                                                                                             10 

 (i) বোন্দা 

(ii) মুনিহ 

(iii) স্বৰ্গ 

(iv) আঁউসী 

(v) আকাশ  

(d) তলত দিয়াবোৰৰ সন্ধি কৰা আৰু প্ৰত্যেকৰে অৰ্থ লিখা        10

(i) গৌৰী+ঈশ্বৰ  

(ii) প্ৰতি+ঈক্ষা 

(iii) মনস+ঈষা

(iv) উৎ+মত্ত 

(v) মৃগ+অঙ্ক


*  *  *








Post a Comment

0 Comments