Assamese Optional Literature Previous- cum Old Question Paper II for UPSC CS MAINS, 2020 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- II ( সাহিত্য ), ASSAMESE PAPER - II LITERATURE

 

CS MAIN EXAM, 2020

অসমীয়া 

প্ৰশ্নকাকত- II

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                             সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ কৰাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি  লোৱা 


প্ৰশ্নকাকতখনত দুটা শাখাত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - II 

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 

Assamese Optional for UPSC IAS , APSC previous question paper - ii , 2020






SECTION - A

1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিবঃ 10*5=50

(a) পিতৃৰ মৃত্যু আৰু ৰামচন্দ্ৰৰ বনবাসৰ কথা শুনি ভৰতে কেনে প্ৰতিক্ৰিয়া প্রকাশ কৰিছিল?

(b) সত্যভামাৰ কি কাৰণে ঈৰ্ষা জন্মিছিল আৰু সেই ঈৰ্ষাৰ জুই কেনেকৈ নিৰ্বাপিত হৈছিল? 

(c)মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহৰ মাজেৰে প্ৰধানকৈ কি ৰসৰ পৰিস্ফুৰণ ঘটিছিল আৰু সেই ৰস 

কিহলৈ উত্তীৰ্ণ হৈছিল? 

(d) ৰাসক্ৰীড়াৰ সময়ত শ্ৰীকৃষ্ণই গোপিনীসকলক কি অপ্ৰিয় বাণী শুনাইছিল আৰু ফলত কি হৈছিল?

(e) ‘কথা ভাগৱত’ত বৰ্ণিত ভাগৱতৰ দশ লক্ষণ কি কি? 

2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) ‘ৰাজসূয় কাব্য’ৰ ইন্দ্ৰপ্ৰস্থ আৰু সুধৰ্মা সভাৰ বৰ্ণনাত মাধৱদেৱৰ কাব্য-প্ৰতিভা কেনেদৰে পৰিস্ফুট হৈছে, "আলোচনা কৰা । 20 

(b) ‘কথা ভাগৱত’ত আলমত ভট্টদেৱৰ গদ্যৰীতিৰ বিষয়ে এটি প্ৰৱন্ধ যুগুত কৰাঁ। 15 

(c) ‘গুৰুচৰিত কথা’ৰ আলমত শংকৰদেৱ আৰু মহাৰাজ নৰনাৰায়ণৰ বাৰ্তালাপৰ আভাস দিয়া । 15 

3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঃ  

(a) '‘ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি।

 সবে বোলে মোকসে আলিঙ্গি আছে হৰি ” 

এই কথাষাৰৰ পটভূমি আৰু তাৎপৰ্য ব্যাখ্যা কৰা । 20 

(b) ‘ৰাজসূয় কাব্য’ৰ ময়দানৱ চৰিত্ৰটি বিশ্লেষণ কৰা । 15

(c) ‘গুৰুচৰিত কথা’ৰ আধাৰত মধ্যযুগৰ অসমৰ সামাজিক আৰু অর্থনৈতিক অৱস্থাৰ আভাস দিয়া  15

4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) ‘পাৰিজাত হৰণ’ নাটখনক শংকৰদেৱৰ সৰ্বশ্ৰেষ্ঠ নাট বোলাৰ যথাৰ্থতা আলোচনা কৰাঁ। 20

(b) ‘গুৰুচৰিত কথা’ৰ গদ্যৰীতিৰ আভাস দিয়া। 15

(c) ৰামায়ণৰ ‘অযোদ্ধা কাণ্ড’ৰ কাব্যিক সৌন্দৰ্যৰ সম্যক আভাস দিয়া । 15




SECTION - B

 5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: 10 x 5=50

(a) ‘মোৰ জীৱন সোঁৱৰণ’ৰ আধাৰত বেজবৰুৱাই পিতৃৰ সৈতে নামনিৰ পৰা উজনিলৈ কৰা নৌকাযাত্ৰাৰ অভিজ্ঞতাৰ বৰ্ণনা কৰা।

(b) ‘মনোমতী’ উপন্যাসত লক্ষ্মীকান্ত আৰু মনোমতীৰ মিলন ক’ত, কেতিয়া আৰু কেনেকৈ হৈছিল?

(c) ‘গাঁওবুঢ়া’ নাটকত নাট্যকাৰে কেনেদৰে হাস্যৰস সৃষ্টি কৰিছিল? 

(d) ‘সম্ৰাট’ত কবিয়ে কাৰ কথা বৰ্ণনা কৰিছে আৰু তেওঁ কিহৰ কাৰণে অনুশোচনা কৰিছে? 

(e) ‘মৃত্যুঞ্জয়ত ৰেল বগৰোৱাৰ পৰিকল্পনা কোনে, ক’ত আৰু কেনেকৈ কৰিছিল? 

6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঃ 

(a) ‘‘ ‘জীৱনৰ বাটত’ উপন্যাসৰ কাহিনীত অদৃষ্টবাদৰ ছায়া সুস্পষ্ট।’’ কথাষাৰৰ যথাৰ্থতা বিশ্লেষণ কৰা। 20 

(b) ‘কাৰেঙৰ লিগিৰী’ত কাঞ্চনমতীৰ চৰিত্ৰটি কেনেদৰে চিত্ৰিত কৰা হৈছে? 15 

(c) ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ কোনটো কাহিনীয়ে তোমাক মোহিত কৰিছে আৰু কিয়? 15

 7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঃ 

(a) ‘জীৱনৰ বাটত’ উপন্যাসত পুৰণি আৰু নতুন চিন্তা-ভাবনাৰ বিৰোধ কেনেদৰে প্ৰকাশ কৰা হৈছে, আলোচনা কৰা। 20 

(b) ‘প্রতিমা’ কবিতাটিৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা । 

(c) মনোমতী চৰিত্ৰটি বিশ্লেষণ কৰী। 15 

 ৪. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঃ

(a) ‘পুৰণি অসমীয়া সাহিত্য’ৰ আলমত ‘বৰগীত’ সম্বন্ধে বহলাই আলোচনা কৰা। 20

(b) ‘কাৰেঙৰ লিগিৰী’ৰ সুন্দৰ কৌৱৰৰ মানসিক দ্বন্দ্বৰ বিশ্লেষণ কৰা। 15

(c) ‘সম্ৰাট’ কবিতাটি আধুনিক কবিতাৰ শাৰীত পৰেনে? শব্দচয়ন, ছন্দ আৰু ভাবৰ আধাৰত বিশ্লেষণ কৰা। 15

Post a Comment

0 Comments