CS (Main Exam), 2021
অসমীয়া
(আৱশ্যিক / বাধ্যতামূলক)
সময়ঃ ৩ ঘণ্টা মুঠ নম্বৰঃ ৩০০
প্ৰশ্নোত্তৰ বহী সম্পৰ্কীয় নিৰ্দেশনা
প্ৰশ্নোত্তৰ লিখাৰ আগতে পৰামৰ্শাৱলী / নিদেশনা যত্ন সহকাৰে পঢ়ি লোৱা
সকলোবোৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।
প্ৰশ্নটোৰ কাষত প্ৰশ্নটোৰ মৃল্যাংক/ প্রশ্নাংশৰ মূল্যাংক দিয়া আছে।
বিশেষ নিৰ্দেশনা নথকা প্ৰশ্নৰ উত্তৰ অসমীয়া ভাষাত (অসমীয়া লিপিৰে) লিখিব লাগিব।
প্রশ্নোত্তৰৰ বাবে শব্দৰ নিৰ্ধাৰিত সংখ্যা দিয়া থাকিলে তাক মানিব লাগিব আৰু নিৰ্ধাৰিত সংখ্যাতকৈ দীঘল অথবা চমু কৰিলে নম্বৰ কটা যাব পাৰে ।
প্রশ্লোত্তৰ বহীৰ কোনোবা পৃষ্ঠা বা পৃষ্ঠাংশ খালী হৈ থাকিলে স্পষ্টকৈ কাটি দিব লাগিব ৷
ASSAMESE
( Compulsory )
Time Allowed: Three Hours Maximum Marks: 300
QUESTION PAPER SPECIFIC INSTRUCTIONS
Please read each of the following instructions carefully
before attempting questions
All questions are to be attempted.
The number of marks carried by a question / part is indicated against it.
Answers must be written in ASSAMESE ( Assamese Script) unless otherwise directed in the question.
Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted.
Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off.
1. তলৰ যি কোনো এটিৰ বিষয়ে 600 শব্দৰ ভিতৰত এখনি ৰচনা লিখাঃ 100
(a)শিশুৰ পুষ্টিহীনতাৰ সমস্যা
(b) বিশ্বশান্তিৰ প্ৰত্যাহ্বান
(c) মাতৃভাষা আৰু প্ৰাথমিক শিক্ষা
(d) ভেৰোণীয়া মাতৃত্বৰ সামাজিক স্বীকৃতি
2. তলত উদ্ধৃত ৰচনাখণ্ড মনোযোগেৰে পঢ়াঁ আৰু তাৰ আধাৰত প্ৰশ্নসমূহৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষেপ উত্তৰ কৰাঃ 12x 5=60
প্রাচীন ভাৰতত ৰাজতন্ত্ৰ ইমানেই প্রভাৱশালী আছিল যে ৰজাক ৰাজ্যৰ আত্মা বুলি কোৱা হৈছিল। প্ৰাচীন ধৰ্মশাস্ত্ৰ অনুসৰি ৰজা প্ৰজাৰ বাবে ঈশ্বৰৰ প্রতিনিধি, যাৰ সহায়ত প্ৰজাই তেওঁলোকৰ দুখী জীৱনৰ পৰা পৰিত্ৰাণ পাব পাৰে। ৰজাবিহীন সমাজৰ জীৱন বৰ দুৰ্দশাপূৰ্ণ । প্রাচীন ভাৰতীয় বিদ্বানসকলে সময়ে সময়ে ৰজা আৰু ৰাজ্যৰ উৎপত্তি সন্দৰ্ভত নিজা মত আগবঢ়াইছে। তেওঁলোকৰ মতবোৰ বিভিন্ন সিদ্ধান্তৰ ৰূপত নিৰ্ধাৰিত কৰা হৈছে, যেনে, দৈৱিক সিদ্ধান্ত, শক্তিৰ সিদ্ধান্ত, সুৰক্ষাৰ সিদ্ধান্ত, সামাজিক বুজা-পৰাৰ সিদ্ধান্ত ইত্যাদি ।
কৌটিল্যই ৰাজ্যক এক গুৰুত্বপূৰ্ণ, আৱশ্যকীয় আৰু কল্যাণকামী অনুষ্ঠান হিচাপে গণ্য কৰিছিল। তেওঁ ৰজাৰ উৎপত্তি সন্দৰ্ভত কোনো ক্ৰমাদিত বিশ্লেষণ কৰা নাছিল, কিন্তু তেওঁ ‘অর্থশাস্ত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে যে, ডাঙৰ মাছে সৰু মাছক ভক্ষণ কৰাৰ দৰেই শক্তিমন্তই দুৰ্বলীক উৎপীড়ন কৰে । এনেধৰণৰ অন্যায়, ‘মৎস্যন্যা'ৰ দ্বাৰা প্ৰজা পীড়িত হৈছিল। উৎপীড়িত জনতাই সন্মিলিতভাৱে তেওঁলোকৰ মাজৰ যোগ্য ব্যক্তি এজনক ৰজা নিৰ্বাচিত কৰিছিল। তেওঁলোকে ঠিক কৰিছিল যে ৰজাক তেওঁলোকৰ কৃষিজাত উৎপাদনৰ ছয় অংশ আৰু বাণিজ্যিক আয়ৰ দহ অংশ দিব। বিনিময়ত ৰজাই প্ৰজাৰ কল্যাণৰ দায়িত্ব ল’ব। ৰজাই সৃষ্টি কৰা নিয়মবোৰ নমনা লোকক তেওঁ শান্তি বিহিছিল ৷ ইন্দ্ৰ আৰু যমৰ দৰে ৰজা আছিল প্ৰজাৰ ৰক্ষক, পালক তথা কৃপাকর্তা। কৌটিল্যৰ মতে ৰজাক অমান্য তথা অৱমাননা কৰাটো নিষিদ্ধ আছিল।
ৰজাই সুৰক্ষা দিয়া সমাজ এখনত মানুহে ঘৰৰ দুৱাৰ খোলা ৰাখি নিৰ্ভয়ে চলা-ফিৰা কৰিব পাৰিছিল। সমাজত ৰজাৰ সুৰক্ষা যেতিয়া থাকে, মূল্যবান অলংকাৰ পিন্ধি মহিলাই অকলে বাটলৈ ওলাব পাৰে ৰজাৰ সুৰক্ষা থকা সমাজ এখনত মানৱতাৰ নীতি বৰ্তি থাকে। আৰু এনে ৰাজ্য সকলো দিশৰ পৰাই সমৃদ্ধিশালী হৈ উঠে। প্রাচীন ভাৰতৰ অন্যান্য গ্ৰন্থাদিৰ লগতে কৌটিল্যৰ ‘অর্থশাস্ত’তো এই সত্য প্রতিপাদিত কৰা হৈছে। পূৰ্বে ৰজাৰ পদ স্থায়ী নাছিল আৰু ৰজাৰ ক্ষমতাও অনিয়ন্ত্ৰিত নাছিল। কিন্তু উত্তৰ-বৈদিক কালত যেতিয়া ৰাজ্যৰ পৰিসৰ বৃদ্ধি পালে, ৰজাৰ অধিকাৰ আৰু গৰিমাও বাঢ়ি গৈ থাকিল৷ প্ৰজাৰ সুৰক্ষাতকৈ ৰজাৰ সুৰক্ষাইহে অধিক গুৰুত্ব পালে। ৰজাৰ পদবীটোৰ মৰ্যাদা অনুপাতে ৰজাজনৰ আভিজাত্য তথা জাকজমকতাৰ প্ৰদৰ্শন বৃদ্ধি পালে। ‘শুক্র সিদ্ধান্ত’ বা ‘শুক্র নীতি’ত ইয়াৰ বিস্তৃত বৰ্ণনা পোৱা যায়।
(a) ৰজা আৰু ৰাজ্যৰ প্রাচীন ভাৰতৰ ধাৰণাৰ বিষয়ে লিখাঁ।
(b) ‘মৎস্যন্যা'ক অন্যায় বুলি কোৱাটোৱে কি বুজাইছে?
(c) ৰজা আৰু প্ৰজাৰ মাজৰ পাৰস্পৰিক সম্পর্কৰ আধাৰ কি?
(d) ‘মানৱতাৰ নীতি’ৰ অর্থ কি?
(e) উত্তৰ-বৈদিক কালত প্ৰজাৰ স্থিতিৰ কি পৰিৱৰ্তন সাধিত হৈছিল?
3. তলত দিয়া কথাখিনিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখা ৷ শিৰোনাম দিয়াৰ আৱশ্যকতা নাই ৷ সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখিব লাগিবঃ 60
ৰাজা ৰামমোহন ৰায়ৰ কাৰ্যকলাপৰ বিৰোধী ভাৰতীয় ব্যৱসায়ীসকলে ‘ব্ৰাহ্ম সমাজ’ৰ প্রভাৱ নিঃশেষ কৰিবলৈ 1830 চনত ‘ধৰ্ম সমাজ’ নামৰ এটি সংস্থাৰ সৃষ্টি কৰে। সেই সময়ত হেনৰী ডেৰেজিওই (Henry Derozio) আধুনিক ধাৰণা প্ৰসাৰৰ বাবে হিন্দু কলেজত এটি একাডেমিক এচোচিয়েচন প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাটো পৰম্পৰাগত ধ্যান-ধাৰণা আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে থিয় হোৱা আন আন সংস্থাতকৈ অধিক দৃঢ় আছিল। এই সংস্থাটোৱেই ‘ইয়ং বেঙ্গল’ (Young Bengal) গোষ্ঠীৰ জন্ম দিছিল। হিন্দু কলেজৰ কৰ্মচাৰীসকলে সৃষ্টি কৰা সমস্যাই এই সংস্থাটোক তেওঁলোকৰ পৰা ফালৰি কাটি লৈ আহিছিল। পিছলৈ ইয়াৰ সদস্যসকলে ব্ৰাহ্ম সমাজত যোগ দিছিল। ৰাজা ৰামমোহন ৰায়ৰ মৃত্যুৰ পিছত এই সংস্থাটোৰ নেতৃত্ব বহন কৰিছিল বংগৰ বিখ্যাত ব্যৱসায়ী দ্বাৰিকানাথ ঠাকুৰে ৷ উনবিংশ শতিকাৰ চতুৰ্থ আৰু পঞ্চম দশকত এটাৰ পিছত এটাকৈ এনেধৰণৰ সমধৰ্মী সংস্থাসমূহে জ্ঞান বিস্তাৰৰ বাবে আত্মোৎসৰ্গ কৰিছিল। 1851 চনত ‘ব্ৰিটিছ ইণ্ডিয়ান এচোচিয়েচন’ নামৰ এটি জাতীয়তাবাদী ৰাজনৈতিক সংগঠন গঢ়ি উঠিছিল।
এনেধৰণৰ ঘটনা বোম্বাইতো সংঘটিত হৈছিল। দেশৰ এই অংশটোৰ ধনী আৰু সন্মানীয় পাৰ্চীসকলে এনেধৰণৰ আন্দোলনৰ নেতৃত্ব লৈছিল। এই পাৰ্চীসকলে ঔপনিৱেশিক শাসন সমৰ্থন কৰিছিল। এইসকল আছিল উঠি অহা মহাৰাষ্ট্ৰীয় ডেকা বুদ্ধিজীৱী যিসকল ইউৰোপীয় পৰম্পৰাত গঢ়ি উঠা এলফিনষ্টোন কলেজ (Elphinstone College)ৰ সৈতে জড়িত। এইসকল বুদ্ধিজীৱীৰ অন্যতম বালশাস্ত্ৰী জাম্বেকাৰে ইংৰাজী-মাৰঠিী সাপ্তাহিক ‘বোম্বাই দৰ্পণ’ (Bombay Mirror) প্ৰতিষ্ঠা কৰিছিল। এই সাপ্তাহিকখনে ইংৰাজ প্ৰশাসনত ভাৰতীয়ৰ অংশগ্ৰহণ সমৰ্থন কৰিছিল আৰু কৰ সংগ্ৰহ তথা শুল্কনীতিৰ বাবে ঔপনিৱেশিক নীতিৰ সমালোচনা কৰিছিল। আন এগৰাকী বুদ্ধিজীৱী ৰামকৃষ্ণ বিশ্বনাথে মাৰাঠী ভাষাত ভাৰতবৰ্ষৰ বুৰঞ্জী লিখিছিল আৰু বৃটিছৰ নীতিৰ সমালোচনা কৰিছিল যদিও ইংৰাজ আৰু ভাৰতীয়ৰ পূৰ্ণ সহযোগতহে সকলো ঠিকেঠাকে থাকিব বুলি তেওঁ বিশ্বাস কৰিছিল। আকৌ মহাৰাষ্ট্ৰীয় বুদ্ধিজীৱী গোপালহৰি দেশমুখে পুণাৰ পৰা প্রকাশিত ‘প্রভাকৰ’ত বহুতো প্রৱন্ধ লিখিছিল, য’ত ভাৰতবৰ্ষই স্বাধীনতা হেৰুওৱাৰ বিভিন্ন কাৰণ বিশ্লেষণ কৰিছিল। তেওঁৰ মতে--সামন্তবাদী পৰম্পৰা তথা ভাৰতীয় অভিজাত শ্ৰেণী আৰু সাধাৰণ মানুহৰ মাজত থকা ব্যৱধান--এই দুটাই ভাৰতবৰ্ষই স্বাধীনতা হেৰুওৱাৰ মূল কাৰণ ।
1852 চনত স্থাপন হোৱা ‘বোম্বাই এচোচিয়েচন’ৰ সদস্যসকলৰ মাজত অসন্তুষ্টি সৃষ্টি হৈছিল যেতিয়া যুৱছাত্ৰসকলে "ইংৰাজৰ সমানে ভাৰতীয়সকলৰ সম-অধিকাৰ বিচাৰিছিল ফলস্বৰূপে উচ্চবৰ্গীয় নৰমপস্থী ব্যৱসায়ীসকলে ‘বোম্বাই এচোচিয়েচন’ৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। কেৱলমাত্ৰ ‘মাদ্ৰাজ এচোচিয়েচন’হে জমিদাৰৰ দ্বাৰা শোষিত কৃষকসকলৰ সমস্যাসমূহ উত্থাপন কৰিছিল। সেই সময়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাৰ্টাৰৰ (Charter) পুনৰীক্ষণ হৈছিল। গতিকে এই তিনিওটি সংগঠনে ভাৰতবৰ্ষত বৃটিছ ঔপনিৱেশিক শাসনৰ অন্যায়ৰ বিৰুদ্ধে লণ্ডনৰ সংসদত অভিযোগপত্ৰ দাখিল কৰিছিল।
( 328 শব্দ )
4. নিম্নলিখিত গদ্যাংশ ইংৰাজীত অনুবাদ কৰাঃ
প্ৰতিখন দেশৰে ইতিহাসৰ ওপৰত দেশখনৰ ভূগোলৰ প্রভাৱ পৰে । ভাৰতবৰ্ষৰ ক্ষেত্ৰত যুগ-যুগান্তৰ ধৰি এই দেশৰ সভ্যতা মুক্তৰূপে বিকশিত হৈ আহিছে। উত্তৰ দিশৰ পৰ্বতমালা আৰু দক্ষিণৰ সমুদ্ৰৰ ভয়ংকৰ বাধাৰ প্রা'চীৰৰ কাৰণে ভাৰত বহিৰ্বিশ্বৰ পৰা প্ৰায়ে বিচ্ছিন্ন হৈ আছিল। ফলস্বৰূপে, দেশখনৰ ওপৰত বিশেষ কোনো বিদেশী প্রভাৱ পৰা নাছিল ৷ হিমালয়ে পশ্চিমৰ পৰা পূবলৈ 1600 মাইল দীঘল আৰু 50 মাইল বহল এক দেৱাল গঠন কৰে। পূব দিশে পাটকাই, নগা পাহাৰ আৰু লুচাই পাহাৰ, আৰু ঘন পাহাৰীয়া জংঘলে বাহিৰৰ যোগাযোগত বাধাৰ সৃষ্টি কৰে। পশ্চিম দিশেৰে অৱশ্যে কিছু সুৰুঙা আছে, যেনে খাইবাৰ আৰু বোলন, যিফালেৰে বিদেশী সোমাই আহিব পাৰিছিল। সমুদ্ৰই সহজেই বহু শতিকা জুৰি দক্ষিণ দিশেৰে ভাৰতলৈ অহা-যোৱা কৰাত বাধাৰ সৃষ্টি কৰি আহিছিল। কিন্তু পাছলৈ নৌ বিদ্যাৰ ক্ষেত্ৰখন বহুত উন্নত হ’ল। ফলস্বৰূপে, সামুদ্ৰিক বাণিজ্যৰ কাৰণে সাগৰ এক সুগম পথ হৈ পৰিল। 1498 খ্ৰীষ্টাব্দত ভাস্ক’ ডা গামাৰ নেতৃত্বত প্রথমবাৰৰ কাৰণে পৰ্তুগীজসকল সমুদ্ৰ পথেৰে ভাৰতলৈ আহে ৷ তাৰ পাছত আহে ডচ্চ (Dutch), ফৰাচী আৰু ইংৰাজসকল। এওঁলোকে বহু কাল জুৰি ভাৰতবৰ্ষৰ ওপৰত আধিপত্য স্থাপন কৰিবলৈ নিজৰ মাজতে যুঁজ-বাগৰ কৰিছিল। এইদৰে ভাৰতৰ ভৌগোলিক পৃথকতাৰ কাৰণে ভাৰতীয় সভ্যতাৰ ওপৰত বৰ বেছি বিদেশী প্রভাৱ নাছিল ।
5. তলত দিয়া কথাখিনি অসমীয়ালৈ অনুবাদ কৰাঃ 20
At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom. A moment comes when we step out from the old to the new. It is fitting that at this solemn moment we take the pledge of dedication to the service of India. The service of India means the service of the millions who suffer. It means the ending of poverty and ignorance. It means the ending of disease and inequality of opportunity. The ambition of the greatest man of our generation has been to wipe every tear from every eye. That may be beyond us, but as long as there are tears and suffering, so long our work will not be over. This is no time for petty and destructive criticism, no time for or blaming others. We have to build the noble mansion of free India where all her children may dwell.
It is a fateful moment for us in India, for all Asia and for the world. A new star rises, the star of freedom in the East, a new hope comes into being. May the star never set and that hope never be betrayed !
0 Comments