Assamese Compulsory Paper - Civil Service Main Examination -IAS UPSC - 2019- Qualifying Papers- অসমীয়া বাধ্যতামূলক প্ৰশ্নকাকত UPSC -2019

 CS (Main Exam), 2019

অসমীয়া 

(আৱশ্যিক / বাধ্যতামূলক)


সময়ঃ ৩ ঘণ্টা                                                                                                          মুঠ নম্বৰঃ ৩০০

প্ৰশ্নোত্তৰ বহী সম্পৰ্কীয় নিৰ্দেশনা

প্ৰশ্নোত্তৰ লিখাৰ আগতে পৰামৰ্শাৱলী / নিদেশনা যত্ন সহকাৰে পঢ়ি লোৱা 



 সকলোবোৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।

 প্ৰশ্নটোৰ কাষত প্ৰশ্নটোৰ মৃল্যাংক/ প্রশ্নাংশৰ মূল্যাংক দিয়া আছে।

 বিশেষ নিৰ্দেশনা নথকা প্ৰশ্নৰ উত্তৰ অসমীয়া ভাষাত (অসমীয়া লিপিৰে) লিখিব লাগিব। 

প্রশ্নোত্তৰৰ বাবে শব্দৰ নিৰ্ধাৰিত সংখ্যা দিয়া থাকিলে তাক মানিব লাগিব আৰু নিৰ্ধাৰিত সংখ্যাতকৈ দীঘল অথবা চমু কৰিলে নম্বৰ কটা যাব পাৰে ।

 প্রশ্লোত্তৰ বহীৰ কোনোবা পৃষ্ঠা বা পৃষ্ঠাংশ খালী হৈ থাকিলে স্পষ্টকৈ কাটি দিব লাগিব ৷


ASSAMESE 

( Compulsory )

Time Allowed: Three Hours                                                                      Maximum Marks: 300


QUESTION PAPER  SPECIFIC INSTRUCTIONS

Please read each of the following instructions carefully 

before attempting questions 


All questions are to be attempted. 

The number of marks carried by a question / part is indicated against it.

Answers must be written in ASSAMESE ( Assamese Script) unless otherwise directed in the question.

Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted. 

Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off. 

upsc assamese compulsory paper - 2019





1. তলত দিয়া যি কোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখনি ৰচনা লিখাঃ 100 

(a) সৃষ্টিশীলতাৰ পোষকতা কৰা শিক্ষাৰ আৱশ্যকতা 

(b) ভাৰতত বন্যজীৱন সংৰক্ষণৰ প্ৰত্যাস্থানসমূহ 

(c) কৈশোৰ মনন্তম্বত বোলছবিৰ প্রভাৱ 

(d) বিশেষভাৱে সক্ষমসকলৰ সৱলীকৰণ 

2. তলত দিয়া কথাখিনি ভালদৰে পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষেপত উত্তৰ দিয়াঃ 12 x 5 = 60

কেইহাজাৰমান বছৰৰ আগলৈকে পৃথিৱীত মানৱ আছিল কেৱল চিকাৰী ৷ নৱপ্ৰস্তৰ যুগৰ আগলৈকে কৃষিৰ বাবে একেঠাইতে স্থিৰ হ’বলৈ মানুহে আৰম্ভ কৰা নাছিল৷ খাদ্যৰ সন্ধানত বিশাল অঞ্চলত অনাই-বনাই ফুৰাতকৈ কেৱল ভূমি ব্যৱহাৰ কৰিয়েই তেওঁ খাদ্যৰ যোগান বৃদ্ধি কৰিবলৈ সক্ষম হ’ল। এইদৰে আজিলৈকে তেওঁ কৃষি-পদ্ধতিৰ উন্নতি কৰিবলৈ ধৰিলে, ইতিমধ্যে ভূমিয়ে যিমান দিছিল তাতোকৈ অধিক পৰিমাণে উন্নত মানৰ উৎপাদন কৰাত সক্ষম হ’ল। কিন্তু, যদি সমুদ্ৰৰ কথা কোৱা হয়, তেওঁ এতিয়াও এজন চিকাৰীয়েই। তেওঁ মাছ আৰু অন্যান্য সামুদ্ৰিক প্রাণী ধৰে যদিও সিহঁতৰ বিকাশ আৰু যোগানৰ বাবে বিশেষ একো নকৰে। দেখা যায় যে এই সামুদ্ৰিক মৃগয়াই তেওঁক প্ৰচুৰ পৰিমাণে পুষ্টিকৰ প্ৰোটিনৰ যোগান ধৰে। কৃষিৰ পৰা লাভ কৰা প্ৰোটিনৰ ই পৰিপূৰকৰ কাম কৰে। কিন্তু পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহক সোনকালেই প্ৰয়োজন হ’ব সমুদ্ৰই এতিয়া দান কৰাতকৈ অধিক পৰিমাণৰ প্ৰোটিন, বিশাল কিন্তু অফুৰন্ত নোহোৱা সেই ভাণ্ডাৰ শূন্য হৈ পৰাৰ বাবে বিপদত পৰিব--যেতিয়ালৈকে মানুহে সমুদ্ৰ-খেতিৰ যথোপযুক্ত প্ৰয়োগেৰে আৱশ্যকীয় পদক্ষেপ গ্ৰহণ নকৰে। 

      পুখুৰী, হ্ৰদ, বিশেষকৈ হাইডু’ইলেকট্ৰিক প্রকল্পবোৰৰ বান্ধবোৰে সৃষ্টি কৰা কৃত্ৰিম হ্দবোৰত মৎস্য খেতিৰ ক্ষুদ্ৰ আঁচনি "ইতিমধ্যে সফলতাৰে চলাই যোৱা হৈছে৷ ইতিমধ্যে নিৰ্মল পানীৰ মাছ পোহা পুখুৰীত কৰা উৎপাদনৰ যোগেদি প্ৰোটিনৰ যোগান বৃদ্ধি কৰা হৈছে, তাৰে কিছুমানৰ গাঁও অঞ্চলত কৃষি বিষয়াৰ তত্ত্বাৱধানত উন্নতিও ঘটিছে।

      মাছ পালন কৰা পুখুৰীত এবাৰ যেতিয়া মাছৰ পোনা সংৰক্ষণ কৰা হয়, মাছবোৰক বাঢ়িবলৈ উপযুক্ত পৰিৱেশ দিয়াটো সুচল হৈ পৰে, সিহঁতে যাতে সুষম খাদ্য খাবলৈ পায় তালৈকো মন দিব পাৰি। সকলো জল-আহাৰৰ আধাৰ হ’ল প্লাংকটন নামৰ অতিশয় ক্ষুদ্ৰ, পানীত ভাহি থকা উদ্ভিদ আৰু প্রাণীবোৰৰ বিশাল সংখ্যা। সৰু মাছবোৰে এইবোৰ খায় আৰু প্ৰতিদানত ডাঙৰ মাছৰ আহাৰৰূপে নিজকে নিয়োজিত কৰে। যিহেতু সমুদ্ৰত থকা কিছুমান বিশেষ খনিজ পদাৰ্থৰ ওপৰত প্লাংকটনৰ বৃদ্ধি নিৰ্ভৰ কৰে, পানীত অতিৰিক্ত সাৰ যোগানৰ দ্বাৰা প্লাংকটনৰ সংখ্যা বৃদ্ধি কৰিব পাৰি।

     যি কি নহওক, সমুদ্ৰত প্রয়োগ কৰিবলৈ সুচল হোৱাকৈ আৰু লাভজনকভাৱে মংস্য-খেতি কৰাৰ আগতে কেইটামান সমস্যাৰ সমাধান কৰি ল’ব লাগিব। উদাহৰণ স্বৰূপে, সাগৰৰ কোনো এটা অংশত সাৰ প্রয়োগ কৰাৰ কোনো উপযোগিতা নাথাকিব, যদিহে সেই সাৰখিনিক সাগৰীয় সোঁতে মাইলৰ পিছত মাইল জোৰা উৎপাদন-অক্ষম পানীত সিঁচৰতি কৰি দিয়ে৷ যদিওবা মাছ-খেতিয়কে সাৰখিনিক এটা নিদিষ্ট এলেকাত আবদ্ধ কৰি ৰাখিব পাৰে, তথাপিও তেওঁ ‘নিজৰ’ মাছবোৰক, যিবোৰক সেই সাৰ খুৱাই ডাঙৰ কৰা হৈছে, সেই এলেকাত বেষ্টনী দি থ’বলৈ এটা উপায় উলিয়াব লাগিব ৷ নিজৰ সৰ্বোচ্চ ব্যয়ৰ ফল পাবৰ বাবে যিখিনি মাছক খুৱাব লাগে তাৰ কাৰণে আহাৰ ৰাখি থোৱাৰ এটা উপায়ো তেওঁ বিচাৰি উলিয়াব লাগিব। একপ্ৰকাৰৰ ‘নিৰোৱা’ কামো তেওঁ কৰিব লাগিব-‘তেওঁৰ’ মাছবোৰৰ সাগৰীয় খাদ্যত ভাগ লোৱা অন্যান্য অখাদ্য জল-জীৱবোৰ বাছি আঁতৰাই পেলাব লাগিব।

     দেখাতেই এই সমস্যাসমূহৰ সমাধান বৰ সহজ নহয়, বিশেষকৈ যেতিয়া আমি সমুদ্ৰৰ বিশালতাৰ কথা মনত পেলাওঁ, যি ভূপৃষ্ঠৰ চাৰিভাগৰ তিনিভাগ অধিকাৰ কৰি আছে। আৰু সমুদ্ৰৰ পানীভাগ পুখুৰী আৰু কিছুমান হ্ৰদৰ পানীৰ বিপৰীতে, সোঁতৰ বাবে অবিৰাম আন্দোলিত হৈ থাকে। খুব সম্ভৱ এই সমস্যাসমূহৰ সমাধান লাহে লাহে ওলাব ৷ অদূৰ ভৱিষ্যতত মানুহে নিশ্চয় ক্ষুদ্ৰ আঁচনিৰে মহাসাগৰৰ দাঁতিকাষৰীয়া অগভীৰ জলভাগত মাছ পালনৰ কাম আৰম্ভ কৰিব। তেতিয়া তেওঁ নিজে বিচৰাধৰণে নিৰ্দিষ্ট প্ৰজাতিৰ মাছবোৰ এটা এলেকাত জমা কৰিব পাৰিব, সেই মাছৰ আহাৰৰ সংখ্যা কমোৱা অনাকাঙ্ক্ষিত জলজীৱবোৰক বাছি ‘নিৰাব’ পাৰিব, প্রয়োজনসাপেক্ষে এলেকাটোত সাৰ প্ৰয়োগ কৰিব পাৰিব, আৰু শেষত পূৰঠ মাছবোৰ সময়ে সময়ে সংগ্ৰহ কৰি ভঁৰালত থ’ব পাৰিব।

 (a) চিকাৰতকৈ কৃষিকাৰ্যৰ উপযোগিতা কি আৰু ভৱিষ্যতৰ বাবে সমুদ্ৰ-কৃষি বা সমুদ্ৰকৰ্ষণ কিয়                  প্ৰয়োজনীয় হৈ পৰিল ? 
 (b) মাছৰ খেতিত সাৰ প্ৰয়োগৰ ভূমিকা কি ?
 (c) সমুদ্ৰৰ কোন অংশত মাছৰ খেতি আৰম্ভ কৰিব পাৰি ?
 (d) ‘নিৰোৱা’ আৰু ‘বেষ্টনী দিয়া’ বুলিলে কি বুজা ? 
 (e) ভৱিষ্যতে মাছৰ খেতিত থকা সমস্যাসমূহ কেনেদৰে সমাধান কৰা যাব ?

 3. তলত দিয়া কথাখিনিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখা ৷ শিৰোনাম দিয়াৰ আৱশ্যকতা নাই। সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখিব লাগিবঃ                                                      60

 ভাৰতৰ গ্ৰাম্য জনসংখ্যাৰ বিশালতা, তেওঁলোকৰ আৰ্থ-সামাজিক পৰিস্থিতি আৰু তেওঁলোকৰ জীৱনৰ বৈশিষ্টাই গ্ৰাম্য আন্তঃগাঁথনিৰ মাজতে দীৰ্ঘকাল ধৰি পোষণ কৰি থকা নিৰপেক্ষ আৰু সকলো দিশ সামৰি লোৱা বিকাশৰ লক্ষ্যৰে সৰ্বমুখী উন্নতিৰ দাবী কৰে। গ্ৰাম্য আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ উপাদান হ’ল খোৱাপানীৰ ব্যৱস্থাপনা । নিঃসন্দেহে পানী হ’ল এক গুৰুত্বপূৰ্ণ জনসম্পদ । জলৰ আন্তঃগাথনিৰ বাবে, নাগৰিকৰ চাহিদা পূৰণৰ বাবে ৰাজহুৱা বিনিয়োগৰ বৃদ্ধিৰ প্রয়োজন ৷ এখন জল সুৰক্ষিত ৰাষ্ট্ৰই কেৱল যে নাগৰিকসকলক নিৰ্মল আৰু নিৰাপদ খোৱাপানীৰেই যোগান ধৰিব এনে নহয়, সুস্বাস্থ্য আৰু আৰ্থিকভাৱে উৎপাদনক্ষম সমাজো নিশ্চিত কৰিব। যি কি নহওক, ভাৰতৰ গ্ৰাম্য জনসংখ্যাৰ পানীৰ প্রয়োজনীয়তা পূৰণ এক ভয়াবহ কৰ্মত পৰিণত হয়--পানী যোগান পদ্ধতিৰ ধাৰণ-ক্ষমতাৰ অভাৱ, আৰ্থ-সামাজিক বিকাশৰ নিম্নাৱস্থা আৰু পানীৰ জোখ, ব্যৱহাৰৰ বিষয়ে শিক্ষা আৰু সজাগতাৰ অভাৱৰ বাবে।
    সংবিধানৰ 47নং অনুচ্ছেদে জনস্বাস্থ্যৰ উন্নতিৰ বাবে নিৰাপদ খোৱাপানীৰ যোগান ধৰিবলৈ ৰাজ্যসমূহক জনাদেশ দিছে। নিৰ্মল খোৱাপানীৰ ব্যৱস্থাই বেমাৰ আৰু মৃত্যুৰ ঘটনা হ্ৰাস কৰে আৰু দেশখনৰ কোটি কোটি জনসংখ্যাৰ সামগ্ৰিক স্বাস্থ্যৰ উন্নতিত সহায় কৰে। 

  বহনক্ষম উন্নয়নে পানী আৰু স্বাস্থ্যবিধিৰ উন্নতিকৰণৰ ব্যৱস্থাপনা নিশ্চিত প্রাপ্তিত গুৰুত্ব আৰোপ কৰে। এক প্রকাৰে ই দাঙি ধৰে সুৰক্ষিত পানীৰ ক্ষেত্ৰত ‘কাকো বাদ নিদিয়া’ নীতি এইটোৱেই হ’ল এই বছৰৰ 22 মাৰ্চত উদ্‌যাপন কৰা বিশ্ব পানী দিৱসৰ মূল বিষয় ।
 
  গ্ৰাম্য জনসাধাৰণক সুৰক্ষিত খোৱাপানী যোগান ধৰাটো নিশ্চিত কৰাৰ ওপৰত চৰকাৰে চকু দি আহিছে। এই ক্ষেত্রত লাভ কৰা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ সময়ে সময়ে উল্লেখযোগ্য পদক্ষেপো গ্ৰহণ কৰিছে। গ্রাম্য পানী যোগান আঁচনিৰ বিকাশৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা হৈছে, ভূগৰ্ভৰ পানীৰ উদ্‌ঘাটনৰ বাবে পদক্ষেপ লোৱা হৈছে। ইয়াৰ উপৰিও বাৱস্থাপনাৰ দিশসমূহ চোৱা-চিতা কৰা হৈছে অন্যান্য পদ্ধতিসমূহৰ ভিতৰত বৰষুণৰ পানী জমা কৰাও এটা, যিটো হ’ল গাঁও অঞ্চলত সুৰক্ষিত খোৱাপানী যোগান ধৰাৰ সবাতোকৈ গুৰুত্বপূর্ণ প্ৰাৰম্ভিক পদক্ষেপ। কৃত্ৰিমভাৱে জল-নিষ্কাশন আৰু বৰষুণৰ পানী সংগ্ৰহৰ কথা ভাবি চৰকাৰে এক বৃহৎ আঁচনিৰে কাম কৰি আছে। ভাৰতত এনে বহুতো সফলতাৰ কাহিনী আছে, যিবোৰৰ ধাৰাবাহিকতা চলি আছে প্ৰাচীন জ্ঞান আৰু অভিজ্ঞতাৰ পৰা। 2001 চনত তামিলনাডু চৰকাৰে প্ৰতিটো পৰিয়ালতে বৰষুণৰ পানী জমা কৰাৰ আন্তঃগাথনি থকাটো বাধ্যতামূলক কৰিছে। বাংগালোৰ আৰু পুনে মহানগৰতো এনেধৰণৰ পৰীক্ষা চলোৱা হৈছে য’ত বৰষুণৰ পানী সংৰক্ষণৰ বাবে জনসাধাৰ, অনুৰোধ জনোৱা হৈছে। বাকীবোৰ ৰাজ্যতো এনে কিছু কাৰ্যৰ সূচনা কৰা হৈছে।

   ভূগৰ্ভৰ জলৰ অতিৰিক্ত শোষণ হ’ল ভাৰতৰ গভীৰ উদ্বেগৰ বিষয়। ইয়াক বাধা দিবৰ বাবে ৰাজ্য চৰকাবৰ বিশেষ নিয়ন্ত্ৰণ পদ্ধতিৰ আৱশ্যক ৷ কঠোৰভাৱে প্রভাৱিত অঞ্চলসমূহত অতিৰিক্ত কুৱা খনন কৰা কাৰ্য নিষিদ্ধ কৰা উচিত। খোৱাপানী যোগানৰ আঁচনি কাৰ্যকৰী কৰিবৰ বাবে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহৰ অধিক অংশগ্ৰহণৰ প্ৰয়োজন ৷ বৰ্তমানে পঞ্চায়তী ৰাজ কেন্দ্ৰসমূহৰ অংশগ্ৰহণ নিতান্ত সামান্য। গাঁৱলীয়া সংস্থাসমূহ, আত্ম-সহায়ক গোটসমূহ আৰু চৰকাৰৰ মাজত অংশীদাৰত্ব, সুবিধাদিওঁতা আৰু সহঅর্থদাতাৰূপে সফলভাৱে কাম আগবাঢ়িছে। আমি মনত ৰখা উচিত যে গ্ৰাম্যাঞ্চলত খোৱাপানীৰ সন্ধান আৰু প্ৰাপ্তি বিস্তৃত কৰিবৰ বাবে আমি পানীৰ সংৰক্ষণ আৰু উচিত ব্যৱহাৰৰ ক্ষেত্ৰত গাঁৱলীয়া ৰাইজৰ সক্ৰিয় সহযোগিতাৰে সৈতে প্ৰচেষ্টা কৰিব লাগিব। 
 
জনসাধাৰণৰ যোগদানে কাৰ্য আৰু ব্যৱস্থাপনাৰ আৰ্থিক বিকাশক্ষমতা, উন্নততৰ মেৰামতি আৰু এনেদৰে সৃষ্ট হোৱা পদ্ধতিৰ আয়ুসকাল বৃদ্ধি কৰে। কেৱল খোৱাপানীৰ উৎসসমূহৰ স্বাস্থ্যবিধিৰ তদাৰক কৰাই নহয়, পানী সংগ্ৰহ, সংৰক্ষণ আৰু ব্যৱহাৰ কৰাৰ সময়ত দূষিত নহ’বৰ বাবে পানী সংগ্ৰহ কৰাৰ উপায়সমূহৰ উন্নয়ন কৰাতো সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে।

 এই আঁচনিসমূহৰ কাৰ্যকৰী ৰূপায়ণে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, আত্ম-সহায়ক গোট আৰু গ্ৰাম্যাঞ্চলৰ সমবায়সমূহৰ যোগেদি জনসাধাৰণৰ সক্ৰিয় যোগদান দাবী কৰে, যাতে এক দীৰ্ঘম্যাদী বহনক্ষম সমাধানত উপনীত হ’ব পাৰি আৰু ‘ঘৰে ঘৰে পানী’ বাস্তৱত পৰিণত হয় 2030 চনৰ ভিতৰত।  
                                                                                                                                 (486 শব্দ)  

4. তলত দিয়া কথাখিনি ইংৰাজীলৈ অনুবাদ কৰাঃ                                                               20

 যেতিয়া এজন বাক্তিয়ে নিজলৈ চায়, তেওঁ নিজকে ভুলকৈ বিচাৰ কৰাৰ সম্ভাৱনা থাকে। তেওঁ কেৱল নিজৰ উদ্দেশ্যহে দেখা পায়। বেছিভাগ মানুহৰে উদ্দেশ্য ভাল হয় বাবে তেওঁলোকে ভাবে যে যি কৰি আছে তাৰ ফলাফল ভালেই হ’ব। এজন ব্যক্তিৰ বাবে তেওঁৰ কাৰ্য, যিটো হ’ব পাৰে, আৰু প্ৰায়ে হয়ো, নিজৰ উদ্দেশ্যৰ সম্পূৰ্ণ বিপৰীত, বস্তুনিষ্ঠভাৱে বিচাৰ কৰা কঠিন হৈ পৰে। বেছিভাগ মানুহেই কাম কৰাৰ উদ্দেশ্যেৰেই কাম কৰিবলৈ আহে। তেওঁলোকৰ বহুতেই নিজৰ সুবিধাজনকভাৱে কাম কৰে আৰু গধূলি সন্তুষ্টিৰ অনুভূতিৰে ঘৰলৈ যায়। তেওঁলোকে নিজৰ পৰিৱেশনৰ মূল্যায়ন নকৰে,মূল্যায়ন কৰে কেৱল নিজৰ উদ্দেশ্যৰ । এইটো ধৰি লোৱা যায় যে যিহেতু এজন ব্যক্তিয়ে নিজৰ কাম সময় মতে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যৰেই কাম কৰে, যদি পলম হয়, তাৰ মূলতে হ’ল তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কাৰণহে, এইদৰে পলম কৰাৰ কোনো উদ্দেশ্য তেওঁৰ নাছিল। কিন্তু যদিহে তেওঁৰ উদ্দেশ্য আৰু কাৰ্যই এই পলম ঘটাইছে, এইটোও জানো উদ্দেশ্যপ্ৰণোদিত নহয়?

 বিপদটো ইয়াতেই যে আমি প্ৰায়েই জীৱনটো বিশ্লেষণ কৰোঁ, ইয়াৰ লগত লেনদেন কৰাৰ পৰিৱৰ্তে। মানুহে নিজৰ বিফলতাৰ কাৰ্য আৰু পৰিণামৰ ব্যৱচ্ছেদ কৰে কিন্তু কেতিয়াবাহে সেইবোৰৰ লগত লেনদেন কৰি সিহঁতক জয় কৰি তাৰ যোগেদি সেইবোৰৰ পুনৰ আৱিৰ্ভাৱ ৰোধ কৰে। জটিলতা আৰু সমস্যাৰ যোগেদি ভগৱানে আমাক বিকাশৰ সুযোগ দিয়ে। গতিকে যেতিয়া তোমাৰ আশা আৰ সপোন আৰু লক্ষ্যসমূহ ভাঙি থান্‌-বান্‌ হয়, ধ্বংসাৱশেষৰ মাজত সন্ধান কৰিবা, ভগ্নাংশৰ মাজতে এটা সোণালী সুযোগ হয়তো বিচাৰি পাবও পাৰা।
 নিৰুৎসাইী মানুহক কৰ্মৰ বাবে উৎসাহিত কৰিব পৰাটো নেতাসকলৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান নেতাসকলে গ্ৰহণ ‘আৰু প্ৰতিৰোধৰ মাজৰ পথটি নিৰ্ণয় কৰিব পাৰে। 

 5.তলত দিয়া কথাখিনি অসমীয়ালৈ অনুবাদ কৰাঃ                                                               20

Freedom has assuredly given us a new status and new opportunities. But it also implies that we should discard selfishness, laziness and all narrowness of outlook. Our freedom suggests toil and the creation of new values for old ones . We should so discipline as to be able to discipline ourselves as to be able to discharge our responsibilities satisfactorily . If there is any one thing that needs to be stressed , it is that we should put in action our full capacity, each one of us in his own sphere, however ,humble, work, unceasing work, should now be our watchword. Work is wealth, and service is happiness . The greatest crime today is idealness . If we root out idealness , all our difficulties , including even conflicts, will gradually disappear . Whether as constable or high official of the welfare of the country . Honest work is the anchor to which we should cling if we want to be saved from danger or difficulty. It is the fundamental law of progress. 

6. 
(a) তলত দিয়া জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰাঃ       2 x 5 = 10

(i) কপাল ফুল্
(ii) কপাল ফুট্
(iii) কাণ কটা
(iv) চকুৰ কুটা
(v) হাত লৰ

(b) সন্ধি কৰাঃ
 (i) কিং + কৰ
 (ii) ধনুঃ + টংকাৰ
 (iii) নিঃ + তেজ 
 (iv) যজ+ন 
 (v)সৎ + জন 
 (vi) বাক্‌ + ঈশ
 (vii) পৰিঃ + কাৰ
 (viii) নৌ + ইক
 (ix) যথা + উপযুক্ত
 (x) চন্দ্ৰ + উদয়

(c) তলত দিয়া শব্দবোৰৰ প্ৰতিশব্দ  লিখা ঃ
(i) ফুল
(ii) ৰাতি
(iii) দিন
(iv) সুন্দৰ 
(v) এলেহুৱা
(vi) দিবাকৰ 
(vii) বৃহৎ
(viii) পৃথিৱী
(ix) আগ্ৰহ
(x) মৰম

(d)তলত দিয়া প্ৰতিটো শব্দৰ একোটাকৈ বিপৰীত  অৰ্থ লিখাঃ
(i) পৰ 
(ii) দীঘল
(iii) সুন্দৰ
(iv) বিষাদ
(v) পুৰুষ
(vi) বন্ধু
(vii) দয়ালু
(viii) কঠিন
(ix) অপকাৰী
(x) অজ্ঞানী

*  *  *









Post a Comment

0 Comments