Assamese Optional Literature Previous- cum Old Question Paper II for UPSC CS MAINS, 2017 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- II ( সাহিত্য ), ASSAMESE PAPER - II LITERATURE

    

CS MAIN EXAM, 2017

অসমীয়া 

প্ৰশ্নকাকত- II

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা


প্ৰশ্নকাকতখনত দুটা অংশত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো অংশৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যিধৰণে দিয়া হৈছে, সেইধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - II

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 


UPSC, APSC ASSAMESE OPTIONAL PAPERS -2017





SECTION - A

1. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঃ  10 x 5 = 50

 (a) মাধৱ কন্দলিৰ ‘ৰামায়ণ’ৰ অযোধ্যাকাণ্ড’ত ৰামৰ অভিষেকৰ বতৰা পোৱাৰ পিছত মন্তৰাই কৈকেয়ীক কি মন্ত্ৰণা দিছিল, বিৱৰি লিখা । 


(b) শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটত নাৰদ চৰিত্ৰটিয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে, তোমাৰ ভাষাত লিখা। 


(c) ‘ৰাসক্ৰীড়া’ক মহাপুৰুষে ‘কামজয় নামে ইটো কেশৱৰ কেলি’ বুলি কিদৰে প্ৰতিপন্ন কৰিছে, বিচাৰ কৰা। 


(d) ‘‘বাৎসল্য প্রেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ ।’’ মাধৱদেৱৰ বৰগীতৰ আধাৰত এই কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা। 


(e) ‘কথা-ভাগৱত’ৰ আধাৰত কবিৰত্ন বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ গদ্যৰীতিৰ প্ৰধান বিশেষত্বসমূহ চমুকৈ লিখা। 


2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰাঃ

(a) ‘গুৰুচৰিত-কথা’ত সমকালীন অসমৰ ধৰ্মীয় আৰু সামাজিক জীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে, বিশ্লেষণ কৰা। 20 


(b) ‘ৰাজসূয়’ কাব্যখনৰ মাজেৰে মাধৱদেৱৰ কবিত্ব শক্তিৰ পৰিচয় কেনেদৰে ফুটি ওলাইছে, আলোচনা কৰা। 15 


(c) মাতৃ কৌশল্যাৰ বুজনি যুক্তিৰে খণ্ডন কৰি ৰামে বনলৈ যাবলৈ প্ৰস্তুত হোৱাৰ সময়ত কৌশল্যাই কিৰূপে পুত্ৰক আশীৰ্বাদ দিছিল, ‘অযোধ্যা কাণ্ড’ৰ আলমত বিচাৰ কৰা। 15 


3. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰাঃ

(a) ‘ ‘শংকৰদেৱে ‘পাৰিজাত হৰণ’ নাটৰ নাৰী চৰিত্ৰকেইটা পাৰস্পৰিক বৈপৰীত্য (contrast) আৰু সমধৰ্মিতা (parallelism)-ৰ আধাৰত অংকন কৰিছে।’’ এই কথাষাৰৰ তাৎপৰ্য স্পষ্টভাৱে বুজাই লিখা |  20


(b) ‘কথা-ভাগৱত’ৰ দ্বিতীয় স্কন্ধত ভট্টদেৱে হৰি ভক্তিৰ মহিমা কিদৰে ব্যক্ত কৰিছে, বহলাই লিখা । 15 


(c) ‘‘বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত ৷’ বাণীকান্ত কাকতিয়ে কৰা উক্ত মন্তব্যৰ তাৎপৰ্য বিচাৰ কৰা। 15


4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰাঃ

 (a) ‘গুৰুচৰিত-কথা’ৰ আধাৰত মাধৱদেৱৰ গুৰু-সেৱাৰ কেইটিমান নিদৰ্শন দাঙি ধৰি তেওঁৰ গুৰু-ভক্তিৰ পৰিচয় দিয়া। 20 


(b) ‘ৰাজসূয়’ কাব্যত ক’ত, কেনেদৰে একশৰণ ভক্তিৰ প্রকাশ ঘটিছে, উদাহৰণসহ আলোচনা কৰা ৷ 15 


(c) ‘‘শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি ৷ 

আকে শুনি হোক নিৰ্ম্মল মতি ।৷ '' 

কীৰ্তন-ঘোষা’ৰ ‘ৰাসক্রীড়া’ অধ্যায়ত সন্নিৱিষ্ট উক্ত পদ দুফাঁকিৰ তাৎপৰ্য বিশ্লেষণ কৰা 15


SECTION - B


5. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখা : 10 x 5=50 

(a) বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’ত বৰপেটাৰ কোনকেইটা স্মৃতিৰ বিষয়ে লিপিবদ্ধ কৰিছে, তোমাৰ ভাষাৰে লিখা | 


(b) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ত ৰোমাণ্টিক কবিতাৰ কি কি বৈশিষ্ট্য প্রকাশ পাইছে, আলোচনা কৰা। 


(c) ‘কাৰেঙৰ লিগিৰী’ নাটকৰ সুন্দৰ কৌৱৰ চৰিত্ৰটিৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিচাৰ কৰা। 


(d) ‘মৃত্যুঞ্জয়’ উপন্যাসৰ মাজেৰে তদানীন্তন অসমীয়া সমাজৰ প্ৰতিচ্ছবি কেনেদৰে পৰিস্ফুট হৈছে, আলোচনা কৰা৷ 


(e) নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাত দৃষ্টিহীন সম্ৰাটৰ মানসিক গ্লানিৰ চিত্র কেনেদৰে ফুটি উঠিছে, বিৱৰি লিখা । 


6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰাঃ

(a) মহাকাব্যিক উপন্যাস হিচাপে ‘জীৱনৰ বাটত’ উপন্যাসখনিৰ এটি পৰ্যালোচনা আগবঢ়োৱা । 2০ 


(b) ‘গাঁওবুঢ়া’ নাটকত ভোগমন গাঁওবুঢ়াৰ জীৱনৰ কাৰুণ্য আৰু দুৰ্দশাৰ ছবি কেনেদৰে ৰূপায়িত হৈছে, বিৱৰি লিখা । 15 


(c) ‘মনোমতী’ উপন্যাসত মানৰ আক্ৰমণৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে, ফঁহিয়াই লিখা ৷ 15


 7. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰাঃ

 (a) ‘‘নামঘোষাত প্ৰধানতঃ তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ-সাগৰৰ ফালে প্ৰৱাহমান হৈছে--পুণ্যশ্লোক শংকৰ-স্মৃতি, মাধৱদেৱৰ আত্ম-লঘিমা আৰু কৃষ্ণ-ভক্তি মাহাত্ম্য ৷’’ ‘নামঘোষা’ প্ৰবন্ধৰ আলমত উক্ত কথাফাঁকিৰ তাৎপৰ্য ব্যাখ্যা কৰা। 20 

(b) ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ত বিমল হাস্যৰস আৰু তীব্র ব্যঙই কেনেদৰে সহাৱস্থান কৰিছে, বুজাই লিখা । 15 

(c) ‘জীৱনৰ বাটত’ উপন্যাসখনত সেই সময়ৰ সামাজিক জীৱনৰ কেনে চিত্র ফুটি উঠিছে তাৰ আভাস দিয়া । 15


 ৪. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰাঃ

 (a) ‘ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ নামৰ উপন্যাসখনত পুৰুষ চৰিত্ৰৰ প্ৰাধান্য বিশেষভাৱে লক্ষ্য কৰা যায়।’” উক্ত কথাখিনিৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা। 20 


(b) নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাত আধুনিক কবিতাৰ কি কি বৈশিষ্ট্য প্রকাশ পাইছে, বৰ্ণনা কৰা। 15 


(c) ‘কাৰেঙৰ লিগিৰী’ নাটকৰ শেৱালি চৰিত্ৰটিৰ আত্মত্যাগৰ মাজেদি প্ৰেমৰ মহত্ব কেনেদৰে প্ৰকাশ পাইছে, বিশদভাৱে বিশ্লেষণ কৰা। 15

*  *  *

Post a Comment

0 Comments