Assamese Optional Literature Previous- cum Old Question Paper II for UPSC CS MAINS, 2018 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- II ( সাহিত্য ), ASSAMESE PAPER - II LITERATURE

  

CS MAIN EXAM, 2018

অসমীয়া 

প্ৰশ্নকাকত- II

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ কৰাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা 


প্ৰশ্নকাকতখনত দুটা শাখাত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - II

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 


UPSC, APSC OPTIONAL LITERATURE QUESTION PAPER -2018

SECTION - A

1. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঃ  10 x 5 = 50 

(a) বৰগীতৰ সংজ্ঞা নিকূপণ কৰি মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰা ৷ 


(b) শংকৰদেৱৰ ছয়খন নাটকৰ ভিতৰত ‘পাৰিজাত হৰণ'ক কি কি কাৰণত শ্ৰেষ্ঠ বুলি কোৱা হয়, বিশ্লেষণ কৰা ৷ 


(c) ‘‘কথাগীতা আৰু কথা-ভাগৱতৰ গদ্য তৎসম শব্দৰ দ্বাৰা ভাৰাক্ৰান্ত।’' বাণীকান্ত কাকতিয়ে বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ ভাষাৰ বিষয়ে কৰা এই মন্তব্যৰ যুক্তিযুক্ততা বিচাৰ কৰা ৷ 


(d) মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ত সমসাময়িক সমাজ-জীৱনৰ চিত্র কেনেদৰে প্ৰতিফলিত হৈছে তাৰ এটি বিশ্লেষণ আগবঢ়োৱা । 


(e) ‘গুৰুচৰিত-কথা’ৰ গদ্যৰীতিৰ বিষয়ে এটি সমীক্ষা আগবঢ়োৱা ৷ 


2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ 

(a) ‘কীৰ্ত্তন-ঘোষা’ত শংকৰদেৱে ৰাসক্ৰীড়াৰ বৰ্ণনা দিবলৈ যোৱাৰ আগতে প্ৰকৃতি জগতৰ, বিশেষকৈ শৰৎ কালৰ মধুৰ পূৰ্ণিমাৰ মনোৰম চিত্র কেনেদৰে অংকন কৰিছে তাৰ এটি আলোচনা আগবঢ়োৱা ৷ 20

(b)মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ত শ্ৰীকৃষ্ণই সমদলে দ্বাৰকাৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ যোৱাৰ বিৱৰণটো তোমাৰ ভাষাত লিখা । 15


(c)অসমত চৰিত তোলা প্রথা ক’ত, কেনেদৰে আৰম্ভ হ’ল সেই বিষয়ে উল্লেখ কৰি মুখ্য চৰিত-পুথি কেঁইখনমানৰ বিষয়ে এটি নাতিদীৰ্ঘ প্রবন্ধ যুগুত কৰা । 15


3.তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) ‘‘মাধৱদেৱৰ বৰগীতসমূহ ভক্তপ্ৰাণৰ মৰ্মস্পলী প্ৰকাশ ৷ দাসা আৰু বাৎসল্য এই দুয়োটা ভাৱেৰেই বৰগীত তেওঁ ৰচনা কৰিছিল যদিও বাৎসল্য ভাৱৰ গীত অধিক।’’ এই মন্তব্যৰ আধাৰত মাধৱদেৱৰ বৰগীতত দাস্য আৰু বাৎসল্য ভাৱ কেনেদৰে নিহিত হৈ আছে তাৰ এটি বিশ্লেষণ কৰা। 20


(b) শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটকৰ নাট্যবস্ত্ত বিকাশত পাৰিজাত ফুলপাহে কি ভূমিকা পালন কৰিছে, আলোচনা কৰা ৷


 (c) বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ ‘কথা-ভাগৱত'ৰ দ্বিতীয় যোগেদি শ্ৰীকৃষ্ণৰ মাহাত্মা কেনেদৰে প্ৰকাশ পাইছে, বিচাৰ কৰা । 


4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) শংকৰদেৱ বিৰচিত ‘কীৰ্ত্তন-ঘোষা'ৰ ৰাসক্রীড়া অধ্যায়ত কি কি ৰসৰ উদ্ৰেক ঘটিছে, উদাহৰণসহ আলোচনা কৰা ৷ 20


(b) মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ডত ৰামচন্দ্ৰই অভিষেকৰ সলনি পত্নী সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে কেনেদৰে বনবাসলৈ যাব লগা হ’ল সেই কথাৰ বিৱৰণ দিয়া । 15 


(c) মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ত ছন্দ আৰু অলংকাৰ প্রয়োগৰ যোগেদি মাধৱদেৱৰ কবি-প্ৰতিভা কেনেদৰে প্রকাশ পাইছে, বিশ্লেষণ কৰাঁ । 15



SECTION - B


5. তলৰ পাচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঃ 10 x 5=50 

(a) জোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ সাধাৰণ বৈশিষ্টাসমূহৰ বিষয়ে উল্লেখ কৰা। 


(b) কবি হিচাপে নৱকান্ত বৰুৱাৰ পৰিচয় দি ‘সম্ৰাট’ কবিতাটিৰ বিষয়বস্তুৰ আভাস দিয়া । 


(c) লক্ষ্মীনাথ বেজবৰুৱাক ভূমিষ্ঠ নহৈ কিয় নৌকাস্থ হোৱা বুলি কোৱা হয়, ব্যাখ্যা কৰা । লগতে তেওঁৰ নামটো কিয় লক্ষ্মীনাথ হ’ল তাৰ কাৰণটোও লিখা । 


(d) কি পটভূমিত ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসখনিৰ কাহিনীভাগ গঢ় লৈ উঠিছে, বিচাৰ কৰা। 


(e) বাণীকান্ত কাকতিৰ ‘পুৰণি অসমীয়া সাহিত্য’ শীৰ্ষক গ্রন্থখনিৰ অন্তর্গত ‘নাম-ঘোষা' নামৰ প্ৰবন্ধটিত মাধৱদেৱৰ প্রতিভাক কেনেদৰে পৰিচয় কৰাই দিয়া হৈছে সেই বিষয়ে এটি আভাস দিয়া । 


6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ 

(a) জ্যেতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰী নাটকত পুৰণিৰ লগত নতুনৰ সংঘাতৰ চিত্ৰ কেনেদৰে অংকন কৰা হৈছে তাৰ এটি সমীক্ষা আগবঢ়োৱা । 20 


(b) আত্মজীৱনীৰ বৈশিষ্টাসমূহ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সৌৱৰণ’ত কিমানখিনি প্রতিফলিত হৈছে, বিচাৰ কৰা । 15 


(c) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ নামৰ কবিতাপুথিত ৰোমাণ্টিক ভাবাদৰ্শ কিদৰে ফুটি উঠিছে, লিখা ৷ 15 


7. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) ‘হাস্যৰসৰ অন্তৰালত থকা কাৰুণ্যৰ এটি ক্ষীণ স্রোতে নাটকখনক (গাঁওবুঢ়া) আকৰ্ষণীয় কৰি তুলিছে ৷’' এই মন্তব্যৰ আঁত ধৰি ‘গীওবুঢ়া’ নাটকত হাস্য আৰু কাৰুণ্যৰ চিত্র কেনেদৰে প্ৰয়োগ ঘটিছে, বিশ্লেষণ কৰা। 20 


(b) বেজবৰুৱাই ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ যোগেদি অসমীয়া মানুহ আৰু অসমীয়া সমাজৰ দোষ-ক্ৰটীবোৰ কেনেদৰে উদঙাই দিছে, উদাহৰণসহ দেখুৱাই দিয়া । 15 


(c) বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসৰ নাৰী চৰিত্ৰকেইটিৰ বিষয়ে এটি সম্মীক্ষা আগবঢ়োৱা । 15 

৪. তলৰ তিনিওটা প্ৰশ্নৰ 'উত্তৰ লিখাঃ

(a)  ‘জীৱনৰ বাটত’ উপন্যাসখনত নতুন জীৱন ধাৰাৰ প্ৰতিনিধিবিলাক আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ ৷ অৰ্থাগম আৰু  প্ৰতিষ্ঠাই সিহঁতৰ জীৱনৰ মূলমন্ত্ৰ ৷’ উপন্যাসখনৰ কোনকেইটা চৰিত্ৰত এই বৈশিষ্টসমূহ দেখিবলৈ পোৱা যায়--= সেই বিষয়ে এটি আলোচনা প্রস্ত্তত কৰা ৷ 20


(b) বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসত বৈষ্ণৱ ধৰ্ম তথা সত্ৰীয়া পৰিৱেশৰ চিত্র কেনেদৰে প্রকাশ পাইছে, বিচাৰ কৰা । 15


(9) ‘পুৰণি অসমীয়া সাহিত্য’ শীৰ্ষক গ্ৰন্থখনিৰ আধাৰত বাণীকান্ত কাকতিক সাহিত্যৰ সমালোচক হিচাপে এটি নাতিদীৰ্ঘ প্ৰবন্ধ যুগুত কৰা ৷ 15

*  *  *

Post a Comment

0 Comments