Assamese Optional Literature Previous- cum Old Question Paper II for UPSC CS MAINS, 2018 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- I ( সাহিত্য ), ASSAMESE PAPER - I LITERATURE

 

CS MAIN EXAM, 2018

অসমীয়া 

প্ৰশ্নকাকত- I

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ কৰাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা 


প্ৰশ্নকাকতখনত দুটা শাখাত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - I

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 

upsc, apsc assamese optional papers

SECTION - A


1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঃ 10 x 5 = 50

(a) অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কত থকা প্ৰধান মত দুটা কি কি? তুমি কোনটো মত নিৰ্ভৰযোগ্য বুলি ভাবা, যুক্তিসহ আলোচনা কৰা ৷ 


(b) অসমীয়া ব্ৰজবুলি গদ্যৰ জনক কোন? তেওঁৰ গদ্যৰ বিষয়ে চমুকৈ লিখা। 


(c) অসমীয়া ভাষাত উচ্চাৰিত বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি? শব্দৰ আদি আৰু মধ্য স্থানত এই স্বৰকেইটাৰ প্রয়োগ দেখুওৱা ৷


 (d) ড০ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ শব্দসম্তাৰক কেঁইটা আৰু কি কি ভাগত ভাগ কৰিছে? উদাহৰণসহ আলোচনা কৰা । 


(e) অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনিসমূহক কি কি ভিত্তিত, কেনেদৰে শ্ৰেণীবিভাজন কৰা হৈছে, তালিকাভুক্ত কৰি বিৱৰণ দিয়া । 


2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰাঃ

(a) মান্য অসমীয়া ভাষা আৰু কামৰূপী উপভাষাৰ মাজত ধ্বনিগত, ৰূপগত আৰু শব্দগত দিশত থকা প্রধান পাৰ্থক্যবোৰ উদাহৰণসহ দেখুওৱা। 20 


(b) প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক শব্দৰ পাছত যোগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰে কিদৰে শব্দ বা পদৰ পিছত বহি অর্থ প্রকাশ কৰে, উদাহৰণসহ আলোচনা কৰা ৷ 15 


(c) অসমীয়া স্বাৰ্থিক প্রত্যয়বোৰ ক’ত আৰু কি অর্থত, কেনেদৰে ব্যৱহাৰ হয়, উদাহৰণসহ বৰ্ণনা কৰা। 15 


3. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ কৰাঃ

(a) ভাৰতীয় আর্যভাষাক কেইটা স্তৰ বা ভাগত ভাগ কৰা হৈছে? প্রতিটো স্তৰৰ সময় আৰু বৈশিষ্ট্য উল্লেখ কৰি নব্য- ভাৰতীয় আৰ্যভাষা হিচাপে অসমীয়া ভাষাৰ উৎসৰ বিষয়ে লিখা । 20 


(b) অসমীয়া ভাষাৰ শব্দভাণ্ডাৰত থকা আৰ্যভিন্ন ভাষাৰ উপাদানবোৰৰ বিষয়ে আলোচনা কৰা। 15 


(c) অসমীয়া গদ্যসাহিত্যলৈ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্যৰ অৱদান সম্পৰ্কে চমুকৈ লিখা ৷ 15


 4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰাঃ

(a) ব্যৱহাৰিক গদ্য হিচাপে অসমীয়া বুৰঞ্জী-সাহিতাৰ গদ্যৰ বিশেষত্ব সম্পর্কে আলোচনা কৰা। 20 


(b) আহোম যুগত প্ৰয়োগ হোৱা লিপিসমূহৰ বিৱৰণ দাণ্ডি ধৰি 'ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা ৷ 15 


(c) ‘অসমীয়া ভাষা মাগদী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে ।'' উক্ত কথাষাৰিৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা ৷ 15


SECTION - B

5. তলৰ প্রতিটো প্রশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঃ 10 x 5 = 50

(a) অসমীয়া সমালোচনা সাহিত্যৰ গতি-প্ৰকৃতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। 


(b) সাম্প্ৰতিক অসমীয়া কৰিতাৰ বিষয়বস্তুৰ নতুনত্ব সম্পৰ্কে নিদৰ্শনসহ আলোচনা কৰা ৷ 


(c) নাটকৰ প্ৰধান উপাদান কি কি ? নাটকত সংলাপৰ স্থান, এই বিষয়ে এটি চমু আলোচনা যুগুত কৰা ৷  


(d) ঝুমুৰাৰ প্ৰধান লক্ষণ কি কি? মাধৱদেৱৰ যি কোনো এখন ঝুমুৰাত এই লক্ষণবোৰ কেনেদৰে প্রকাশ পাইছে, বিচাৰ কৰা ৷ 


(e) আধুনিক অসমীয়া ভাষা-সাহিতাব ক্ষেত্ৰখনলৈ ‘অৰুণোদই’ সংবাদপত্ৰৰ অৱদান সম্পৰ্কে চমুকৈ লিখা।


 6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰাঃ

(a) ‘চৰ্যাপদ’সমূহত তৎকালীন অসমৰ সমাজ-জীৱনৰ চিত্র কেনেদৰে প্রতিফলিত হৈছে, এই সম্পৰ্কে এটি নিবন্ধ যুগুত কৰা। 20


(b) উত্তৰ-আধুনিকতাবাদী সাহিতাৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি, অসমীয়া সাহিত্যৰ প্ৰসংগত বিচাৰ কৰা। 15


(c) শ্ৰীশংকৰদেৱ বিৰচিত বৰগীতৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা ৷ 15


7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰাঃ

(a) উদ্ভৱ-কালৰ অসমীয়া উপন্যাস, এই শীৰ্ষক এটি চমু নিবন্ধ যুগুত কৰা। 20


(b) স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ প্ৰকৃতি আৰু বৈশিষ্ট্য সম্পৰ্কে এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা । 15


(c) অসমীয়া এব্ছাৰ্ড নাটক সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা ৷ 15


৪. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ কৰাঃ

(a) আধুনিকতাবাদৰ প্ৰধান লক্ষণবোৰ কি কি? এইবোৰ অসমীয়া সাহিত্যত কেনেদৰে প্ৰকাশ পাইছে, তথ্যসহ দেখুৱাবলৈ চেষ্টা কৰা। 20


(b) অসমীয়া সমালোচনা সাহিত্যৰ বিকাশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা। 15


(c) অসমীয়া সমালোচনা সাহিত্যলৈ ড০ বাণীকান্ত কাকতিৰ অৱদানৰ বিষয়ে লিখা । 15


*  *  *

Post a Comment

0 Comments