Assamese Optional Literature Previous- cum Old Question Paper II for UPSC CS MAINS, 2014 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- II ( সাহিত্য ), ASSAMESE PAPER - II LITERATURE

          

CS MAIN EXAM, 2014

অসমীয়া 

প্ৰশ্নকাকত- II

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা


প্ৰশ্নকাকতখনত দুটা অংশত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো অংশৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যিধৰণে দিয়া হৈছে, সেইধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - II

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 




UPSC APSC ASSAMESE OPTIONAL PAPER -II








SECTION - A


1. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 10 x 5=50 

(a) মাধৱ কন্দলিৰ ‘ৰামায়ণ’ৰ ‘অযোধ্যা কাণ্ড’ত দশৰথৰ মৃত্যু আৰু ৰামৰ বন-গমনৰ বাৰ্তা শুনি ভৰতে কৈকেয়ীক কিদৰে তিৰস্কাৰ কৰিছিল, তোমাৰ ভাষাত লিখা । 


(b) ‘‘ ‘পাৰিজাত হৰণ’ নাটত ৰুক্মিণীক এগৰাকী সৰ্বগুণসম্পন্না নাৰীৰূপে চিত্ৰিত কৰা হৈছে।’’ এই কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰা । 

(c) ‘কীৰ্ত্তন-ঘোষা’ত শৃঙ্গাৰ ৰসাত্মক গোপীকৃষ্ণৰ ‘ৰাসক্ৰীড়া’ৰ মাজেৰে ভক্তিৰ মাহাত্ম্য কিদৰে প্রকাশ কৰা হৈছে, আলোচনা কৰা । 

(d) ‘কথা-ভাগৱত’ত ‘ভাগৱতৰ দশ লক্ষণ’ৰ কথাখিনি তোমাৰ ভাষাত লিখা। 

(e) মাধৱদেৱে বৰগীতত শিশুকৃষ্ণৰ বাল্যলীলাৰ বৰ্ণনাটোক কিদৰে ভক্তিৰ স্তৰলৈ উন্নীত কৰিছে, বিচাৰ কৰা। 

2. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ

 (a) ‘পাৰিজাত হৰণ’ নাটত সমধৰ্মিতাৰ ভেটিত অঙ্কিত শচী আৰু সত্যভামাৰ চৰিত্র দুটাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা । 20 

 (b) ‘ৰাজসূয়’ কাব্যখনত ইন্দ্ৰপ্ৰস্থ আৰু সুধৰ্মা সভাৰ বৰ্ণনাত মাধৱদেৱৰ কাব্যিক দক্ষতা কিদৰে অভিব্যক্ত হৈছে, আলোচনা কৰাঁ । 15

 (c) ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্রীড়া’ অধ্যায়ত কৃষ্ণ আৰু গোপীসকলক যথাক্ৰমে পৰমাত্ম৷ আৰু জীৱাত্মাৰ অর্থত গ্ৰহণ কৰি পৰমাত্মাৰ প্ৰতি জীৱাত্মাৰ আকৰ্ষণ আৰু মিলন বুলি অভিহিত কৰাৰ কাৰণ ব্যাখ্যা কৰী। 

3. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250টা শব্দৰ ভিতৰত লিখিব লাগিবঃ  

(a) ‘গুৰু-চৰিত-কথা’ত শঙ্কৰদেৱৰ শিক্ষা আৰু ধৰ্মীয় জীৱনৰ কোনবোৰ দিশ সামৰি লোৱা হৈছে, আলোচনা কৰাঁ । 20

(b) ‘কথা-ভাগৱত’ৰ তোমাৰ পাঠ্যাংশৰ আধাৰত ভট্টদেৱৰ গদ্যৰীতিৰ বিশেষত্ববোৰ বিচাৰ কৰাঁ। 15

(c) ‘কথা-ভাগৱত’ৰ গদ্যৰীতি আৰু ‘গুৰু-চৰিত-কথা’ৰ গদ্যৰীতিৰ এটি তুলনামূলক আলোচনা যুগুত কৰাঁ । 15

4, তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 

(a) কি কি নাটকীয় কলাকৌশলৰ কাৰণে ‘পাৰিজাত হৰণ’ নাটখনক শঙ্কৰদেৱৰ সৰ্বশ্ৰেষ্ঠ নাট বোলা হৈছে, বিশ্লেষণ কৰা । 

(b) ‘ৰাজসূয়’ কাব্যখনত ময়দানৱৰ চৰিত্ৰটো অঙ্কন কৰোঁতে মাধৱদেৱে কাব্যিক প্ৰতিভাৰ পৰিচয় কেনেদৰে দিছে, ব্যাখ্যা কৰা। 

(c) ‘গুৰু-চৰিত-কথা’ৰ আধাৰত মধ্যযুগৰ অসমৰ শিক্ষাব্যৱস্থা আৰু অর্থনৈতিক অৱস্থাৰ কি আভাস পোৱা যায়, আলোচনা কৰা । 15

SECTION - B

5. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 10 x 5=50 

(a) ‘মোৰ জীৱন সোঁৱৰণ’ত বেজবৰুৱাৰ জন্ম-বিৱৰণ কিদৰে উপস্থাপিত হৈছে, তোমাৰ ভাষাত লিখা ৷


(b) ‘কৃপাবৰ বকৱাৰ কাকতৰ টোপোলা’ত ব্যঙ্গৰ মাজেৰে অসমীয়া সমাজ-সংস্কাৰৰ কোনবোৰ দিশত আলোকপাত কৰিছিল, লিখা ৷


(c) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ত ৰোমাণ্টিক ভাৱধাৰাৰ কি কি আভাস পোৱা যায়, আলোচনা কৰা । 


(d) ‘জীৱনৰ বাটত’ উপন্যাসখনত ধৰণী মাষ্টৰৰ চৰিত্ৰটোৰ মাজেৰে গান্ধীবাদৰ আদৰ্শ কিদৰে পৰিস্ফুট হৈছে, আলোচনা কৰা। 


(e) ‘গাঁওবুঢ়া’ নাটকত ভোগমনৰ চৰিত্ৰটোৰ মাজেৰে ইংৰাজৰ কুশাসনৰ ছবি কিদৰে ফুটি ওলাইছে, লিখা । 


6. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 


(a) তোমাৰ মতে ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ আটাইতকৈ আকৰ্ষণীয় চৰিত্ৰটোৰ বিষয়ে এটা প্ৰবন্ধ ৰচনা কৰা। 20 


(b) ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ কাঞ্চনকুমাৰীৰ চৰিত্ৰটো চিত্রণত জ্যোতিপ্ৰসাদৰ প্ৰতিভা কিদৰে অভিব্যক্ত হৈছে, সম্যকভাৱে আলোচনা কৰা। 15 


(c) ‘মনোমতী’ উপন্যাসত লক্ষ্মীকান্ত আক মনোমতীৰ মিলন কেতিয়া, ক’ত আৰু কেনেকৈ হৈছিল, লিবা ৷ 15 


7. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ

 (a) ‘পুৰণি অসমীয়া সাহিত্য’ পুথিখনত অসমৰ ‘লৌকিক গীত’ সম্পর্কে ড০ কাকতিয়ে কি কি দিশত আলোকপাত কৰিছে, স্পষ্টভাৱে আলোচনা কৰাঁ । 20 

 (b) ‘গাঁওবুঢ়া’ নাটকখনত প্ৰহসনৰ লক্ষণবোৰ কিদৰে পৰিস্ফুট হৈছে, বিচাৰ কৰা। 15 

 (c) ‘কাৰেঙৰ লিগিৰী’ নাটকখনত অনঙ্গৰাম আৰু সুন্দৰ কোৱৰৰ চৰিত্র দুটা বিশ্লেষণ কৰা। 15 


৪. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিবঃ 

(a) ‘পুৰণি অসমীয়া সাহিত্য’ৰ অন্তৰ্গত ‘কাণখোৱা’ নামৰ প্ৰবন্ধটোত আছে ‘‘এপিনে ইয়াত শিশুজীৱনৰ নিকপটীয়া প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভক্তিভাৱ পূৰ্ণচন্দ্ৰ নিচিনাকৈ বিৰাজ কৰিছে।”’ এই উক্তিৰ যুক্তিযুক্ততা ,_ প্রতিপন্ন কৰা। 20 

(b) ‘‘ জীৱনৰ বাটত’ উপন্যাসখনিৰ মাজেদি প্ৰবাহিত হৈ আছে নিৰন্তৰ এটি ভাগ্যবাদী সুৰ ।’’  তগৰৰ জীৱনবৃত্তৰ আধাৰত এই কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। 15 

(c) নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাটোৰ মূল বক্তব্য কি, সম্যকভাৱে বিশ্লেষণ কৰা । 15

*  *  *


Post a Comment

0 Comments