Assamese Optional Literature Previous- cum Old Question Paper II for UPSC CS MAINS, 2016 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- II ( সাহিত্য ), ASSAMESE PAPER - II LITERATURE

      

CS MAIN EXAM, 2016

অসমীয়া 

প্ৰশ্নকাকত- II

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা


প্ৰশ্নকাকতখনত দুটা অংশত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো অংশৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যিধৰণে দিয়া হৈছে, সেইধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - II

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 


UPSC, APSC ASSAMESE OPTIONAL PAPER -II, 2016



SECTION - A

1. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 10 x 5 = 50 

(a) মাধৱ কন্দলিৰ ‘অযোধ্যা কাণ্ড’ ৰ ৰামৰ বনগমনৰ কথাখিনি তোমাৰ ভাষাত লিখা । 10 


(b) ‘পাৰিজাত হৰণ’ নাটৰ দুটি বিপৰীতধৰ্মী নাৰী চৰিত্ৰৰ বিশ্লেষণ আগবঢ়োৱা । 10


 (c) “ ‘ৰাসক্রীড়া’ ৰ মাজেৰে মূলতঃ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্যকে প্ৰধানভাৱে ফুটাই তোলা হৈছে 1’, -- কথাষাৰৰ যথাৰ্থতা প্রমান কৰাঁ । 10 


(d) মাধৱদেৱৰ ‘বৰগীত’ৰ মাজেৰে শিশুকৃষ্ণৰ বাল্যকালৰ বৰ্ণনা পোৱা গ’লেও সি ভক্তিৰসলৈ উন্নীত হৈছে -- কথাষাৰ বিশ্লেষণ কৰা । 10 


(e) '‘গুৰু-চৰিত-কথা’ ত শঙ্কৰদেৱৰ জীৱনকথা কিদৰে বৰ্ণিত হৈছে লিখা । 10 


2. তলৰ তিনিটা প্রশ্নৰ প্ৰতিটোৰ উত্তৰ 950 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ

 (a) ‘ৰাজসূয় কাব্য’ ত যাদৱসকলৰ ইন্দ্ৰপ্ৰস্থ যাত্ৰাৰ বৰ্ণনাত মাধৱদেৱৰ কবি-প্ৰতিভা কেনেদৰে প্রকাশ হৈছে আলোচনা কৰাঁ৷ । 20


(b) ‘কথাভাগৱত’দ্বিতীয় স্কন্ধৰ তৃতীয় অধ্যায়ত ‘‘সাধুৰ সঙ্গত হৰিকথা শুনিলে সযত্বে জ্ঞান হয় |*’ বুলি কোৱা কথাষাৰ ব্যাখ্যা কৰৰা । 15 


(c) '‘গুৰু-চৰিত-কথা’ ত তৎকালীন অসমৰ সামাজিক জীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে লিখা | 15 


3. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 

(a) শঙ্কৰদেৱে ‘পাৰিজাতহৰণ নাট’ৰ কাহিনীটো কোন কোন মূল গ্ৰন্থৰ পৰা গ্ৰহণ কৰিছে আৰু তেওঁৰ নিজস্ব নাটকীয় কলাকৌশল প্ৰয়োগ কৰিছে আলোচনা কৰা । 


(b) বৰগীত সমূহৰ মাজেৰে আধ্যাত্মিক ভাৱ কিদৰে প্ৰতিফলিত হৈছে মাধৱদেৱৰ বৰগীতৰ আধাৰত বিশ্লেষণ কৰা । 15 


(c) ‘কীৰ্তনযোষা’ৰ ‘ৰাসক্রীড়া’ অধ্যায়ত গোপীসকলৰ কৃষ্ণপ্ৰেমৰ তাৎপৰ্য্য বিচাৰ কৰা । 


4. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ

(a) ‘‘ কথা-ভাগৱত’ৰ গদ্যশৈলী অসমীয়া গদ্যৰ প্ৰথম স্তৰৰ চানেকি ৷ '' -- কথাষাৰৰ যথাৰ্থতা প্ৰমাণ কৰা  । 20


(b) ‘প৷ৰিজ৷|ত হৰণ’ নাটখনত নাৰদৰ চৰিত্ৰটোৰ মাজেৰে সমাজ-জীৱনৰ চিত্ৰ কিদৰে তা প্ৰতিফলিত হৈছে লিখা ৷ 15


(c) মাধৱ কন্দলিয়ে ৰামৰ বনগমনৰ সময়ত কৌশল্য আৰু কৈকেয়ীৰ চৰিত্ৰ দুটাৰ কথোপকথন কিদৰে অংকণ কৰিছে, আলোচনা কৰা ৷ 15


SECTION - B

5. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 10 x 5 = 50  

(a) বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ ত তেওঁ শৈশৱ জীৱনৰ কথা কিদৰে বৰ্ণাইছে আলোচনা কৰাঁ৷ । 10 


(b) ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ ত ফুটি উঠা হাস্য-ব্যঙ্গৰ ছৱিখন বিৱৰি লিখা । 10 


(c) প্রতিমা’ কাব্যপুথিৰ মাজেৰে কবি চন্দ্ৰকুমাৰৰ কবিপ্রতিভা কেনেদৰে ফুটি উঠিছে ৰ লিখা । 10


(d) ‘গাঁওবুঢ়া’ নাটকত সেই সময়ৰ অসমৰ সামাজিক চিত্ৰ কেনেদৰে ফুটি উঠিছে লিখা | 10 


(e) ‘মনোমতী’ উপন্যাসৰ পটভূমি আৰু চৰিত্ৰ চিত্ৰণৰ বিশেষত্ব ব্যাখ্যা কৰা । 10 


6. তলৰ তিনিটা প্রশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ

(a) “পুৰুনি অসমীয়া সাহিত্য’ গ্ৰন্থখনত ড° কাকতিয়ে ‘বধকাব্য’ শীৰ্ষক প্ৰবন্ধটোত বধকাব্যৰ মূল্যায়ন কিদৰে কৰিছে আলোচনা কৰা । 20


(b) ‘কাৰেঙৰ লিগিৰী’ নাটকৰ ‘‘কাঞ্চনকুমাৰীৰ চৰিত্ৰ নিভাজ কেঁচা সোণৰ দৰে পৱিত্ৰ আৰু উজ্জ্বল |’’ -- এই কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা । 15 


(c) ‘মৃত্যুঞ্জয়’ উপন্যাসত ভাৰতীয় স্বাধীনতা আন্দোলনৰ কোনটোদিশ প্ৰতিবিম্বিত' হৈছে আলোচনা কৰা । 15 


7. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ

(a) ‘জীৱনৰ বাটত’ - উপন্যাসখনৰ কমলাকান্ত আৰু ধৰনী মাষ্টৰৰ চৰিত্র দুটা বিশ্লেষণ কৰাঁ । 20 


(b) ‘সম্ৰাট’ কবিতাৰ মাজেৰে মানুহৰ প্ৰেমৰ চিৰন্তন মহত্বৰ প্রতি গভীৰ আস্থা কিদৰে ফুটি উঠিছে, আলোচনা কৰা । 15 


(c). ‘ৰজনীকান্ত বৰদলৈৰ উপন্যাসসমূহৰ ভিতৰত ‘মনোমতী’ কে শ্ৰেষ্ঠ বুলিব পাৰি |’ -- এই কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰা। 15 


৪. তলৰ তিনিটা প্রশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ

(a)  ‘কাৰেঙৰ লিগিৰী’ নাটখনত নাট্যকাৰে চৰিত্র সৃষ্টিত দক্ষতাৰ পৰিচয় দিছে ৷’’ -- এইমন্তব্যৰ যথাৰ্থতা প্রতিপন্ন কৰা । 20


(b) ‘জীৱনৰ বাটত’ উপন্যাসখনক অসমীয়া উপন্যাস সাহিত্যৰ এক মাইলৰ খুটি বুলিব প|ৰি কথাষাৰৰ যথাখতা প্রমাণ কৰা । 15


(c)  '' গাঁওবুঢ়া’ অসমীয়া ধেমেলীয়া নাটৰ ভিতৰত উল্লেখযোগ্য ৷ ” - কিকি কাৰণত এই মন্তব্য কৰা হৈছে, আলোচনা কৰা । 15

*  *  *


Post a Comment

0 Comments