Assamese Optional Literature Previous- cum Old Question Papers for UPSC CS MAINS, 2019 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- I ( সাহিত্য ), ASSAMESE PAPER - I LITERATURE

 

CS MAIN EXAM, 2019

অসমীয়া 

প্ৰশ্নকাকত- I 

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ কৰাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা 


প্ৰশ্নকাকতখনত দুটা শাখাত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - I 

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 



upsc , apsc assamese optional paper -2019




SECTION - A

1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিবঃ  10 x 5 = 50 

(a) অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশৰ বিষয়ে বহলাই আলোচনা কৰা ৷ 

(b) বুৰঞ্জীৰ গদ্যৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰি এটি প্ৰবন্ধ লিখা ৷ 

(c) অসমীয়া ভাষাৰ স্বাৰ্থিক প্রত্যয়ৰ প্ৰয়োগ উদাহৰণৰ সৈতে দেখুওৱা ৷

(d) ভাষা আৰু উপভাষাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। 

(e) অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰত কি কি বেলেগ ভাষাৰ শব্দ পোৱা যায়, চমুকৈ আলোচনা কৰা ।

 2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ 

(a) অসমীয়া ভাষাৰ স্বৰধ্বনি (Vowel phonemes) কেইটা আৰু কি কি? স্বৰধ্বনিৰ তালিকা প্ৰস্ত্ত কৰি 

      প্ৰত্যেকৰে প্রয়োগ দেখুওৱা ৷ 20

(b) অসমীয়া ভাষাৰ কৃৎ প্ৰত্যয় আৰু তদ্ধিত প্রত্যয়ৰ প্ৰয়োগ দেখুৱাই চমু আলোচনা দাঙি ধৰা। 15  

(c) নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ নির্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ চমু আলোচনা কৰা ৷ 15

3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ 

(a) অসমীয়া লিপিৰ বিকাশৰ ইতিহাস বৰ্ণনা কৰা। 20

(b) ব্ৰাহ্মীলিপিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 15

(c) ‘গুৰু-চৰিত-কথা’ৰ গদ্যশৈলীৰ বিশেষত্ব আলোচনা কৰা। 15

4, তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখিব লাগিবঃ 

(a) অসমীয়া ভাষাত ক্ৰিয়াৰ কাল কেইপ্ৰকাৰৰ আৰু কি কি? উদাহৰণৰ সৈতে লিখা ৷ 20  

(b) মান্য অসমীয়া আৰু কামৰূপী উপভাষাৰ মাজত থকা শব্দগত আৰু ৰূপগত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা। 15 

(c) ধাতু কাক বোলে আৰু কেইপ্ৰকাৰৰ ? অসমীয়া ভাষাৰ ধাতুৰূপৰ বিষয়ে আলোচনা কৰা ।  15


SECTION - B

5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিবঃ 10 x 5 = 50

(a) অসমীয়া সমালোচনা সাহিত্যৰ চমু ইতিহাস দাঙি ধৰা। 

(b) জোনাকী যুগৰ অসমীয়া কবিতাৰ ঘাই বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

(c)“চৰ্যাগীত’ৰ মাজেদি প্ৰকাশ পোৱা দার্শনিক তত্ত্বৰ বিষয়ে চমুকৈ লিখা । 

(d) আৱাহন যুগৰ চুটিগল্পৰ ঘাই বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

(e) অসমীয়া ভ্ৰমণ সাহিত্যৰ বিষয়ে চমু আলচ আগবঢ়োৱা ৷ 

6. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) অংকীয়া নাটৰ ভাষা আৰু সূত্ৰধাৰৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰা। 20

(b)অসমীয়া সাহিত্যলৈ জয়ন্তী যুগৰ কবিসকলৰ অৱদানৰ মূল্যায়ন কৰা।15

(c) সমালোচনা সাহিত্য বুলিলে কি বুজা? আধুনিক যুগৰ সমালোচনা সাহিত্যৰ গতি-প্রকৃতি নিৰ্ণয় কৰা।15

 7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) মাধৱ কন্দলিৰ কাব্যশৈলীৰ বিশেষত্ব আলোচনা কৰা । 20

(b) অংকীয়া নাট আৰু ঝুমুৰাৰ গঠনশৈলীৰ তুলনা কৰা।  15

(c) অসমীয়া সাহিত্যৰ দুজন প্ৰখ্যাত সমালোচকৰ সমালোচনাৰ ধাৰা সম্পৰ্কে বিৱৰি লিখা ৷ 15 

৪. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিবঃ

(a) এৱছাৰ্ড নাটক বুলিলে কি বুজা? অসমীয়া এৱছাৰ্ড নাটকৰ বিষয়ে আলোচনা কৰা 20 

(b) ‘অৰুণোদয় যুগ’ৰ সাহিত্যৰ এক চমু আলোচনা দাঙি ধৰা। 15 

(c) অসমীয়া গীতি-সাহিত্যলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান--শীৰ্ষক এটি প্ৰবন্ধ যুগুত কৰা। 15

*  *  *

Post a Comment

0 Comments