Assamese Optional Literature Previous- cum Old Question Paper I for UPSC CS MAINS, 2016 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- I ( সাহিত্য ), ASSAMESE PAPER - I LITERATURE

     

CS MAIN EXAM, 2016

অসমীয়া 

প্ৰশ্নকাকত- I

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা


প্ৰশ্নকাকতখনত দুটা অংশত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো অংশৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যিধৰণে দিয়া হৈছে, সেইধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - I

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 


upsc, apsc optional paper for 2016 paper -I

SECTION - A

1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিবঃ 10 x 5 = 50 

(a) ঐতিহাসিক দৃষ্টিভংগীৰে অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা । 


(b) অসমীয়া গদ্য-সাহিত্যৰ জনক কোন? তেওঁৰ গদ্যৰ নমুনা দি বিশদভাৱে আলোচনা কৰা। 


(c) অসমীয়া ভাষাত স্বৰ আৰু ব্যঞ্জনধ্বনি পৰিৱৰ্তনৰ দৃষ্টান্ত দি আলোচনা কৰা। 


(d) অসমীয়া ভাষাত কি কি ভাষাৰ শাব্দিক প্রভাৱ পোৱা যায়, আলোচনা কৰা। 


(e) ভাষা আৰু উপভাষাৰ মাজত কি সম্পৰ্ক আছে, আলোচনা কৰা।


 2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) শব্দ সাধনত সহায় কৰা 10টা প্ৰত্যয় উল্লেখ কৰি ইহঁতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। 25 


(b) অসমীয়া ভাষাত প্ৰয়োগ হোৱা 10টা নির্দিষ্টতাবাচক প্রত্যয়ৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 25 


3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) অসমীয়া লিপিৰ বিকাশ সম্পৰ্কে এঁতিহাসিক দৃষ্টিভংগীৰে আলোচনা কৰা। 25 


(b) আহোম যুগত প্ৰয়োগ হোৱা লিপিসমূহৰ বিৱৰণ দি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা। 25


 4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি? ইহঁতৰ প্রয়োগ সম্পৰ্কে উদাহৰণ দি আলোচনা কৰা।  25 


(b) ক্ৰিয়া বুলিলে কি বুজায়? ৰূপতাত্ত্বিক দৃষ্টিৰে অসমীয়া ভাষাৰ ক্ৰিয়াৰ বিভাজন কৰি আলোচনা কৰা ৷  25


SECTION - B

5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিবঃ 10 x 5 = 50 

(a) ৰোমান্টিক কবিতা আৰু সাম্প্ৰতিক কবিতাৰ মূল বৈশিষ্ট্য কি কি, লিখা। 


(b) চুটিগল্প আক উপন্যাসৰ মাজত থকা পাৰ্থক্যসমূহ বিচাৰ কৰা। 


(c) শোক কবিতা কি? উদাহৰণ দি আলোচনা কৰা। 


(d) অসমীয়া শিশু সাহিত্যৰ গতি-প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা। 


(e) চৰ্যাগীতি কি, আলোচনা কৰা ।


 6. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখিব লাগিবঃ

 (a) সাহিত্যত উত্তৰ-আধুনিকতাবাদ কি? অসমীয়া সাহিত্যত এই ধাৰাৰ উন্নেষ হৈছে নে নাই, বিচাৰ কৰা। 25 


(b) ট্ৰেজেদী কি? ট্ৰেজেদী নাটকৰ লক্ষণ সম্পৰ্কে আলোচনা কৰা। 25 


7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

 (a) আধুনিক অসমীয়া কবিতাৰ প্রৱাহ আৰু প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা ৷ 25


(b) অসমীয়া সমালোচনা সাহিত্যৰ বিকাশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা। 25


৪. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) শ্ৰীশ্ৰীশংকৰদেৱৰ অংকীয়া নাট সম্পৰ্কে এটি পৰ্যালোচনা আগবঢ়োৱা । 25 


(6) শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত বৰগীতৰ বিষয় আৰু বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা। 25



*  *  *


Post a Comment

0 Comments