Assamese Compulsory Paper - Civil Service Main Examination -IAS UPSC - 2015- Qualifying Papers- অসমীয়া বাধ্যতামূলক প্ৰশ্নকাকত UPSC -2015

 CS (Main Exam), 2015


ASSAMESE 

( Compulsory )

Time Allowed: Three Hours                                                                      Maximum Marks: 300


QUESTION PAPER  SPECIFIC INSTRUCTIONS

Please read each of the following instructions carefully 

before attempting questions 


All questions are to be attempted. 

The number of marks carried by a question / part is indicated against it.

Answers must be written in ASSAMESE ( Assamese Script) unless otherwise directed in the question.

Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted. 

Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off. 


upsc apsc assamese compulsory paper mains - 2015



1. তলৰ যিকোনো এটা বিষয়ে 600 টা শব্দৰ ভিতৰত এখন ৰচনা লিখা । 100

(a) যুৱ-প্ৰজন্মৰ ক্ৰম-বৰ্দ্ধমান মানসিক চাপ

(b) বিফলতাই কৃতকাৰ্যতাৰ পথত আগুৱাই যোৱাৰ খটখটি 

(c) পঠন অভ্যাস ক্ৰমশঃ কমি আহিছে নেকি? 

(d) সমাজৰ অন্ধবিশ্বাসৰ বিৰুদ্ধ যুঁজ 

2. তলত দিয়া কথাখিনি মনযোগ সহকাৰে পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট শুদ্ধ আৰু সংক্ষেপ উত্তৰ দিয়া । 12 x 5 = 60 

প্ৰতিবেদনবোৰত প্ৰায়েই উল্লেখ কৰা হয় যে ভাৰতবৰ্ষৰ মহাবিদ্যালয় উত্তীৰ্ণ শতকৰা ৪০ ভাগ ছাত্ৰ-ছাত্ৰী কৰ্মক্ষেত্ৰত নিযুক্তিৰ কাৰণে অযোগ্য । মই ইয়াৰ কেৱল সংখ্যাটোৰ লগত একমত নহওঁ । যুৱ-প্ৰজন্মৰ লগত সঘনে মত বিনিময় কৰা ব্যক্তি হিচাপে মই কব পাৰোঁ যে শতকৰা 90 ভাগ ছাত্ৰ-ছাত্ৰীয়েই কৰ্ম ক্ষেত্ৰত নিযুক্তিৰ কাৰণে অযোগ্য । কাৰণ, তেওঁলোক গা এৰা দিয়া স্বভাৱৰ আৰু তেওঁলোকৰ দায়িত্ববোধৰ অভাৱ ৷ এই প্ৰসংগত কব পাৰি যে যুৱ-প্ৰজন্মই বেয়া আচৰণকেই আত্ম-বিশ্বাস বুলি ভ্ৰম কৰে । তেওঁলোকে কষ্ট নকৰাকৈ অপৰ্যাপ্ত ধন ঘটিব খোজে ।

  তেওঁলোক যে কোনো কামৰ লায়ক নহয়, এই কথাও সঁচা নহয় । তেওঁলোকৰ সৰহ ভাগে ভাল ইংৰাজী কব পাৰে আৰু তেওঁলোক সৰ্বাধুনিক ভ্ৰাম্যভাস (মোবাইল ফোন) পৰিচালনা, বোলছবি, খুহতীয়া কথাৰ সঁফুৰা আদিৰ বিষয়ে অংগত কিন্তু মই যদি অলপ গভীৰলৈ যাওঁ, তেওঁলোকে মোৰ মুখলৈ শূন্য দৃষ্টিৰে চায় | তেওঁলোকৰ বাস্তৱিক জ্ঞান বুদ্ধি নাই, কিন্তু অগাধ ধন সম্পত্তি কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰৱল আকাঙ্খা । ইয়াৰ কাৰণে সঘনাই প্ৰচাৰিত প্ৰচাৰ মাধ্যমৰ সমীক্ষা আৰু বিভিন্ন কোম্পানীৰ দৰমহাৰ গাঁঠনিৰ জৰীপ কম দায়ী নহয় । এইবোৰলৈ চাই তেওঁলোক ধন ঘটিবলৈ আগ্হী হয় সচা, কিন্তু তেওঁলোকৰ তেনে দৰমহা লাভ কৰিবৰ কাৰণে কৰ্ম-কুশলতা নাই । এয়ে তেওঁলোকৰ ডিগ্ৰী লাভৰ যথাৰ্থতাৰ ওপৰত সন্দেহ জন্মায় ৷ আপুনি তেওঁলোকক স্নাতক মহলৰ কোনো বিষয়ৰ ওপৰত প্ৰশ্ন কৰক, যুৱ প্ৰজন্মৰ সৰহভাগেই তৎকালেই মূৰ তল কৰিব । তেওঁলোকক পাঠ্য-বহিৰ্ভূত অতিৰিক্ত পঠনৰ বিষয়ে সুধিলে জানিবলৈ পাব যে কোনোৱে একো মূল্যৱান, কামত অহা কথা নপঢ়ে । এইবাৰ আন কথালৈ আহক ৷ তেওঁলোকক নীতিজ্ঞান বা সৎ আচৰণৰ বিষয়ে প্ৰশ্ন সোধক -- ‘তোমালোক কি বিষয়ত ভাল ? তোমালোকে আজৰি সময়ত কি কৰা ?' তেতিয়া সৰহ ভাগেই একো আঁজলি বিভ্ৰান্তিৰ দৃষ্টিৰে আপোনাৰ মুখলৈ চাব । সেই প্ৰশ্নবোৰৰ উত্তৰ তেওঁলোকে আপোনাৰ পৰাই জানিবলৈ বিচাৰিব -- ‘‘এই প্ৰশ্নবোৰৰ উত্তৰ কি দিম ?’

 তেওঁলোকক কৈ কোনো লাভ নাই যে এয়া তেওঁলোকৰ জীৱন আৰু তেওঁলোকে নিজে তেওঁলোকৰ বিষয়ে কব লাগে । যিহেতু তেওঁলোকে সদায় আনে যুগুতাই দিয়া উত্তৰ বিচাৰে, তেওঁলোকে সদায় সেইবোৰ কথাহে মনত ৰাখে, যিবোৰে তেওঁলোকক কৃতকাৰ্য হোৱাত সহায় কৰে । ‘যদি দীৰ্ঘদিন ধৰি মই অভ্যাস কৰোঁ, মই ইয়াক সঁচা যেন লগা কৰিব পাৰিম’ -- তেওঁলোকে কয় । এনেকৈয়ে, যুৱ-প্ৰজন্ম ৰাতিৰ ভিতৰতে সুদক্ষ পাঠক, ভাল গীটাৰ বাদক, প্ৰসিদ্ধ খেলুৱৈ অথবা সুনিপুণ অভিনেতা হব বিচাৰে | এনেবোৰ আধা-সিজা দক্ষতাৰ খতিয়ানে কোনো সাক্ষাৎকাৰ গ্ৰহণকাৰীক পতিয়ন নিয়াব পাৰিব বুলি মোৰ মনে নধৰে । 

যি সময়ত ভাৰতবৰ্ষ উন্নতিৰ পথত অগ্ৰসৰ হৈছে, সেই সময়ত আমি এটা চিন্তা-শূন্য নৱ-প্ৰজন্ম উৎপন্ন কৰিছোঁ, যাৰ প্ৰধান লক্ষ্য হৈছে একো নকৰাকৈ সুখ-সম্ভোগৰ জীৱন যাপন কৰা | দেখা গৈছে যে আমি অগনন ‘ডলাৰ বগৰী’ সৃষ্টি কৰিছোঁ যাৰ দূৰলৈ চোৱাৰ কোনো ক্ষমতা নাই, কৰ্মস্পৃহা নাই বা কোনো নৈতিক চেতনা নাই । তেওঁলোকক যদি সৰু সুৰা কাম কৰি কোনোমতে জীয়াই থকা আৰু জীৱনত কিবা এটা কৰি দেখুওৱাৰ মাজত কোনোবা এটা বাচি লবলৈ দিয়া হয়, সৰহ সংখ্যকে  কেৱল কোনোমতে জীয়াই থকাটোকে বাচি লব | তোমালোক চফল ডেকা, তোমালোকৰ মাজত কিছু আদৰ্শ চিন্তাই অৰ্থাৎ আদর্শবাদে ঠাই পোৱা উচিত ৷ এই আদৰ্শ কোনো কামত নাহিব পাৰে; কিন্তু এয়ে এটা কথা নিশ্চিত কৰিব যে তোমালোক কোনো এটা কাৰণ বা উদ্দেশ্য সাধনৰ কাৰণে দৃঢ়-প্রতিজ্ঞ । বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ কোনো কাৰণ বা উদ্দেশ্য সাধনৰ হকে সংগ্ৰাম কৰাৰ কোনো সংকল্প নাই । নৱ প্ৰজন্মৰ ভাটো চৰায়ে আওৰোৱা দি আওৰোৱা উত্তৰবোৰ শুনি মোৰ বোধ হৈছে যে বৰ্তমান যুগৰ নতুন মন্ত্ৰ হৈছে-ধন বা টকা পইচা ৷ যিজনে কিবা অৰ্থপূৰ্ণ, অধিক তাৎপৰ্যপূৰ্ণ কথা কয়, তেওঁ হৈছে এই যুগত অচল টকা ৷ 

প্ৰশ্নঃ

(a) কি কি কাৰণৰ হেতু আজি নৱ-প্ৰজন্ম কৰ্ম ক্ষেত্ৰত নিয়োগৰ কাৰণে অযোগ্য ? 12

(b) আজিৰ নৱ-প্ৰজন্মই লিখকৰ পৰা কি বিচাৰে ? 12

(c) লিখকৰ মতে নৱ-প্ৰজন্মৰ মূল উদ্দেশ্য কি? 12

(d) আজিৰ নৱ-প্ৰজন্মৰ নতুন মন্ত্ৰ কি বুলি বিবেচনা কৰা হয় ? 12

(e) বৰ্তমান সময়ৰ নৱ-প্ৰজন্মৰ আদৰ্শগত স্থিতি কেনে ধৰণৰ ? 12


3. তলত দিয়া কথাখিনিৰ সাৰাংশ এক তৃতীয়াংশ শব্দৰ ভিতৰত লিখা । শিৰোনাম দিয়াৰ আৱশ্যক নাই । সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখিব লাগিব । 60

ৰণকৌশলগত আৰু অথনৈতিক কাৰণৰ হেতুকে প্ৰতিৰক্ষাৰ ক্ষেত্রত আত্মনিৰ্ভৰশীলতা আহৰণ আৰু বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰাটো এতিয়া এক নুন্যতম আৱশ্যকতা হৈ পৰিছে; ই ইচ্ছা-অনিচ্ছাৰ কথা হৈ থকা নাই | আগতেও চৰকাৰে সশস্ত্ৰ বাহিনীৰ প্ৰয়োজন পূৰণৰ নিমিত্তে আৰু প্ৰতিৰক্ষা ক্ষেত্রত সহায়ক হবৰ কাৰণে অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰা কাৰখানা-চৰকাৰী আৰু ৰাজহুৱা উভয় খণ্ডতে গঢ়ি তুলিছে । এতিয়া সেইবোৰৰ উৎপাদন ক্ষমতা বঢ়োৱাটো অতি আৱশ্যকীয় হৈ পৰিছে | তাৰ বাবে ব্যক্তিগত খণ্ডৰ উদ্যোগকে নিয়োজিত কৰিবলগীয়া হৈ পৰিছে । এই ক্ষেত্ৰত স্থানীয়ভাৱে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ নিৰ্মানৰ বাবে ‘ভাৰতত নিৰ্মিত’ নামক এক প্ৰশংসনীয় উদ্যম লোৱা হৈছে | আন খণ্ডত’কে প্ৰতিৰক্ষা খণ্ডত বিদেশী মুদ্ৰা ৰাহি কৰিব পৰা যায় আৰু আন হাতে নিৰাপত্তাৰ দিশটো কটকটীয়া কৰিব পৰা যায় । 

 প্ৰতিৰক্ষা সামগ্ৰীৰ চৰকাৰেই একমাত্ৰ উপভোক্তা হোৱা হেতুকে ‘ভাৰতত নিৰ্মিত’ আমাৰ প্ৰতিৰক্ষা সামগ্ৰী ‘ ভাৰতৰ সস্ত্ৰ আহৰণ নীতি ’ৰ বাধা নিষেধৰ আওতাৰ বাহিৰত থাকিব । ভাৰতৰ সাম্প্ৰতিক অস্ত্ৰ আহৰণ নীতিৰ মাজত ধৰুৱা প্ৰতিৰক্ষা সামগ্ৰী উৎপাদক কাৰখানাসমূহক উৎসাহিত কৰাটো প্ৰতিফলিত হৈছে, ভাৰতত, নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰী ক্ষয় আৰু নিৰ্মানক ‘গোলকীয়’ প্ৰতিৰক্ষা সামগ্ৰী ক্ষয়ৰ ওপৰত স্থান দিয়া হৈছে । অদূৰ ভবিষ্যৎ কালত প্ৰতিৰক্ষা সামগ্ৰী আমদানি কৰাটো বিৰলৰ ভিতৰত বিৰলতম কথা হব । প্ৰতিৰক্ষা সামগ্ৰী উৎপাদন আৰু যোগানৰ ক্ষেত্ৰত ভাৰতীয় উদ্যোগ সমূহক আগ সুবিধা দিয়া হব । প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় কোম্পানিসমূহৰ সামৰ্থ্য যদিও সীমিত সিবোৰক বিদেশী কোম্পানিৰ অংশীদাৰ হবলৈ আৰু বিদেশী কলাকৌশল হস্তান্তৰত চামিল হবলৈ অথবা বিদেশী কোম্পানিৰ লগত যৌথ উদ্যোগ গঢ়ি তুলিবলৈ উৎসাহিত কৰা হৈছে ।

 এই পৰ্যন্ত অনুজ্ঞাপত্ৰ প্ৰদান আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত থকা বাধা-নিষেধসমূহে ঘৰুৱা উদ্যোগৰ প্ৰতিৰক্ষা খণ্ডত প্ৰৱেশৰ কাৰণে কিছু আহুকালৰ সৃষ্টি কৰি আহিছে । সেয়ে ঘৰুৱা উদ্যোগসমূহৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ প্ৰয়োজনীয় সামগ্ৰী উৎপাদনত যোগদান প্ৰক্ৰিয়া সহজ কৰিবৰ নিমিত্তে চৰকাৰে বিশেষ উদ্যম লৈছে । ইয়াৰ ভিতৰত সবাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰতিৰক্ষা ক্ষেত্ৰত বিদেশী পুঁজি বিনিয়োগৰ নীতিৰ উদাৰীকৰণ । এতিয়া যন্ত্ৰ-পাতিৰ প্ৰয়োজনীয় অংশ পাতি নিৰ্মান, কেঁচামাল পৰীক্ষণ, উৎপাদনক্ষম যন্ত্ৰপাতি নিৰ্মান আদিৰ অনুজ্ঞাপত্ৰ প্রদান প্রক্ৰিয়া সৰলীকৃত কৰা হৈছে । যিবোৰ কোম্পানিয়ে এনেবোৰ সামগ্ৰী উৎপাদন কৰিবলৈ বিচাৰে সেইবোৰ কোম্পানিক কোনো ঔদ্যোগিক অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহয় ।

 ঘৰুৱা আৰু বিদেশী বিনিয়োগকাৰীৰ কাৰণে প্ৰতিৰক্ষা খণ্ডত বৃহৎ সুযোগ আছে । চৰকাৰে যিহেতু বিদেশী সামগ্ৰী ক্ৰয়ৰ আৰু বিদেশী পুঁজি বিনিয়োগৰ নীতি সলনি কৰিছে ৷ আমাৰ উদ্যোগসমূহেও তাৰ প্ৰতি সঁহাৰি জনাই অসীম উৎসাহেৰে ওলাই আহিব লাগে আৰু নিজৰ নিজৰ প্ৰযুক্তিৰ উন্নতি সাধন কৰি অধিক বিনিয়োগৰ কাৰণে আগবাঢ়ি আহিব লাগে । উদ্যোগসমূহে পূৰ্বৰ মানসিক স্থিতি সলনি কৰি, ক্ষনস্বায়ী লাভলৈ চকু নিদি, দীৰ্ঘম্যাদী লাভৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব লাগে । আমি এতিয়া গৱেষনা আৰু বিকাশৰ ওপৰত আৰু উৎপাদন ক্ষমতাৰ কলা-কুশলতা বঢ়োৱাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে । ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত যোগ দানৰ কাৰণে ঘৰুৱা খণ্ডক উৎসাহিত কৰিব লাগে আৰু সেইবোৰক বিদেশী বিনিয়োগ কাৰীৰ লগত ফেৰ মাৰি চলিবলৈ এখন সমতল ক্ষেত্ৰ প্ৰদানৰ পৰিবেশ গঢ়ি তুলিব লাগে । 
(483 শব্দ) 

4. তলত দিয়া কথাখিনি ইংৰাজীলৈ অনুবাদ কৰা । 20 

আৰবৰ বিশাল অংশ মৰুভূমি । ইয়াত কতো একো নাই । কেৱল বালি আৰু শিলাখণ্ড । বালি ইমান গৰম যে তাত তুমি দিনৰ ভাগত খালি ভৰিৰে খোজ কাঢ়িব নোৱাৰা । মৰুভূমিৰ মাজত অ’ত ত’ত কিছুমান পানীৰ ফোৱাৰা আছে, যিবোৰ মাটিৰ তলৰ পৰা ওলাইছে । সেইবোৰ ইমান তলৰ পৰা ওলাইছে যে সূৰ্যৰ প্ৰখৰ ৰ’দেও সেইবোৰ শুকাব নোৱাৰে । সেই ফোৱাৰাবোৰ ইটোৰ পৰা সিটো বহুত দূৰৈত । সেই ফোৱাৰাবোৰৰ পাৰত ওখ ওখ গছ গজি ঠাই কেইখন যথেষ্ট মনোৰম, সেউজীয়া, শীতল কৰি তোলে । তাকে ‘মৰুদ্যান’ বোলে । 

         যিসকল আৰব মানুহ নগৰে চহৰে নাথাকে তেওঁলোক গোটেই বছৰ মৰুদ্যানত বসবাস কৰে । তেওঁলোকে এনেকুৱা তম্বু তৰি লয় যিবোৰ প্ৰয়োজনসাপেক্ষে অন্য ঠাইলৈ উঠাই নিব পাৰি | এনেদৰে তেওঁলোকে এখন মৰুদ্যানৰ পৰা আন এখন মৰুদ্যানলৈ সংক্ৰমণ কৰে । তেওঁলোকে পোহনীয়া ভেড়া, ছাগলী, ভেৰা, উট আৰু ঘোঁৰাৰ কাৰণে ঘাঁহ আৰু পানী বিচাৰি এখন মৰুদ্যানৰ পৰা আন এখন মৰুদ্যানলৈ ঘূৰি ফুৰে । এই সকল আৰব লোকে মৰুদ্যানত হোৱা পকা মিঠা ডিমৰু আৰু খেজুৰ খাই জীৱন নিৰ্বাহ কৰে | তেওঁলোকে সেইবোৰ শুকাই ভবিষ্যতলৈ সাঁচি ৰাখে আৰু ওৰে বছৰ তাকে খাই জীয়াই থাকে । 

      আৰৱসকলৰ ঘোঁৰা পৃথিৱীৰ ভিতৰত সৰ্বোৎকৃষ্ট । প্ৰতিজন আৰবেই অশ্বাৰোহনৰ কাৰণে গৰ্বিত । এজন আৰবে তেওঁৰ ঘোঁৰাক তেওঁৰ পত্নী আৰু সন্তানৰ সমানেই ভাল পায় । এজন আৰবৰ কাৰণে এই সুন্দৰ ঘোঁৰাতকৈ উট বেছি উপকাৰী । উট ঘোঁৰাতকৈ দীঘল আৰু বলবান । এটা উটে দুটা বা তাতকৈ বেছি ঘোঁৰাৰ সমান বোজা কটিয়াব পাৰে । আৰবসকলে উটৰ পিঠিত মালৰ বোজা তুলি দি, নিজেও উঠি মৰুভূমিৰ মাজেৰে মাইলৰ পিছত মাইল ভ্ৰমণ কৰে । তেওঁলোকৰ মনত উটেই যেন ‘মৰুভূমিৰ জাহাজ’ আৰু এই নামেৰেই উটক জনা মায় । 
5. তলৰ কথাখিনি অসমীয়ালৈ অনুবাদ কৰা । 20

Language and communication are something that children learn by talking to one another. But schools consider this an act of indiscipline. Instead, we have a special grammar class to learn language ! One educationist remarked. 'It is nice that children spend just a few hours at school. If they spend all 24 hours in schools, they will turn out to be dumb !' In most schools, teachers talk, children listen. The same is true for other skills also. Children learn a great deal without being taught, by tinkering and pottering on their own. 

Changes in the school system. if they are to be of lasting significance. must spring from the actions of teachers in their classrooms, teachers who are able to help children collectively. New programmes, new materials and even basic changes in organisational structure will not necessarily bring about healthy growth. A dynamic and vital atmosphere can develop when teachers are given the freedom and support to innovate. One must depend ultimately upon the initiative and respectfulness of such teachers and this cannot be promoted by prescribing continuously and in detail what is to be done. 

In education wo can cry too much about money. Sure, we could use more, but some of the best classrooms and schools I have seen or heard of. spend far less per pupil than the average in our schools today. We often don't spend well what money we have. We waste large sums on fancy buildings, unproductive administrative staff, on diagnostic and remedial specialists, on expensive equipment that is either not needed, or underused or badly misused, on tons of identical and dull textbooks, readers and workbooks, and now on latest devices like computers. For much less than what we do spend, we could make our classrooms into far better learning environments than most of them are today. 


6.(a) তলৰ জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা । 2 x 5 = 10 

 (i) বিৰ দি বাট নোপোৱা 

(ii) হাত লৰ 

(iii) পানীৰ তলৰ কাঁইট 

(iv) আলাসৰ লাৰু 

(v) আটোম টোকাৰি 

(b) তলত দিয়া শব্দবোৰৰ একোটাকৈ বিপৰীতাৰ্থক লিখা । 1 x 10 = 10

(i) শীতল 

(ii) ঠেক 

(iii) বেগী 

(iv) লাহে লাহে 

(v) শকত 

(vi) জন্ম 

(vii) কথমপি 

(viii) কঠিন

(ix) আগ

(x) এলেহুৱা

(c) তলত দিয়া শব্দবোৰৰ সন্ধি কৰা । 1 x 10 = 10 

(i) হিম + আলয় 

(ii) নৰ + ঈশ্বৰ 

(iii) নীল + উৎপল 

(iv)  কটু + উক্তি 

(v) সাৰ + অংশ 

(vi) যথা + উচিত 

(vii) সাৰ + উদ্ধাৰ 

(viii) সদা + আনন্দ 

(ix) পুনৰ + উদ্ধাৰ 

(x) ইতি + আদি 

(d) তলত দিয়া প্রবচনকেইটাৰ ভাব সম্প্ৰসাৰণ কৰা । 5 x 2 = 10  

(i) লাউ ডাঙৰ হলেও পাতৰ তল ।

(ii) ৰৌ বৰালী সৰকি যায়, 

   পুথি খলিহা পাহে পাহে ৰয় ।

*  *  *

Post a Comment

0 Comments